--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :

কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় সুৰক্ষা পৰামৰ্শদাতা অজিত দোভালৰ সুৰক্ষাত নিয়োজিত তিনিজন কামাণ্ডক বৰ্খাস্ত কৰিছে বুলি জানিব পৰা গৈছে। এই জোৱান কেইজন কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বলৰ জোৱান আছিল৷ এই বছৰৰ ফেব্ৰুৱাৰীত সংঘটিত সুৰক্ষা উলংঘনৰ ঘটনাৰ বাবে উক্ত জোৱান কেইজনক বৰ্খাস্ত কৰা হৈছে৷ 

জানিব পৰা মতে, চৰকাৰে এন এছ এ দোভালৰ ভি আই পি সুৰক্ষাত নিয়োজিত এজন অতিৰিক্ত আৰক্ষী নিৰীক্ষককো স্থানান্তৰিত কৰিছে৷ 

প্ৰাপ্ত তথ্য অনুসৰি ,যোৱা ফেব্ৰুৱাৰী মাহত অজিত দোভালৰ আৱাসৰ পৰিসৰত কোনো ব্যক্তিয়ে অনুমতি অবিহনেই প্ৰৱেশৰ চেষ্টা চলাইছিল৷ লগতে সুৰক্ষা ব্যৱস্থা উলংঘন কৰিছে বুলিও পোহৰলৈ আহিছে৷ সেই ব্যক্তিজন সুৰক্ষা কৰ্মীয়ে বাধা প্ৰদান কৰে আৰু দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ গ্ৰেপ্তাৰ হোৱা ব্যক্তিজন এখন গাড়ী চলাই আহিছিল বুলিও জানিব পৰা গৈছে৷


সেই গাড়ীখন সম্পৰ্কে অনুসন্ধান চলোৱা হৈছে আৰু ব্যক্তিজনক আটক কৰা হৈছে৷ ব্যক্তিজনক আটক কৰে কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বলৰ জোৱান কেইজনমানে৷ 

এই ব্যক্তিজন বাংগালোৰৰ শান্তনু ৰেড্ডী বুলি চিনাক্ত কৰা হৈছে৷ ব্যক্তিজনক  ইতিমধ্যে মানসিক বিকাৰগ্ৰস্ত বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়া হৈছে৷ এই ব্যক্তিজনে নয়দাৰ পৰা উক্ত গাড়ীখন ভাড়া কৰি আনিছিল৷ এই ঘটনা সংঘটিত হোৱাৰ সময়ত দোভাল ঘৰতে আছিল বুলিও জানিব পৰা গৈছে৷  


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ