--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিগত এমাহৰো অধিক দিন ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত অব্যাহত থকা যুদ্ধত কেৱল ধন-জনৰে ক্ষতি হোৱা নাই, ব্যাপকভাৱে ভূলুণ্ঠিত হৈছে মানৱতাও। ৰাছিয়াৰ সৈন্যই এতিয়া ইউক্ৰেইনৰ মহিলা-যুৱতীক বাছি লৈছে আক্ৰোশ পূৰণৰ আহিলা হিচাপে৷ ইউক্ৰেইন দখলৰ চেষ্টাৰে এফালৰ পৰা দেশখন ধ্বংস কৰি অহা ৰুছ সেনা বৰ্বৰতাৰ কাহিনীয়ে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ইউক্ৰেইনৰ এগৰাকী সাংসদ মাৰিয়া মেজেণ্টসেৱাই এক দূৰদৰ্শন সাক্ষাৎকাৰত সদৰি কৰিছিল যে, ফেব্ৰুৱাৰীৰ শেষৰফালে ইউক্ৰেইন আক্ৰমণ আৰম্ভ হোৱাৰ পাছৰে পৰা ৰাছিয়াৰ সৈন্যসকলে মহিলাসকলক ধৰ্ষণ আৰু নিৰ্যাতনৰ লক্ষ্য কৰি লৈছে। অতি বৰ্বৰতাৰে ইউক্ৰেইনৰ এগৰাকী মহিলাৰ স্বামীক ৰুছ সেনাই হত্যা কৰি সন্তানৰ সন্মুখতে তেওঁক ধৰ্ষণ কৰিছিল। ভুক্তভোগী মহিলাগৰাকী কিয়েভৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে৷ মাৰিয়া মেজেণ্টসেৱাই লগতে কয় যে, ৰাছিয়াৰ আক্ৰমণৰ সময়ত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ 'ভয়াৱহতা' সম্পৰ্কে ইউক্ৰেইন মনে মনে নাথাকে। কেৱল এই এটা গোচৰৰ সলনি আৰু বহুতো ভুক্তভোগী আছে যিটো প্ৰচিকিউটৰ জেনেৰেলৰ দ্বাৰা প্ৰকাশ কৰা হৈছে বুলিও তেওঁ কৈছিল। সাংসদগৰাকীয়ে লগতে দাবী কৰিছে যে, ইউক্ৰেইনৰ বিভিন্ন প্ৰান্তত মহিলাসকলৰ ওপৰত নানা নিৰ্যাতন চলাইছে ৰুছ সেনাই৷ এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰো হস্তক্ষেপৰ আহ্বান জনায় মহিলা সাংসদগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে