--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত আৰু এছিয়াৰ দ্বিতীয় ধনী ব্যক্তি মুকেশ আম্বানী। কেৱল সেয়াই নহয়, বিশ্বৰ ১০ জন ধনী ব্যক্তিৰ তালিকাত মুকেশ আম্বানীৰ নাম ৭ নম্বৰত আছে। মুকেশ আম্বানী এই পৃথিৱীৰ অন্যতম ধনী আৰু বিখ্যাত ব্যৱসায়ী। ইয়াৰ বাহিৰেও ব্যৱসায়, ব্যক্তিগত জীৱন আৰু বিশেষকৈ বিলাসী জীৱনশৈলীৰ বাবে মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়াল প্ৰায়ে চৰ্চাত থাকে।
Nita Ambani: Biography, About, Birthday, Family, Education - Javatpoint
বিশেষকৈ মুকেশ আম্বানীৰ পত্নী নীতা আম্বানী প্ৰায় আলোচনাৰ বিষয় হৈ থাকে। পৃথিৱীৰ সকলো বিলাসিতা আম্বানী পৰিয়ালত আছে। দামী ঘৰৰ পৰা আৰম্ভ কৰি দামী গাড়ীলৈকে সকলো আছে আম্বানী পৰিয়ালত।
5 entrepreneurial ventures launched by Nita Ambani | GQ India
মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীৰ সৌন্দৰ্য্য বলীউডৰ যিকোনো ধুনীয়া অভিনেত্ৰীতকৈ কম নহয়। বৰ্তমান তেওঁৰ বয়স ৫৯ বছৰ। প্ৰায় ৬০ বছৰ বয়সতো তেওঁৰ মুখত এক কমনীয়তা আৰু উজ্জ্বলতা আছে। এই ৰূপত তেওঁৰ অনুৰাগীসকল আপ্লুত থাকে। কম বয়সতো নীতা বৰ ধুনীয়া আছিল। ছ'চিয়েল মিডিয়াত তেওঁৰ জীৱনশৈলীৰ বিষয়ে চৰ্চা চলি থাকে। তেওঁ পিন্ধা দামী শাৰীবোৰৰ পৰা আৰম্ভ কৰি ব্ৰেণ্ডেড হেণ্ডবেগ, জোতা, চেণ্ডেল, প্ৰসাধন সামগ্ৰী, আনকি তেওঁৰ পুৱাৰ চাহৰ পৰা দিনত খোৱা ব্ৰেণ্ডেড পানীলৈকে, দামবোৰ আকাশলংঘী! কিন্তু শৰীৰটো সুস্থ কৰি ৰাখিবলৈ তেওঁ যি দৈনন্দিন ৰুটিন মানি চলে, সেয়া যিকোনো সাধাৰণ মানুহে সহজেই পালন কৰিব পাৰে।
FSDL Chairperson Nita Ambani - 'We don't want to expand ISL too quickly' |  Goal.com India
বহুতে ভাবে যে নীতাই কিছুমান ডাঙৰ ব্ৰেণ্ডৰ প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰে। কিন্তু ৬০ বছৰ বয়সত কেৱল ক্ৰীম বা লোচন ব্যৱহাৰ কৰিলেই সেই গ্লো পোৱাটো কেতিয়াও সম্ভৱ নহয়। আচলতে নীতা আম্বানীয়ে এক কঠোৰ ৰুটিন মানি চলে। আৰু এই ৰুটিনৰ বাবেই তেওঁ প্ৰতিদিনে নিশা ১০-১১ বজাৰ ভিতৰত শুই যায় আৰু ৰাতিপুৱা ৫ বজাত সাৰ পায়। ইয়াৰ পিছত নীতাই শাৰীৰিক ব্যায়াম কৰে। ব্যায়ামৰ পাছত তেওঁ ব্ৰেকফাষ্টত ফলৰ ৰস খায়। তেওঁ কেতিয়াও ফাষ্ট ফুড নাখায় আৰু খাবলৈও ভাল নাপায়। সদায় ঘৰতে প্ৰস্তুত কৰা সাধাৰণ খাদ্য গ্ৰহণ কৰে নীতাই আৰু সেইবাবেই তেওঁ ইমান সুস্থ, ফিট আৰু গ্লেমাৰাছ। ইয়াৰ উপৰিও প্ৰসাধন সামগ্ৰী যিমানেই দামী নহওক কিয়, নীতাই ৰাসায়নিক পদাৰ্থ থকা একো ব্যৱহাৰ নকৰে। আৰু এয়াই হৈছে নীতা আম্বানীৰ ৰুটিন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু