--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ৰংগীলা গাৰ্ল উৰ্মিলা মাতণ্ডকাৰৰ সংসাৰ ভঙাৰ উপক্ৰম হৈছে। বিয়াৰ ৮ বছৰৰ পাছত স্বামী মহছিন আখতাৰ মিৰৰ সৈতে বিবাহ বিচ্ছেদ হবলৈ গৈ আছে উৰ্মিলাৰ। ইতিমধ্যে আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন দাখিল কৰিছে উৰ্মিলাই।
Urmila Matondkar files for divorce from husband Mohsin Akhtar Mir after 8  years of marriage, report
উৰ্মিলাৰ স্বামী মুছলমান হোৱাৰ উপৰিও উৰ্মিলাতকৈ আছিল ১০ বছৰে সৰু। কিন্তু প্ৰেমে যে একো বাধা নামানে। সকলো বাধা উফৰাই ২০১৬ চনত বিবাহপাশত আৱদ্ধ হৈছিল উৰ্মিলা আৰু মহছিন। 

তেওঁলোকৰ প্ৰেম কাহিনীৰ আঁৰত আছিল মনীষ মালহোত্ৰা। মনীষৰ ভতিজী ৰিদ্ধি মালহোত্ৰাৰ বিয়াত প্ৰথমবাৰৰ বাবে লগ হৈছিল উৰ্মিলা আৰু মহছিন। এইটো ২০১৪ চনৰ কথা। যেতিয়া তাইতকৈ ১০ বছৰ সৰু মহছিনৰ প্ৰেমত পৰিছিল। তেওঁলোকৰ প্ৰেমৰ মাজত ধৰ্ম বা বয়স আহিব নোৱাৰিলে।
Are Urmila Matondkar, husband Mohsin Akhtar Mir getting a divorce? Here's  the truth - India Today
বিবাহৰ আঠ বছৰ হ’ল যদিও তেওঁলোকৰ কোনো সন্তান নাই। ২০২৩ চনৰ ১২ ছেপ্টেম্বৰত মহছিন আখতাৰ মিৰে ইনষ্টাগ্ৰামত এখন মৰমলগা ফটো শ্বেয়াৰ কৰিছিল। য’ত তেওঁক কোলাত এগৰাকী ছোৱালীক লৈ থকা দেখা গৈছিল। এই ফটোখন দেখাৰ পিছত একাংশ লোকে এই দম্পতীক অভিনন্দন জনাবলৈ আৰম্ভ কৰে। অলপ সময়ৰ ভিতৰতে উৰ্মিলা মাতৃ হোৱাৰ উৰাবাতৰি বিয়পিবলৈ ধৰিলে। কিন্তু পিছত মহছিনে কেপচনত কৈছিল যে এই ছোৱালীজনী তেওঁৰ ভতিজী আইৰা।
What Is The Age Gap Between Urmila Matondkar & Husband Mohsin Akhtar Mir?
যদি আমি মহছিনৰ ইনষ্টাগ্ৰাম একাউণ্টলৈ চাওঁ তেন্তে যোৱা বছৰ তেওঁ বিবাহ বাৰ্ষিকীত অভিনেত্ৰীগৰাকীৰ সৈতে ফটো শ্বেয়াৰ কৰিছিল। য'ত তেওঁ পত্নীক বৰ্ষপূৰ্তিৰ শুভেচ্ছা জনাইছিল। ইয়াৰ পূৰ্বে তেওঁ নিয়মিতভাৱে উৰ্মিলাৰ সৈতে ফটো শ্বেয়াৰ কৰিছিল যদিও যোৱা এবছৰ ধৰি তেওঁ পত্নীৰ সৈতে ফটো শ্বেয়াৰ কৰা নাই।

জানিব পৰা অনুসৰি দুয়ো দীৰ্ঘদিন ধৰি পৃথকে আছে আৰু ইনষ্টাগ্ৰামত দুয়ো দুয়োকে আনফল’ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement