--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ পৰা আহি পৰিছে এক হৃদয়বিদাৰক ঘটনা৷বুধবাৰে মহাৰাষ্ট্ৰৰ কল্যাণ আৰু ঠাকুৰলী ৰে’ল ষ্টেচনৰ মাজৰ ৰে’লপথৰ তলৰ উফন্দি উঠা নলাত পৰি পিতৃৰ কোলাৰ পৰা পিছলি পৰিল এটি চাৰি মহীয়া কেঁচুৱা। পিতৃয়ে কেঁচুৱাটোক ধৰি নলাৰ ওপৰৰ দলং এখনত খোজ কাঢ়ি গৈ থকা অৱস্থাত শিশুটি কোলাৰ পৰা পিছলি পৰে।



পিতৃয়ে যাত্ৰা কৰা অম্বৰনাথ স্থানীয় ৰেলখন ট্ৰেকত পানী জমা হোৱাৰ বাবে দুঘণ্টা ধৰি আবদ্ধ হৈ পৰে। কেঁচুৱাটোৰ পিতৃ-মাতৃয়ে দুঘণ্টা অপেক্ষা কৰি নলাৰ ওপৰেৰে এখন সৰু দলং পাৰ হ’বলৈ চেষ্টা কৰে। নলাৰ ওপৰেৰে খোজ কাঢ়ি গৈ থাকোঁতে কেঁচুৱাটো পিতৃৰ কোলাৰ পৰা পিছলি পৰি যায়।

কেঁচুৱাটো বিচাৰি উলিয়াবলৈ ৰে’ল আৰক্ষী আৰু পৌৰসভাৰ বিষয়াসকলে অভিযান চলাইছে।মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেই এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিতান্তই প্ৰয়োজনীয় নোহোৱা পৰ্যন্ত ৰাইজক খোজ নিদিবলৈ আহ্বান জনায়। সকলো উদ্ধাৰকাৰী দল সষ্টম হৈ থকাৰ লগতে আন কোনো অপ্ৰীতিকৰ ঘটনা যাতে সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ কোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে