--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জম্মু-কাশ্মীৰত চলি থকা নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষৰ সমসাময়িকভাৱে জম্মুৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত এজন কাৰাবন্দী পাকিস্তানী সন্ত্ৰাসবাদীক ভাৰতীয়ে সেনাই গুলীয়াই হত্যা কৰে। মৃত সন্ত্ৰাসবাদীগৰাকী পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সৈতে জড়িত আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে। নিহত সন্ত্ৰাসবাদী গৰাকীৰ নাম মহম্মদ আলী হুছেইন বুলি আৰক্ষীয়ে লগতে সদৰী কৰিছে।

জম্মু আৰক্ষীৰ এগৰাকী জেষ্ঠ বিষয়াই জানিবলৈ দিয়া মতে হুছেইনে এজন আৰক্ষীৰ পৰা ৰাইফল কাঢ়ি পলাই যাবলৈ চেষ্টা কৰিছিল। সেয়েহে তেওঁক ৰখোৱাৰ উদ্দেশ্যে কৰা গুলীচালনাত হুছেইনৰ মৃত্যু হয়। গুলীচালনাত এজন আৰক্ষীও আঘাতপ্ৰাপ্ত হয় আৰু তেওঁক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰা হয় বুলিও আৰক্ষী বিষয়া গৰাকীয়ে লগতে উল্লেখ কৰে।

উল্লেখ্য যে মহম্মদ আলী হুছেইন নামৰ এই সন্ত্ৰাসবাদীজনক কেইবা বছৰ ধৰি জম্মুৰ কোট বলৱাল কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল। আৰক্ষীয়ে উল্লেখ কৰা মতে হুছেইনে কাৰাগাৰৰ পৰাই ড্ৰোনৰ পৰা নিক্ষেপ কৰা অস্ত্ৰ চম্ভালিছিল।

জম্মু অঞ্চলৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সিঙৰ মন্তব্য অনুসৰি পাকিস্তানী বন্দীগৰাকীয়ে ড্ৰোন পৰিচালনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। হুছেইন লস্কৰ-ই-তৈবা আৰু আল-বদৰ সন্ত্ৰাসবাদী গোটৰ মুখ্য কাৰ্যবাহী পদত আছে বুলিও মোকেশ সিঙে লগতে কয়।

ঘটনাটোৰ পাছতে পৰিস্থিতিৰ বুজ লোৱাৰ বাবে আৰক্ষীৰ এটা দলে সংশ্লিষ্ট দণ্ডাধীশৰ সৈতে ঘটনাস্থলীত উপস্থিত গৈছিল। ইফালে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰতে থকা ফালিয়ান মণ্ডল অঞ্চলৰ টফ গাঁও এলেকাৰ পৰা হুছেইনৰ সৈতে সম্পৰ্কিত এটা ৰাইফল, গোলাবাৰুদ আৰু বিস্ফোৰকৰ পেকেট উদ্ধাৰ কৰা হৈছে বুলি অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সিঙে জানিবলৈ দিছে।

হুছেইনে প্ৰথমে কাৰাগাৰত আৰক্ষী দলৰ ওপৰত গুলী চালনা কৰিছিল আৰু ঘটনাস্থলীৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছিল। ইয়াৰ পাছতে আৰক্ষীয়ে প্ৰতি আক্ৰমণ কৰে আৰু এই আক্ৰমণত সন্ত্ৰাসবাদী গৰাকীৰ গাত গুলী লাগি ঠিতাতে মৃত্যুৰ মুখত পৰে বুলি জম্মু আৰক্ষীয়ে জানিবলৈ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ