--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিগত এমাহৰো অধিক দিন ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত অব্যাহত থকা যুদ্ধত কেৱল ধন-জনৰে ক্ষতি হোৱা নাই, ব্যাপকভাৱে ভূলুণ্ঠিত হৈছে মানৱতাও। ৰাছিয়াৰ সৈন্যই এতিয়া ইউক্ৰেইনৰ মহিলা-যুৱতীক বাছি লৈছে আক্ৰোশ পূৰণৰ আহিলা হিচাপে৷ ইউক্ৰেইন দখলৰ চেষ্টাৰে এফালৰ পৰা দেশখন ধ্বংস কৰি অহা ৰুছ সেনা বৰ্বৰতাৰ কাহিনীয়ে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ইউক্ৰেইনৰ এগৰাকী সাংসদ মাৰিয়া মেজেণ্টসেৱাই এক দূৰদৰ্শন সাক্ষাৎকাৰত সদৰি কৰিছিল যে, ফেব্ৰুৱাৰীৰ শেষৰফালে ইউক্ৰেইন আক্ৰমণ আৰম্ভ হোৱাৰ পাছৰে পৰা ৰাছিয়াৰ সৈন্যসকলে মহিলাসকলক ধৰ্ষণ আৰু নিৰ্যাতনৰ লক্ষ্য কৰি লৈছে। অতি বৰ্বৰতাৰে ইউক্ৰেইনৰ এগৰাকী মহিলাৰ স্বামীক ৰুছ সেনাই হত্যা কৰি সন্তানৰ সন্মুখতে তেওঁক ধৰ্ষণ কৰিছিল। ভুক্তভোগী মহিলাগৰাকী কিয়েভৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে৷ মাৰিয়া মেজেণ্টসেৱাই লগতে কয় যে, ৰাছিয়াৰ আক্ৰমণৰ সময়ত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ 'ভয়াৱহতা' সম্পৰ্কে ইউক্ৰেইন মনে মনে নাথাকে। কেৱল এই এটা গোচৰৰ সলনি আৰু বহুতো ভুক্তভোগী আছে যিটো প্ৰচিকিউটৰ জেনেৰেলৰ দ্বাৰা প্ৰকাশ কৰা হৈছে বুলিও তেওঁ কৈছিল। সাংসদগৰাকীয়ে লগতে দাবী কৰিছে যে, ইউক্ৰেইনৰ বিভিন্ন প্ৰান্তত মহিলাসকলৰ ওপৰত নানা নিৰ্যাতন চলাইছে ৰুছ সেনাই৷ এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰো হস্তক্ষেপৰ আহ্বান জনায় মহিলা সাংসদগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক