--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :

কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় সুৰক্ষা পৰামৰ্শদাতা অজিত দোভালৰ সুৰক্ষাত নিয়োজিত তিনিজন কামাণ্ডক বৰ্খাস্ত কৰিছে বুলি জানিব পৰা গৈছে। এই জোৱান কেইজন কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বলৰ জোৱান আছিল৷ এই বছৰৰ ফেব্ৰুৱাৰীত সংঘটিত সুৰক্ষা উলংঘনৰ ঘটনাৰ বাবে উক্ত জোৱান কেইজনক বৰ্খাস্ত কৰা হৈছে৷ 

জানিব পৰা মতে, চৰকাৰে এন এছ এ দোভালৰ ভি আই পি সুৰক্ষাত নিয়োজিত এজন অতিৰিক্ত আৰক্ষী নিৰীক্ষককো স্থানান্তৰিত কৰিছে৷ 

প্ৰাপ্ত তথ্য অনুসৰি ,যোৱা ফেব্ৰুৱাৰী মাহত অজিত দোভালৰ আৱাসৰ পৰিসৰত কোনো ব্যক্তিয়ে অনুমতি অবিহনেই প্ৰৱেশৰ চেষ্টা চলাইছিল৷ লগতে সুৰক্ষা ব্যৱস্থা উলংঘন কৰিছে বুলিও পোহৰলৈ আহিছে৷ সেই ব্যক্তিজন সুৰক্ষা কৰ্মীয়ে বাধা প্ৰদান কৰে আৰু দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ গ্ৰেপ্তাৰ হোৱা ব্যক্তিজন এখন গাড়ী চলাই আহিছিল বুলিও জানিব পৰা গৈছে৷


সেই গাড়ীখন সম্পৰ্কে অনুসন্ধান চলোৱা হৈছে আৰু ব্যক্তিজনক আটক কৰা হৈছে৷ ব্যক্তিজনক আটক কৰে কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বলৰ জোৱান কেইজনমানে৷ 

এই ব্যক্তিজন বাংগালোৰৰ শান্তনু ৰেড্ডী বুলি চিনাক্ত কৰা হৈছে৷ ব্যক্তিজনক  ইতিমধ্যে মানসিক বিকাৰগ্ৰস্ত বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়া হৈছে৷ এই ব্যক্তিজনে নয়দাৰ পৰা উক্ত গাড়ীখন ভাড়া কৰি আনিছিল৷ এই ঘটনা সংঘটিত হোৱাৰ সময়ত দোভাল ঘৰতে আছিল বুলিও জানিব পৰা গৈছে৷  


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু