--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএলজিবিটিকিউ(সমকামী) সম্প্ৰদায়ৰ সমৰ্থনত ৰেইনব’ চাৰ্ট পিন্ধাৰ বাবে কাটাৰত আটক কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সাংবাদিক গ্ৰাণ্ট ৱাহলৰ ফিফা বিশ্বকাপৰ বাতৰি সংগ্ৰহৰ সমতে   মৃত্যু ঘটিছে৷ সাংবাদিকগৰাকীৰ  ভাতৃয়ে আজি এই কথা প্ৰকাশ কৰিছে৷শুকুৰবাৰে লুচাইল আইকনিক ষ্টেডিয়ামত আৰ্জেণ্টিনা আৰু নেডাৰলেণ্ডৰ মাজত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেল খেলখনৰ বাতৰি সংগ্ৰহ কৰি থকাৰ সময়তেহঠাতে মৃত্যুক সাৱটি লয়৷  ৪৮ বছৰীয়া গ্ৰাণ্ট হৃদৰোগত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰা হৈছে৷ 

গ্ৰাণ্টৰ ভাতৃ এৰিকে অভিযোগ কৰিছে যে কাটাৰৰ চৰকাৰ গ্ৰাণ্ট ৱাহলৰ মৃত্যুৰ সৈতে  জড়িত থাকিব পাৰে।গ্ৰাণ্টৰ ভাতৃ এৰিকে ইনষ্টাগ্ৰামৰ পোষ্টত কয় "মোৰ নাম এৰিক ৱাহল। মই ৱাশ্বিংটনৰ চিয়েটলত বাস কৰো। মই গ্ৰাণ্ট ৱাহলৰ ভায়েক। মই সমকামী," তেওঁ লগতে কয়  "তেওঁ বিশ্বকাপত ৰেইনব’  চাৰ্ট পিন্ধিছিল । সেইবাবেই তেওঁক হত্যা কৰা হ’ব পাৰে৷মোৰ ভাতৃ স্বাস্থ্যৱান আছিল। তেওঁ মোক কৈছিল যে তেওঁ মৃত্যুৰ ভাবুকি পাইছিল। মই বিশ্বাস নকৰোঁ যে মোৰ ভাতৃৰ কোনো ৰোগত  মৃত্যু হৈছে। মই ভাবো তেওঁক হত্যা কৰা হৈছে।"

উল্লেখ্য বিশ্বকাপৰ আৰম্ভণিতে সাংবাদিক  গ্ৰাণ্টে কৈছিল যে বিশ্বকাপৰ নিৰাপত্তাৰক্ষীয়ে তেওঁক আল ৰায়নৰ আহমেদ বিন আলী ষ্টেডিয়ামত ৱেলছৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰৰ খেল খনত  প্ৰৱেশ কৰিবলৈ দিয়া নাছিল৷  সমকামী লোকসকলৰ সমৰ্থনত তেওঁ পিন্ধা  ৰেইনব’  চাৰ্টটো খুলিবলৈ কোৱা হৈছিল। তেওঁ লগতে  কৈছিল যে ঘটনাটোৰ বিষয়ে টুইট কৰাৰ পিছত  তেওঁৰ ফোনটো জব্দ কৰা  হৈছিল।ইপিনে এই কথা এতিয়াও স্পষ্ট হোৱা নাই  যে গ্ৰাণ্টৰ চিকিৎসালয়ত মৃত্যু হৈছিল নে তাৰ পূৰ্বেই তেওঁৰ মৃত্যু ঘটিছিল।ইউএছ ছকাৰ সংস্থাই এক বিবৃতিত কয়  যে গ্ৰাণ্টৰ মৃত্যুৰখবৰ হৃদয়বিদাৰক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ