--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছিংগাপুৰৰ মডেল তথা ফটোগ্ৰাফাৰ ৫৬ বছৰীয়া চুৱাণ্ডো টানে 
(Chuando Tan)  নিজৰ চেহেৰাৰে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে। ১৯৬৬ চনত জন্মগ্ৰহণ কৰা চুৱাণ্ডো টানৰ বয়স ৫৬ বছৰ যদিও তেওঁ নিজৰ শৰীৰটো এনেদৰে গঢ়ি তুলিছে যে তেওঁৰ বয়স মানি ল’বলৈ কোনো সাজু নহয়। তেওঁক দেখাত ৫৬ বছৰৰ সলনি ২৫ বছৰীয়া যুৱক যেন লাগে। ১৯৮০ চনত মডেল হিচাপে কাম কৰিছিল চুৱাণ্ডো টানে। ৯০ দশকত তেওঁ পপ গায়কো আছিল। গায়ক জীৱনৰ পাছত চুৱাণ্ডো টানে ফটোগ্ৰাফী কৰাৰ সিদ্ধান্ত লয়।
How a Man That Looks 20 at 50 Lives and What His Diet Is Like
২০১৭ চনত তেওঁ প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছিল যেতিয়া চীনৰ এটা সংবাদ সংস্থাই চুৱাণ্ডোৰ ওপৰত এটা বাতৰি প্ৰকাশ কৰিছিল। ২০১৯ চনত ‘প্ৰিচিয়াছ ইজ দ্য নাইট’ ছবিৰে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল চুৱাণ্ডো টানে। 

বৰ্তমান টানৰ ইনষ্টাগ্ৰামত ১২ লাখ ফ’ল’ৱাৰ আছে আৰু এতিয়ালৈকে তেওঁ ৬০০ৰো অধিক পোষ্ট কৰিছে। টানৰ মতে তেওঁৰ শৰীৰৰ গঠন ৭০ শতাংশ খাদ্যৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে, আনহাতে মাত্ৰ ৩০ শতাংশহে ব্যায়ামৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। তেওঁ ব্ৰেকফাষ্টত মাত্ৰ ২টা কুহুমৰ সৈতে ৬টা সিজোৱা কণী খায়। এগিলাচ গাখীৰ খায় আৰু কেতিয়াবা ব্ৰেকফাষ্টত জামুৰ সৈতে এভোকেডো খায়।
52-Year-Old ChuanDo Tan sets internet on fire | Photogallery - ETimes
দিনটো আৰম্ভ কৰিবলৈ তেওঁ ভাল পৰিমাণৰ প্ৰটিন গ্ৰহণ কৰে। কণীৰ বাহিৰেও তেওঁ দিনত কুকুৰা, গ্ৰীল কৰা শাক-পাচলি আৰু ভাতৰ লগত মাছৰ জোল খায়। ছুৱাণ্ডো টানে স্বীকাৰ কৰে যে আইচক্ৰীম তেওঁৰ দুৰ্বলতা আৰু সেয়েহে তেওঁ মাজে মাজে খায় কিন্তু দিনটোৰ প্ৰথম অংশতহে খায়। কফি আৰু চাহ পৰিহাৰ কৰে যদিও পানী যথেষ্ট পৰিমাণে খায়। চুৱাণ্ডো টানে ধূমপান নকৰে আৰু মদো স্পৰ্শ নকৰে। 

মদ-চিগাৰেট নোখোৱা বাবেও তেওঁ এতিয়াও যুৱকৰ দৰে হৈ থাকিব পাৰিছে বুলি জনায় চুৱাণ্ডো টানে। ৰাতিৰ আহাৰত তেওঁ সতেজ সেউজীয়াৰে তৈয়াৰী চালাড খায়। সেউজীয়া চালাড খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি কয় চুৱাণ্ডো টানে। তেওঁ লগতে যে সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হৈ থাকিবলৈ হ'লে স্বাস্থ্যসন্মত খাদ্য খোৱাৰ লগতে ব্যায়াম আৰু খোজ কঢ়াটো প্ৰয়োজনীয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী