--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ক্ৰমাৎ ইতি পৰাৰ দিশে অগ্ৰসৰ হৈছে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ! পুটিন-জেলেনস্কীৰ মাজত আলোচনাৰ জৰিয়তে অন্ত পৰিব যুদ্ধৰ। এমাহৰো অধিক সময় ধৰি চলি থকা এই যুদ্ধৰ পাছতো কোনো আশাপ্ৰদ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই ৰাছিয়াই। যুদ্ধৰ সন্মুখীন হৈ ব্যাপক ক্ষতিৰ সন্মুখীন হোৱা ইউক্ৰেইন যিদৰে কোঙা হৈ পৰিছে একেদৰে প্ৰত্যাশিত সাফল্য লাভ কৰিবলৈ অপাৰগ হোৱা ৰাছিয়াৰ সৈন্যও একপ্ৰকাৰ হতাশ হৈ পৰিবলৈ আৰম্ভ কৰা দেখা গৈছে। যুদ্ধই ব্যাপকভাৱে প্ৰভাৱিত কৰা ৰুছ অৰ্থনীতিও এক বোজা হৈ পৰিছে যুদ্ধবাজ দেশখনৰ বাবে। তাৰ মাজতে এতিয়া বহু প্ৰত্যাশিত শুভ সংবাদ লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে।  তুৰস্কত মস্কো আৰু কিয়েভৰ মাজত ষষ্ঠ পৰ্যায়ৰ শান্তি আলোচনাৰ অনুষ্ঠিত হোৱাৰ পাছত ৰাছিয়াই দুয়োখন দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ মাজত এখন বৈঠক অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিয়া বুলি জানিব পৰা গৈছে। চুবুৰীয়া কিন্তু সাত-শতৰুত পৰিণত হোৱা দেশ দুখনৰ মাজত এতিয়ালৈ অনুষ্ঠিত হোৱা বিভিন্ন পৰ্যায়ৰ আলোচনাই ব্যৰ্থতাৰ মুখ দেখাৰ পাছতে এতিয়া পুটিন-জেলেনস্কীৰ প্ৰস্তাৱিত পোনপটীয়া আলোচনা আশাৰ কথা হৈ পৰিছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কীৰ সৈতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ পোনপটীয়াকৈ আলোচনাৰ প্ৰস্তাৱ ৰাছিয়াই দিয়া বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। একে সময়তে, দুয়োখন দেশৰ বিদেশ মন্ত্ৰীয়েও শান্তি স্থাপনৰ চেষ্টা কৰি আছে। ৰাছিয়াৰ পদক্ষেপে শান্তিৰ পথৰ ফালেই দিশ নিৰ্দেশনা দিয়া বুলি প্ৰকাশ পাইছে। ৰাছিয়াৰ উপ-প্ৰতিৰক্ষা মন্ত্ৰীয়ে সদৰি কৰে যে, ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কিয়েভ আৰু চেৰ্নোবিলৰ পৰা বৃহৎ সংখ্যাক সৈন্য অপসাৰণ কৰিছে। এতিয়ালৈকে, ভ্লাডিমিৰ পুটিনে যুদ্ধৰ অন্ত পেলাবলৈ কোনো মনোভাব প্ৰকাশ কৰা নাছিল যদিও শেহতীয়া পৰিস্থিয়ে তেওঁৰ মত সলনি হোৱাৰ ইংগিত দিছে। শেহতীয়া খবৰ অনুসৰি ৰোমান আব্ৰামোভিচ নামৰ এজন শান্তি দূতে জেলেনস্কীৰ পৰা এখন পত্ৰ প্ৰদান কৰি পুটিনক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান জনাইছিল। কিন্তু পুটিনে এই পত্ৰৰ উত্তৰ অতি আক্ৰমণাত্মভাৱে দিয়া দেখা গৈছিল। পুটিনে কৈছিল যে, তেওঁলোকক ক’বা যে মই তেওঁলোকক ধ্বংস কৰি পেলাম। কিন্তু তাৰ পাছতে এতিয়া ৰাছিয়াৰ তৰফৰ পৰা শান্তিৰ প্ৰস্তাৱ অহাটো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। ইফালে, এই যুদ্ধত ৰাছিয়াৰ সামৰিক ক্ষতিৰ পৰিমাণো ক্ৰমাৎ বৃদ্ধি পাইছে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধত আন এজন ৰাছিয়াৰ সেনা বিষয়াই প্ৰাণ হেৰুৱাও বুলি জানিব পৰা গৈছে। ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এইকথা কৈছিল। নিহত ৰাছিয়াৰ সেনা বিষয়াজনক য়াকভ ৰেজাণ্টছেভ বুলি চিনাক্ত কৰা হৈছিল। তেওঁ লেফটেনেণ্ট জেনেৰেল পদবীৰ এজন সেনা বিষয়া আছিল। তেওঁৰ দক্ষিণ ইউক্ৰেইনৰ খেৰচন চহৰত মৃত্যু হয়।।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে