--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মেগা ষ্টাৰ অমিতাভ বচ্ছনে আঁতধৰা জনপ্ৰিয় ৰিয়েলিটি স্ব’ কৌন বনেগা কৌড়ৰ পতি ১৬ নং সংস্কৰণ সম্প্ৰচাৰিত হৈ আছে৷ সৰ্বসাধাৰণৰ মাজত জনপ্ৰিয়তা লাভ কৰা অনুষ্ঠানটোৰ শেহতীয়া কৈ সম্প্ৰচাৰিত খণ্ডটোত সাত কোটিৰ প্ৰশ্নৰ ঘৰত প্ৰৱেশ কৰিছে চন্দৰ প্ৰকাশ নামৰ ইউপি.এছ.চিৰ পদাকাঙ্ক্ষী গৰাকী৷ 

অসাধৰণ জ্ঞানৰ অধিকাৰী চন্দৰ প্ৰকাশ চলিত সংস্কৰণত কোটিৰ ঘৰ অতিক্ৰম কৰা প্ৰথম গৰাকী প্ৰতিযেগীত পৰিণত হৈছে৷চন্দৰ প্ৰকাশ জ্ঞান আৰু জীৱন সংগ্ৰমাৰ কাহিনীয়ে অনুষ্ঠানটোৰ আঁত ধৰোটা অমিতাভ বচ্ছনৰ লগতে সমুহ দশৰ্কক আপ্লোত কৰি তুলিছে৷

চ’নী টিভিয়ে কেবিচি ১৬ ৰ বিশেষ খণ্ডটোৰ প্ৰ’ম’ নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰিছিল। প্ৰ’ম’টোত চন্দৰ প্ৰকাশে ৭ কোটি টকাৰ পুৰস্কাৰৰ বাবে অন্তিমটো প্ৰশ্নৰ উত্তৰ দি আছিল। ইয়াৰ পূৰ্বে চন্দৰ প্ৰকাশে খেলৰ নিয়ম অনুসৰি লাভ কৰা লাইফলাইন ‘ডাবল ডিপ’ ব্যৱহাৰ কৰি এক কোটি টকাৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ দিছিল। আনুষ্ঠানিকভাৱে ছিজনটোৰ প্ৰথমগৰাকী কোটিপতি হিচাপে পৰিগণিত হোৱাৰ বাবে হুণ্ডাইৰ তৰফৰ পৰা উপহাৰ হিচাপে এখন ভেন্যু এছ ইউ ভি লাভ কৰে। অৱশ্যে তেওঁ ৭ কোটিৰ প্ৰশ্নৰ ঘৰত উপনীত হয় যদিও প্ৰশ্নটোৰ সঠিক উত্তৰ দিয়াত অপৰাগ হোৱাত খেলৰ পৰা বাহিৰ হৈ পূৰ্বে অৰ্জন কৰা এক কোটি ধনৰাশী লাভ কৰে৷

জন্মৰ পৰাই স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈ অহা চন্দৰ প্ৰকাশে জীৱনৰ সকলো বাধা অতিক্ৰম কৰি ইউপি এছ চিৰ বাবে প্ৰস্তুতি চলাই থকাৰ সমান্তৰালভৱে ইগনোৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু