--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টুইটাৰৰ অফিচত শোৱাঘৰ সাজিছে এলন মাস্কে। টুইটাৰৰ কৰ্মচাৰীসকলৰ বাবেই এই পদক্ষেপ হাতত লৈছে মাস্কে।

উল্লেখযোগ্য যে টুইটাৰ ক্ৰয়ৰ পাছতে বিভিন্ন ধৰণৰ সিদ্ধান্ত লৈ আহিছে এলন মাস্কে। কেতিয়াবা যদি কৰ্মচাৰী সংকোচন, আন কেতিয়াবা দৈনিক কামৰ সময় বঢ়োওৱা- এইসমূহক লৈ বিতৰ্কও সূচনা হৈ আহিছে।

এইবাৰ তাৰ স’তে যুক্ত হ’ল বিছনা! সোমবাৰে টুইটাৰৰ চান ফ্ৰান্সিচক’স্থিত অফিচত কৰ্মীসকলে দেখে যে অফিচলৈ বহুতো শোৱাকোঠাৰ সামগ্ৰী অনা হৈছে। অনা হৈছে গাৰু, বিচনা চাদৰ, পৰ্দা। তাৰপাছতে তেওঁলোকে বুজিব পাৰে যে অফিচত তেওঁলোকৰ বাবে বিচনাও সাজু কৰা হ’ব।

উল্লেখ্য যে কিছুদিন পূৰ্বে এগৰাকী টুইটাৰ কৰ্মীয়ে জনাইছিল যে অফিচত কামৰ চাপ বাঢ়িছে। ফলস্বৰূপে ঘৰলৈ ঘূৰাৰ সময়ৰ অভাৱ হৈছে। সেইবাবে অফিচতে শুবলৈ এটা শ্লিপিং বেগ তেওঁ লৈ আহিছে। অফিচৰ মেজতে সেই বেগটো পাৰি শুব লগা হৈছে।

এতিয়া যাতে অফিচত কৰ্মীসকলক আৰু অধিক ৰাখিব পাৰি, সেই লক্ষ্য লৈয়ে এই শোৱাঘৰ সজাৰ উদ্যোগ কৰা হৈছে বুলি ভাবিছে কৰ্মীসকলে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
নাটোৰ ভাবুকিৰ মাজতে ৰাছিয়া-ভাৰত-চীনৰ ত্রিদেশীয় জোঁট পুনৰুজ্জীৱিতকৰণৰ প্ৰচেষ্টা
আমেৰিকাৰ অধিকাংশ প্রাপ্তবয়স্ক লোকক উপকৃত কৰা নাই ট্রাম্পৰ নীতিয়ে
ATMৰ পৰা পইছা উলিওৱাৰ সময়ত আপুনি কৰে নেকি এইকেইটা কাম ? যদি কৰে পৰিব আপোনাৰ ভয়ংকৰ বিপদ
বিমান উৰণৰ পূৰ্বে পায়লটে ব্যৱহাৰ কৰিব নোৱাৰে এইকেইটা বস্তু ; জানো আহক কি এই বিশেষ বস্তু...
দিল্লীৰ ২০খন বিদ্যালয়ত বোমাৰ ভাবুকি, তৎপৰতাৰে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত
আপুনি চাহ ভাল পাই নে ? যদি ভাল পাই তেন্তে জীৱনত এবাৰ হ'লেও চাই আহক এইসমূহ ঠাই
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে