--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমেৰিকাৰ ওহাইঅ’ৰ বাসিন্দা জুন মেলিকট আৰু হুবাৰ্ট মেলিকটৰ প্ৰথম সাক্ষৎ হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত। তাৰ পাছত প্ৰেম, বিবাহ। ইয়াৰ পাছত তেওঁলোকে ৭৯ বছৰ একেলগে কটায়। জীৱনৰ প্ৰতিটো সুখ-দুখৰ মুহূৰ্ততে তেওঁলোক ইজনে-সিজনৰ কাষত আছিল। মৃত্যুৱেও সেই বান্ধোন ভাঙিব নোৱাৰিলে। মৃত্যুৰ সময়তো এশ বছৰীয়া দম্পতীহালে ইজনে-সিজনৰ সংগ এৰা নাছিল। বিগত ৩০ নৱেম্বৰত হৃদযন্ত্ৰৰ বিকলতাৰ বাবে হুবাৰ্টৰ মৃত্যু হয় আৰু মাত্ৰ কেইঘণ্টামানৰ পাছত জুনেও শেষ নিশ্বাস ত্যাগ কৰে।

 দম্পতীহালৰ স্মৃতিত যোৱা ৬ ডিচেম্বৰত পৰিয়ালটোৱে এক স্মৃতিচাৰণ সভা আয়োজন কৰে। তাত পুত্ৰ ছেমে ক’লে যে তেওঁলোকে খুব কষ্টৰে কয় যে তেওঁলোকৰ পিতৃ-মাতৃয়ে ইজনে-সিজনৰ অবিহনে জীয়াই থাকিব নোৱাৰিলে। জুন আৰু হুবাৰ্টৰ পৰিয়ালে কয় যে তেওঁলোকে প্ৰথম লগ পাইছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত। ফেচীবাদৰ পতনৰ পৰা ভিয়েটনাম যুদ্ধলৈকে বৰ্তমানৰ ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতলৈকে দুয়োজনে নিজৰ চকুৰে এই সকলোবোৰ প্ৰত্যক্ষ কৰিছিল। এই বছৰ তেওঁলোকৰ পিতৃ-মাতৃয়ে ৭৯টা বৰ্ষ সম্পূৰ্ণ কৰে।

 ১৯২২ চনৰ ১৩ জুলাইত জুন আৰু একে মাহৰ ২৩ তাৰিখে হুবাৰ্টৰ জন্ম হয়। ১৯৪১ চনত প্ৰথমবাৰৰ বাবে দুয়োৰে লগ হৈছিল ইয়েটন ৰোড চাৰ্চত। দুয়ো নিজৰ বন্ধুৰ লগত আইচক্ৰীম খাবলৈ যোৱাৰ সময়তে ইজনে-সিজনৰ লগত সাক্ষাৎ হৈছিল। ইয়াৰ পাছৰে পৰা দম্পতীহালৰ কেতিয়াও বিচ্ছেদ হোৱা নাছিল। ১৯৪২ চনত দ্বিতীয় বিশ্বযুদ্ধত যুঁজিবলৈ হুবাৰ্টে নৌসেনাত যোগদান কৰে। দুয়োজনে মৌলিক প্ৰশিক্ষণ সম্পূৰ্ণ কৰি যুদ্ধলৈ যোৱাৰ আগতে বিয়া হোৱাৰ সিদ্ধান্ত লয়। ১৯৪৩ চনত চাৰিখন হাত এক হৈ পৰিল।

 জুন আৰু হুবাৰ্টৰ তিনিটা সন্তান আছে। তিনিজন পুত্ৰ-কন্যাৰ ঘৰত মুঠ সাতজন নাতি-নাতিনী। নাতি-নাতিনীৰ মুঠ ১১টা সন্তান। এইবাৰ দুয়োৰে শতবাৰ্ষিকী উদযাপন কৰা হয় অতি ধুমধামেৰে। তাত দম্পতীহালে কয় যে দুয়ো একেলগে ভালে আৰু সুখৰে আছে। কিন্তু কিছুদিন পূৰ্বে জুন গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল। চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়াও হৈছিল। ২৫ নৱেম্বৰত হুবাৰ্টে নিজৰ অসুস্থ পত্নীক লগ কৰিবলৈ চিকিৎসালয়লৈ গৈছিল আৰু তেওঁ চিকিৎসালয়তে অসুস্থ হৈ পৰে। দুয়োকে একেটা কোঠাতে ৰখা হয়। ৩০ নৱেম্বৰত হৃদযন্ত্ৰৰ সমস্যাত আক্ৰান্ত হৈ হুবাৰ্টৰ মৃত্যু হয়। আৰু ২০ ঘণ্টাৰ পাছত জুন মেলিকট মৃত্যু হয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক