--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ক্ৰমাৎ ইতি পৰাৰ দিশে অগ্ৰসৰ হৈছে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ! পুটিন-জেলেনস্কীৰ মাজত আলোচনাৰ জৰিয়তে অন্ত পৰিব যুদ্ধৰ। এমাহৰো অধিক সময় ধৰি চলি থকা এই যুদ্ধৰ পাছতো কোনো আশাপ্ৰদ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই ৰাছিয়াই। যুদ্ধৰ সন্মুখীন হৈ ব্যাপক ক্ষতিৰ সন্মুখীন হোৱা ইউক্ৰেইন যিদৰে কোঙা হৈ পৰিছে একেদৰে প্ৰত্যাশিত সাফল্য লাভ কৰিবলৈ অপাৰগ হোৱা ৰাছিয়াৰ সৈন্যও একপ্ৰকাৰ হতাশ হৈ পৰিবলৈ আৰম্ভ কৰা দেখা গৈছে। যুদ্ধই ব্যাপকভাৱে প্ৰভাৱিত কৰা ৰুছ অৰ্থনীতিও এক বোজা হৈ পৰিছে যুদ্ধবাজ দেশখনৰ বাবে। তাৰ মাজতে এতিয়া বহু প্ৰত্যাশিত শুভ সংবাদ লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে।  তুৰস্কত মস্কো আৰু কিয়েভৰ মাজত ষষ্ঠ পৰ্যায়ৰ শান্তি আলোচনাৰ অনুষ্ঠিত হোৱাৰ পাছত ৰাছিয়াই দুয়োখন দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ মাজত এখন বৈঠক অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিয়া বুলি জানিব পৰা গৈছে। চুবুৰীয়া কিন্তু সাত-শতৰুত পৰিণত হোৱা দেশ দুখনৰ মাজত এতিয়ালৈ অনুষ্ঠিত হোৱা বিভিন্ন পৰ্যায়ৰ আলোচনাই ব্যৰ্থতাৰ মুখ দেখাৰ পাছতে এতিয়া পুটিন-জেলেনস্কীৰ প্ৰস্তাৱিত পোনপটীয়া আলোচনা আশাৰ কথা হৈ পৰিছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কীৰ সৈতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ পোনপটীয়াকৈ আলোচনাৰ প্ৰস্তাৱ ৰাছিয়াই দিয়া বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। একে সময়তে, দুয়োখন দেশৰ বিদেশ মন্ত্ৰীয়েও শান্তি স্থাপনৰ চেষ্টা কৰি আছে। ৰাছিয়াৰ পদক্ষেপে শান্তিৰ পথৰ ফালেই দিশ নিৰ্দেশনা দিয়া বুলি প্ৰকাশ পাইছে। ৰাছিয়াৰ উপ-প্ৰতিৰক্ষা মন্ত্ৰীয়ে সদৰি কৰে যে, ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কিয়েভ আৰু চেৰ্নোবিলৰ পৰা বৃহৎ সংখ্যাক সৈন্য অপসাৰণ কৰিছে। এতিয়ালৈকে, ভ্লাডিমিৰ পুটিনে যুদ্ধৰ অন্ত পেলাবলৈ কোনো মনোভাব প্ৰকাশ কৰা নাছিল যদিও শেহতীয়া পৰিস্থিয়ে তেওঁৰ মত সলনি হোৱাৰ ইংগিত দিছে। শেহতীয়া খবৰ অনুসৰি ৰোমান আব্ৰামোভিচ নামৰ এজন শান্তি দূতে জেলেনস্কীৰ পৰা এখন পত্ৰ প্ৰদান কৰি পুটিনক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান জনাইছিল। কিন্তু পুটিনে এই পত্ৰৰ উত্তৰ অতি আক্ৰমণাত্মভাৱে দিয়া দেখা গৈছিল। পুটিনে কৈছিল যে, তেওঁলোকক ক’বা যে মই তেওঁলোকক ধ্বংস কৰি পেলাম। কিন্তু তাৰ পাছতে এতিয়া ৰাছিয়াৰ তৰফৰ পৰা শান্তিৰ প্ৰস্তাৱ অহাটো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। ইফালে, এই যুদ্ধত ৰাছিয়াৰ সামৰিক ক্ষতিৰ পৰিমাণো ক্ৰমাৎ বৃদ্ধি পাইছে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধত আন এজন ৰাছিয়াৰ সেনা বিষয়াই প্ৰাণ হেৰুৱাও বুলি জানিব পৰা গৈছে। ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এইকথা কৈছিল। নিহত ৰাছিয়াৰ সেনা বিষয়াজনক য়াকভ ৰেজাণ্টছেভ বুলি চিনাক্ত কৰা হৈছিল। তেওঁ লেফটেনেণ্ট জেনেৰেল পদবীৰ এজন সেনা বিষয়া আছিল। তেওঁৰ দক্ষিণ ইউক্ৰেইনৰ খেৰচন চহৰত মৃত্যু হয়।।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
ডিজিটেল ভৱিষ্যত গঢ় দিয়াৰ লক্ষ্যৰে ধুবুৰীত AI সন্দৰ্ভত সজাগতা কাৰ্যসূচী
নগাঁও জিলাত বানৰ পানী হ্ৰাস, স্বাভাৱিক হৈছে জনজীৱন
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ