--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত ভয়াৱহ হাৰত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধৰ ঘটনা। ধৰ্ষণৰ দৰে ঘৃণনীয় ঘটনাৰ বাতৰি দৈনিক দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পোহৰলৈ আহিছে। এনে ঘৃণনীয় অত্যাচাৰৰ পৰা হাৰি যোৱা নাই নিষ্পাপ শিশুও। শেহতীয়াকৈ এনে নৃশংস কাণ্ডৰ বলি হ'বলগীয়া হৈছে হাৰিয়ানাৰ এটি ছয় বছৰীয়া শিশু। হাৰিয়ানাৰ পানীপথত এটি ছয় বছৰীয়া কন্যা শিশুক এখন উদ্যানত খেলি থকাৰ পৰাই অপহৰণ কৰি নি বলাৎকাৰ কৰি হত্যা কৰিছে এক দুৰ্বৃত্তই। মানৱতাক ভূলুণ্ঠিত কৰা এই নিৰ্লজ্জ কাণ্ড সংঘটিত হৈছিল যোৱা সোমবাৰে।

ঘটনাৰ দিনা ৬ বছৰীয়া কন্যা শিশুটিয়ে ওচৰৰে এখন উদ্যানত নিজৰ ভায়েকৰ সৈতে খেলি আছিল। এনে সময়তে এগৰাকী লোকে কন্যা শিশুটিক উদ্যানৰ পৰা ফুচুলাই অপহৰণ কৰি নিয়ে আৰু কিছু দূৰলৈ নি শিশুটিক ধৰ্ষণ কৰি পিছত বৰ্বৰভাৱে হত্যা কৰে। ইফালে কন্যা শিশুটিৰ ভায়েক অকলে ঘৰলৈ যোৱাৰ পিছত মাক-দেউতাকে বায়েকৰ কথা সোধাত চাৰিবছৰীয়া ভায়েকে এজন লোকে বায়েকক লৈ যোৱা বুলি জানিবলৈ দিয়ে।

এই কথাত সন্দেহ উপজাত পৰিয়ালটো লগে লগে আৰক্ষীৰ কাষ চাপে। তেওঁলোকৰ অভিযোগৰ পিছতে আৰক্ষীয়ে নিখোঁজ শিশুটিৰ সন্ধান চলায়। নিখোঁজ হোৱাৰ পূৰ্বে শিশু দুটিয়ে খেলি থকা উদ্যানখনৰ কাষতে থকা কাৰখানাৰ চিচিটিভি কেমেৰাৰ ফুটেজ আৰক্ষীয়ে পৰীক্ষা কৰে। ফুটেজত আৰক্ষীয়ে কন্যা শিশুটিক এগৰাকী ব্যক্তিয়ে লৈ যোৱা দেখিবলৈ পায়।

চিচিটিভি ফুটেজৰ আধাৰতে আৰক্ষীয়ে শিশুটিক লৈ যোৱা ব্যক্তিগৰাকীৰ সন্ধান চলায় আৰু সোমবাৰে সন্ধিয়া পানীপথৰ চেক্টৰ ২৫-ৰ জিমখানা ক্লাবৰ ওচৰত অভিযুক্ত ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰে। অভিযুক্ত ব্যক্তিগৰাকীক উত্তৰাখণ্ডৰ ঈশ্বৰ বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে ইশ্বৰে পানীপথৰে এখন হোটেলত কাম কৰে। প্ৰাথমিক সোধা-পোছাৰ পিছত অভিযুক্ত ইশ্বৰে বিস্কুট দেখুৱাই শিশুটিক প্ৰলোভিত কৰিছিল বুলি আৰক্ষীৰ আগত উল্লেখ কৰে।

আৰক্ষীয়ে ইশ্বৰে দিয়া ভাষ্যৰ উদ্ধৃতি দি কয় যে অপহৰণ কৰি নিয়াৰ পাছতে ইশ্বৰে শিশুটিক উদ্যানখনৰ কিছু নিলগত থকা এক নিৰ্জন ঠাই নি ধৰ্ষণ কৰে আৰু ডিঙি চেঁপি হত্যা কৰি শৰীৰটো এটা নলাৰ ওচৰত পেলাই তাৰ পৰা পলাই যায়। ইফালে শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছত আৰক্ষীয়ে পানীপথত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু পিছত মৃতদেহটো পৰিয়ালৰ হাতত গতাই দিয়ে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে যৌন নিৰ্যাতনৰ পিছত শিশুটোক ডিঙি চেঁপি হত্যা কৰা হৈছিল বুলি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। অভিযুক্ত ইশ্বৰৰ বিৰুদ্ধে আইপিচিৰ প্ৰাসংগিক ধাৰাৰ লগতে আৰু পকচো আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। মঙলবাৰে পানীপথৰ এখন আদালতে ইশ্বৰক এদিনীয়া আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু