--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমেৰিকাৰ ওহাইঅ’ৰ বাসিন্দা জুন মেলিকট আৰু হুবাৰ্ট মেলিকটৰ প্ৰথম সাক্ষৎ হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত। তাৰ পাছত প্ৰেম, বিবাহ। ইয়াৰ পাছত তেওঁলোকে ৭৯ বছৰ একেলগে কটায়। জীৱনৰ প্ৰতিটো সুখ-দুখৰ মুহূৰ্ততে তেওঁলোক ইজনে-সিজনৰ কাষত আছিল। মৃত্যুৱেও সেই বান্ধোন ভাঙিব নোৱাৰিলে। মৃত্যুৰ সময়তো এশ বছৰীয়া দম্পতীহালে ইজনে-সিজনৰ সংগ এৰা নাছিল। বিগত ৩০ নৱেম্বৰত হৃদযন্ত্ৰৰ বিকলতাৰ বাবে হুবাৰ্টৰ মৃত্যু হয় আৰু মাত্ৰ কেইঘণ্টামানৰ পাছত জুনেও শেষ নিশ্বাস ত্যাগ কৰে।

 দম্পতীহালৰ স্মৃতিত যোৱা ৬ ডিচেম্বৰত পৰিয়ালটোৱে এক স্মৃতিচাৰণ সভা আয়োজন কৰে। তাত পুত্ৰ ছেমে ক’লে যে তেওঁলোকে খুব কষ্টৰে কয় যে তেওঁলোকৰ পিতৃ-মাতৃয়ে ইজনে-সিজনৰ অবিহনে জীয়াই থাকিব নোৱাৰিলে। জুন আৰু হুবাৰ্টৰ পৰিয়ালে কয় যে তেওঁলোকে প্ৰথম লগ পাইছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত। ফেচীবাদৰ পতনৰ পৰা ভিয়েটনাম যুদ্ধলৈকে বৰ্তমানৰ ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতলৈকে দুয়োজনে নিজৰ চকুৰে এই সকলোবোৰ প্ৰত্যক্ষ কৰিছিল। এই বছৰ তেওঁলোকৰ পিতৃ-মাতৃয়ে ৭৯টা বৰ্ষ সম্পূৰ্ণ কৰে।

 ১৯২২ চনৰ ১৩ জুলাইত জুন আৰু একে মাহৰ ২৩ তাৰিখে হুবাৰ্টৰ জন্ম হয়। ১৯৪১ চনত প্ৰথমবাৰৰ বাবে দুয়োৰে লগ হৈছিল ইয়েটন ৰোড চাৰ্চত। দুয়ো নিজৰ বন্ধুৰ লগত আইচক্ৰীম খাবলৈ যোৱাৰ সময়তে ইজনে-সিজনৰ লগত সাক্ষাৎ হৈছিল। ইয়াৰ পাছৰে পৰা দম্পতীহালৰ কেতিয়াও বিচ্ছেদ হোৱা নাছিল। ১৯৪২ চনত দ্বিতীয় বিশ্বযুদ্ধত যুঁজিবলৈ হুবাৰ্টে নৌসেনাত যোগদান কৰে। দুয়োজনে মৌলিক প্ৰশিক্ষণ সম্পূৰ্ণ কৰি যুদ্ধলৈ যোৱাৰ আগতে বিয়া হোৱাৰ সিদ্ধান্ত লয়। ১৯৪৩ চনত চাৰিখন হাত এক হৈ পৰিল।

 জুন আৰু হুবাৰ্টৰ তিনিটা সন্তান আছে। তিনিজন পুত্ৰ-কন্যাৰ ঘৰত মুঠ সাতজন নাতি-নাতিনী। নাতি-নাতিনীৰ মুঠ ১১টা সন্তান। এইবাৰ দুয়োৰে শতবাৰ্ষিকী উদযাপন কৰা হয় অতি ধুমধামেৰে। তাত দম্পতীহালে কয় যে দুয়ো একেলগে ভালে আৰু সুখৰে আছে। কিন্তু কিছুদিন পূৰ্বে জুন গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল। চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়াও হৈছিল। ২৫ নৱেম্বৰত হুবাৰ্টে নিজৰ অসুস্থ পত্নীক লগ কৰিবলৈ চিকিৎসালয়লৈ গৈছিল আৰু তেওঁ চিকিৎসালয়তে অসুস্থ হৈ পৰে। দুয়োকে একেটা কোঠাতে ৰখা হয়। ৩০ নৱেম্বৰত হৃদযন্ত্ৰৰ সমস্যাত আক্ৰান্ত হৈ হুবাৰ্টৰ মৃত্যু হয়। আৰু ২০ ঘণ্টাৰ পাছত জুন মেলিকট মৃত্যু হয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী