--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএলজিবিটিকিউ(সমকামী) সম্প্ৰদায়ৰ সমৰ্থনত ৰেইনব’ চাৰ্ট পিন্ধাৰ বাবে কাটাৰত আটক কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সাংবাদিক গ্ৰাণ্ট ৱাহলৰ ফিফা বিশ্বকাপৰ বাতৰি সংগ্ৰহৰ সমতে   মৃত্যু ঘটিছে৷ সাংবাদিকগৰাকীৰ  ভাতৃয়ে আজি এই কথা প্ৰকাশ কৰিছে৷শুকুৰবাৰে লুচাইল আইকনিক ষ্টেডিয়ামত আৰ্জেণ্টিনা আৰু নেডাৰলেণ্ডৰ মাজত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেল খেলখনৰ বাতৰি সংগ্ৰহ কৰি থকাৰ সময়তেহঠাতে মৃত্যুক সাৱটি লয়৷  ৪৮ বছৰীয়া গ্ৰাণ্ট হৃদৰোগত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰা হৈছে৷ 

গ্ৰাণ্টৰ ভাতৃ এৰিকে অভিযোগ কৰিছে যে কাটাৰৰ চৰকাৰ গ্ৰাণ্ট ৱাহলৰ মৃত্যুৰ সৈতে  জড়িত থাকিব পাৰে।গ্ৰাণ্টৰ ভাতৃ এৰিকে ইনষ্টাগ্ৰামৰ পোষ্টত কয় "মোৰ নাম এৰিক ৱাহল। মই ৱাশ্বিংটনৰ চিয়েটলত বাস কৰো। মই গ্ৰাণ্ট ৱাহলৰ ভায়েক। মই সমকামী," তেওঁ লগতে কয়  "তেওঁ বিশ্বকাপত ৰেইনব’  চাৰ্ট পিন্ধিছিল । সেইবাবেই তেওঁক হত্যা কৰা হ’ব পাৰে৷মোৰ ভাতৃ স্বাস্থ্যৱান আছিল। তেওঁ মোক কৈছিল যে তেওঁ মৃত্যুৰ ভাবুকি পাইছিল। মই বিশ্বাস নকৰোঁ যে মোৰ ভাতৃৰ কোনো ৰোগত  মৃত্যু হৈছে। মই ভাবো তেওঁক হত্যা কৰা হৈছে।"

উল্লেখ্য বিশ্বকাপৰ আৰম্ভণিতে সাংবাদিক  গ্ৰাণ্টে কৈছিল যে বিশ্বকাপৰ নিৰাপত্তাৰক্ষীয়ে তেওঁক আল ৰায়নৰ আহমেদ বিন আলী ষ্টেডিয়ামত ৱেলছৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰৰ খেল খনত  প্ৰৱেশ কৰিবলৈ দিয়া নাছিল৷  সমকামী লোকসকলৰ সমৰ্থনত তেওঁ পিন্ধা  ৰেইনব’  চাৰ্টটো খুলিবলৈ কোৱা হৈছিল। তেওঁ লগতে  কৈছিল যে ঘটনাটোৰ বিষয়ে টুইট কৰাৰ পিছত  তেওঁৰ ফোনটো জব্দ কৰা  হৈছিল।ইপিনে এই কথা এতিয়াও স্পষ্ট হোৱা নাই  যে গ্ৰাণ্টৰ চিকিৎসালয়ত মৃত্যু হৈছিল নে তাৰ পূৰ্বেই তেওঁৰ মৃত্যু ঘটিছিল।ইউএছ ছকাৰ সংস্থাই এক বিবৃতিত কয়  যে গ্ৰাণ্টৰ মৃত্যুৰখবৰ হৃদয়বিদাৰক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক