--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জম্মু-কাশ্মীৰত চলি থকা নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষৰ সমসাময়িকভাৱে জম্মুৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত এজন কাৰাবন্দী পাকিস্তানী সন্ত্ৰাসবাদীক ভাৰতীয়ে সেনাই গুলীয়াই হত্যা কৰে। মৃত সন্ত্ৰাসবাদীগৰাকী পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সৈতে জড়িত আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে। নিহত সন্ত্ৰাসবাদী গৰাকীৰ নাম মহম্মদ আলী হুছেইন বুলি আৰক্ষীয়ে লগতে সদৰী কৰিছে।

জম্মু আৰক্ষীৰ এগৰাকী জেষ্ঠ বিষয়াই জানিবলৈ দিয়া মতে হুছেইনে এজন আৰক্ষীৰ পৰা ৰাইফল কাঢ়ি পলাই যাবলৈ চেষ্টা কৰিছিল। সেয়েহে তেওঁক ৰখোৱাৰ উদ্দেশ্যে কৰা গুলীচালনাত হুছেইনৰ মৃত্যু হয়। গুলীচালনাত এজন আৰক্ষীও আঘাতপ্ৰাপ্ত হয় আৰু তেওঁক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰা হয় বুলিও আৰক্ষী বিষয়া গৰাকীয়ে লগতে উল্লেখ কৰে।

উল্লেখ্য যে মহম্মদ আলী হুছেইন নামৰ এই সন্ত্ৰাসবাদীজনক কেইবা বছৰ ধৰি জম্মুৰ কোট বলৱাল কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল। আৰক্ষীয়ে উল্লেখ কৰা মতে হুছেইনে কাৰাগাৰৰ পৰাই ড্ৰোনৰ পৰা নিক্ষেপ কৰা অস্ত্ৰ চম্ভালিছিল।

জম্মু অঞ্চলৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সিঙৰ মন্তব্য অনুসৰি পাকিস্তানী বন্দীগৰাকীয়ে ড্ৰোন পৰিচালনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। হুছেইন লস্কৰ-ই-তৈবা আৰু আল-বদৰ সন্ত্ৰাসবাদী গোটৰ মুখ্য কাৰ্যবাহী পদত আছে বুলিও মোকেশ সিঙে লগতে কয়।

ঘটনাটোৰ পাছতে পৰিস্থিতিৰ বুজ লোৱাৰ বাবে আৰক্ষীৰ এটা দলে সংশ্লিষ্ট দণ্ডাধীশৰ সৈতে ঘটনাস্থলীত উপস্থিত গৈছিল। ইফালে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰতে থকা ফালিয়ান মণ্ডল অঞ্চলৰ টফ গাঁও এলেকাৰ পৰা হুছেইনৰ সৈতে সম্পৰ্কিত এটা ৰাইফল, গোলাবাৰুদ আৰু বিস্ফোৰকৰ পেকেট উদ্ধাৰ কৰা হৈছে বুলি অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সিঙে জানিবলৈ দিছে।

হুছেইনে প্ৰথমে কাৰাগাৰত আৰক্ষী দলৰ ওপৰত গুলী চালনা কৰিছিল আৰু ঘটনাস্থলীৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছিল। ইয়াৰ পাছতে আৰক্ষীয়ে প্ৰতি আক্ৰমণ কৰে আৰু এই আক্ৰমণত সন্ত্ৰাসবাদী গৰাকীৰ গাত গুলী লাগি ঠিতাতে মৃত্যুৰ মুখত পৰে বুলি জম্মু আৰক্ষীয়ে জানিবলৈ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু