--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত আৰু এছিয়াৰ দ্বিতীয় ধনী ব্যক্তি মুকেশ আম্বানী। কেৱল সেয়াই নহয়, বিশ্বৰ ১০ জন ধনী ব্যক্তিৰ তালিকাত মুকেশ আম্বানীৰ নাম ৭ নম্বৰত আছে। মুকেশ আম্বানী এই পৃথিৱীৰ অন্যতম ধনী আৰু বিখ্যাত ব্যৱসায়ী। ইয়াৰ বাহিৰেও ব্যৱসায়, ব্যক্তিগত জীৱন আৰু বিশেষকৈ বিলাসী জীৱনশৈলীৰ বাবে মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়াল প্ৰায়ে চৰ্চাত থাকে।
Nita Ambani: Biography, About, Birthday, Family, Education - Javatpoint
বিশেষকৈ মুকেশ আম্বানীৰ পত্নী নীতা আম্বানী প্ৰায় আলোচনাৰ বিষয় হৈ থাকে। পৃথিৱীৰ সকলো বিলাসিতা আম্বানী পৰিয়ালত আছে। দামী ঘৰৰ পৰা আৰম্ভ কৰি দামী গাড়ীলৈকে সকলো আছে আম্বানী পৰিয়ালত।
5 entrepreneurial ventures launched by Nita Ambani | GQ India
মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীৰ সৌন্দৰ্য্য বলীউডৰ যিকোনো ধুনীয়া অভিনেত্ৰীতকৈ কম নহয়। বৰ্তমান তেওঁৰ বয়স ৫৯ বছৰ। প্ৰায় ৬০ বছৰ বয়সতো তেওঁৰ মুখত এক কমনীয়তা আৰু উজ্জ্বলতা আছে। এই ৰূপত তেওঁৰ অনুৰাগীসকল আপ্লুত থাকে। কম বয়সতো নীতা বৰ ধুনীয়া আছিল। ছ'চিয়েল মিডিয়াত তেওঁৰ জীৱনশৈলীৰ বিষয়ে চৰ্চা চলি থাকে। তেওঁ পিন্ধা দামী শাৰীবোৰৰ পৰা আৰম্ভ কৰি ব্ৰেণ্ডেড হেণ্ডবেগ, জোতা, চেণ্ডেল, প্ৰসাধন সামগ্ৰী, আনকি তেওঁৰ পুৱাৰ চাহৰ পৰা দিনত খোৱা ব্ৰেণ্ডেড পানীলৈকে, দামবোৰ আকাশলংঘী! কিন্তু শৰীৰটো সুস্থ কৰি ৰাখিবলৈ তেওঁ যি দৈনন্দিন ৰুটিন মানি চলে, সেয়া যিকোনো সাধাৰণ মানুহে সহজেই পালন কৰিব পাৰে।
FSDL Chairperson Nita Ambani - 'We don't want to expand ISL too quickly' |  Goal.com India
বহুতে ভাবে যে নীতাই কিছুমান ডাঙৰ ব্ৰেণ্ডৰ প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰে। কিন্তু ৬০ বছৰ বয়সত কেৱল ক্ৰীম বা লোচন ব্যৱহাৰ কৰিলেই সেই গ্লো পোৱাটো কেতিয়াও সম্ভৱ নহয়। আচলতে নীতা আম্বানীয়ে এক কঠোৰ ৰুটিন মানি চলে। আৰু এই ৰুটিনৰ বাবেই তেওঁ প্ৰতিদিনে নিশা ১০-১১ বজাৰ ভিতৰত শুই যায় আৰু ৰাতিপুৱা ৫ বজাত সাৰ পায়। ইয়াৰ পিছত নীতাই শাৰীৰিক ব্যায়াম কৰে। ব্যায়ামৰ পাছত তেওঁ ব্ৰেকফাষ্টত ফলৰ ৰস খায়। তেওঁ কেতিয়াও ফাষ্ট ফুড নাখায় আৰু খাবলৈও ভাল নাপায়। সদায় ঘৰতে প্ৰস্তুত কৰা সাধাৰণ খাদ্য গ্ৰহণ কৰে নীতাই আৰু সেইবাবেই তেওঁ ইমান সুস্থ, ফিট আৰু গ্লেমাৰাছ। ইয়াৰ উপৰিও প্ৰসাধন সামগ্ৰী যিমানেই দামী নহওক কিয়, নীতাই ৰাসায়নিক পদাৰ্থ থকা একো ব্যৱহাৰ নকৰে। আৰু এয়াই হৈছে নীতা আম্বানীৰ ৰুটিন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement