--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ৰংগীলা গাৰ্ল উৰ্মিলা মাতণ্ডকাৰৰ সংসাৰ ভঙাৰ উপক্ৰম হৈছে। বিয়াৰ ৮ বছৰৰ পাছত স্বামী মহছিন আখতাৰ মিৰৰ সৈতে বিবাহ বিচ্ছেদ হবলৈ গৈ আছে উৰ্মিলাৰ। ইতিমধ্যে আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন দাখিল কৰিছে উৰ্মিলাই।
Urmila Matondkar files for divorce from husband Mohsin Akhtar Mir after 8  years of marriage, report
উৰ্মিলাৰ স্বামী মুছলমান হোৱাৰ উপৰিও উৰ্মিলাতকৈ আছিল ১০ বছৰে সৰু। কিন্তু প্ৰেমে যে একো বাধা নামানে। সকলো বাধা উফৰাই ২০১৬ চনত বিবাহপাশত আৱদ্ধ হৈছিল উৰ্মিলা আৰু মহছিন। 

তেওঁলোকৰ প্ৰেম কাহিনীৰ আঁৰত আছিল মনীষ মালহোত্ৰা। মনীষৰ ভতিজী ৰিদ্ধি মালহোত্ৰাৰ বিয়াত প্ৰথমবাৰৰ বাবে লগ হৈছিল উৰ্মিলা আৰু মহছিন। এইটো ২০১৪ চনৰ কথা। যেতিয়া তাইতকৈ ১০ বছৰ সৰু মহছিনৰ প্ৰেমত পৰিছিল। তেওঁলোকৰ প্ৰেমৰ মাজত ধৰ্ম বা বয়স আহিব নোৱাৰিলে।
Are Urmila Matondkar, husband Mohsin Akhtar Mir getting a divorce? Here's  the truth - India Today
বিবাহৰ আঠ বছৰ হ’ল যদিও তেওঁলোকৰ কোনো সন্তান নাই। ২০২৩ চনৰ ১২ ছেপ্টেম্বৰত মহছিন আখতাৰ মিৰে ইনষ্টাগ্ৰামত এখন মৰমলগা ফটো শ্বেয়াৰ কৰিছিল। য’ত তেওঁক কোলাত এগৰাকী ছোৱালীক লৈ থকা দেখা গৈছিল। এই ফটোখন দেখাৰ পিছত একাংশ লোকে এই দম্পতীক অভিনন্দন জনাবলৈ আৰম্ভ কৰে। অলপ সময়ৰ ভিতৰতে উৰ্মিলা মাতৃ হোৱাৰ উৰাবাতৰি বিয়পিবলৈ ধৰিলে। কিন্তু পিছত মহছিনে কেপচনত কৈছিল যে এই ছোৱালীজনী তেওঁৰ ভতিজী আইৰা।
What Is The Age Gap Between Urmila Matondkar & Husband Mohsin Akhtar Mir?
যদি আমি মহছিনৰ ইনষ্টাগ্ৰাম একাউণ্টলৈ চাওঁ তেন্তে যোৱা বছৰ তেওঁ বিবাহ বাৰ্ষিকীত অভিনেত্ৰীগৰাকীৰ সৈতে ফটো শ্বেয়াৰ কৰিছিল। য'ত তেওঁ পত্নীক বৰ্ষপূৰ্তিৰ শুভেচ্ছা জনাইছিল। ইয়াৰ পূৰ্বে তেওঁ নিয়মিতভাৱে উৰ্মিলাৰ সৈতে ফটো শ্বেয়াৰ কৰিছিল যদিও যোৱা এবছৰ ধৰি তেওঁ পত্নীৰ সৈতে ফটো শ্বেয়াৰ কৰা নাই।

জানিব পৰা অনুসৰি দুয়ো দীৰ্ঘদিন ধৰি পৃথকে আছে আৰু ইনষ্টাগ্ৰামত দুয়ো দুয়োকে আনফল’ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু