--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত ভয়াৱহ হাৰত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধৰ ঘটনা। ধৰ্ষণৰ দৰে ঘৃণনীয় ঘটনাৰ বাতৰি দৈনিক দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পোহৰলৈ আহিছে। এনে ঘৃণনীয় অত্যাচাৰৰ পৰা হাৰি যোৱা নাই নিষ্পাপ শিশুও। শেহতীয়াকৈ এনে নৃশংস কাণ্ডৰ বলি হ'বলগীয়া হৈছে হাৰিয়ানাৰ এটি ছয় বছৰীয়া শিশু। হাৰিয়ানাৰ পানীপথত এটি ছয় বছৰীয়া কন্যা শিশুক এখন উদ্যানত খেলি থকাৰ পৰাই অপহৰণ কৰি নি বলাৎকাৰ কৰি হত্যা কৰিছে এক দুৰ্বৃত্তই। মানৱতাক ভূলুণ্ঠিত কৰা এই নিৰ্লজ্জ কাণ্ড সংঘটিত হৈছিল যোৱা সোমবাৰে।

ঘটনাৰ দিনা ৬ বছৰীয়া কন্যা শিশুটিয়ে ওচৰৰে এখন উদ্যানত নিজৰ ভায়েকৰ সৈতে খেলি আছিল। এনে সময়তে এগৰাকী লোকে কন্যা শিশুটিক উদ্যানৰ পৰা ফুচুলাই অপহৰণ কৰি নিয়ে আৰু কিছু দূৰলৈ নি শিশুটিক ধৰ্ষণ কৰি পিছত বৰ্বৰভাৱে হত্যা কৰে। ইফালে কন্যা শিশুটিৰ ভায়েক অকলে ঘৰলৈ যোৱাৰ পিছত মাক-দেউতাকে বায়েকৰ কথা সোধাত চাৰিবছৰীয়া ভায়েকে এজন লোকে বায়েকক লৈ যোৱা বুলি জানিবলৈ দিয়ে।

এই কথাত সন্দেহ উপজাত পৰিয়ালটো লগে লগে আৰক্ষীৰ কাষ চাপে। তেওঁলোকৰ অভিযোগৰ পিছতে আৰক্ষীয়ে নিখোঁজ শিশুটিৰ সন্ধান চলায়। নিখোঁজ হোৱাৰ পূৰ্বে শিশু দুটিয়ে খেলি থকা উদ্যানখনৰ কাষতে থকা কাৰখানাৰ চিচিটিভি কেমেৰাৰ ফুটেজ আৰক্ষীয়ে পৰীক্ষা কৰে। ফুটেজত আৰক্ষীয়ে কন্যা শিশুটিক এগৰাকী ব্যক্তিয়ে লৈ যোৱা দেখিবলৈ পায়।

চিচিটিভি ফুটেজৰ আধাৰতে আৰক্ষীয়ে শিশুটিক লৈ যোৱা ব্যক্তিগৰাকীৰ সন্ধান চলায় আৰু সোমবাৰে সন্ধিয়া পানীপথৰ চেক্টৰ ২৫-ৰ জিমখানা ক্লাবৰ ওচৰত অভিযুক্ত ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰে। অভিযুক্ত ব্যক্তিগৰাকীক উত্তৰাখণ্ডৰ ঈশ্বৰ বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে ইশ্বৰে পানীপথৰে এখন হোটেলত কাম কৰে। প্ৰাথমিক সোধা-পোছাৰ পিছত অভিযুক্ত ইশ্বৰে বিস্কুট দেখুৱাই শিশুটিক প্ৰলোভিত কৰিছিল বুলি আৰক্ষীৰ আগত উল্লেখ কৰে।

আৰক্ষীয়ে ইশ্বৰে দিয়া ভাষ্যৰ উদ্ধৃতি দি কয় যে অপহৰণ কৰি নিয়াৰ পাছতে ইশ্বৰে শিশুটিক উদ্যানখনৰ কিছু নিলগত থকা এক নিৰ্জন ঠাই নি ধৰ্ষণ কৰে আৰু ডিঙি চেঁপি হত্যা কৰি শৰীৰটো এটা নলাৰ ওচৰত পেলাই তাৰ পৰা পলাই যায়। ইফালে শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছত আৰক্ষীয়ে পানীপথত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু পিছত মৃতদেহটো পৰিয়ালৰ হাতত গতাই দিয়ে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে যৌন নিৰ্যাতনৰ পিছত শিশুটোক ডিঙি চেঁপি হত্যা কৰা হৈছিল বুলি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। অভিযুক্ত ইশ্বৰৰ বিৰুদ্ধে আইপিচিৰ প্ৰাসংগিক ধাৰাৰ লগতে আৰু পকচো আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। মঙলবাৰে পানীপথৰ এখন আদালতে ইশ্বৰক এদিনীয়া আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ