--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ পৰা আহি পৰিছে এক হৃদয়বিদাৰক ঘটনা৷বুধবাৰে মহাৰাষ্ট্ৰৰ কল্যাণ আৰু ঠাকুৰলী ৰে’ল ষ্টেচনৰ মাজৰ ৰে’লপথৰ তলৰ উফন্দি উঠা নলাত পৰি পিতৃৰ কোলাৰ পৰা পিছলি পৰিল এটি চাৰি মহীয়া কেঁচুৱা। পিতৃয়ে কেঁচুৱাটোক ধৰি নলাৰ ওপৰৰ দলং এখনত খোজ কাঢ়ি গৈ থকা অৱস্থাত শিশুটি কোলাৰ পৰা পিছলি পৰে।



পিতৃয়ে যাত্ৰা কৰা অম্বৰনাথ স্থানীয় ৰেলখন ট্ৰেকত পানী জমা হোৱাৰ বাবে দুঘণ্টা ধৰি আবদ্ধ হৈ পৰে। কেঁচুৱাটোৰ পিতৃ-মাতৃয়ে দুঘণ্টা অপেক্ষা কৰি নলাৰ ওপৰেৰে এখন সৰু দলং পাৰ হ’বলৈ চেষ্টা কৰে। নলাৰ ওপৰেৰে খোজ কাঢ়ি গৈ থাকোঁতে কেঁচুৱাটো পিতৃৰ কোলাৰ পৰা পিছলি পৰি যায়।

কেঁচুৱাটো বিচাৰি উলিয়াবলৈ ৰে’ল আৰক্ষী আৰু পৌৰসভাৰ বিষয়াসকলে অভিযান চলাইছে।মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেই এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিতান্তই প্ৰয়োজনীয় নোহোৱা পৰ্যন্ত ৰাইজক খোজ নিদিবলৈ আহ্বান জনায়। সকলো উদ্ধাৰকাৰী দল সষ্টম হৈ থকাৰ লগতে আন কোনো অপ্ৰীতিকৰ ঘটনা যাতে সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ কোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস