--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মেগা ষ্টাৰ অমিতাভ বচ্ছনে আঁতধৰা জনপ্ৰিয় ৰিয়েলিটি স্ব’ কৌন বনেগা কৌড়ৰ পতি ১৬ নং সংস্কৰণ সম্প্ৰচাৰিত হৈ আছে৷ সৰ্বসাধাৰণৰ মাজত জনপ্ৰিয়তা লাভ কৰা অনুষ্ঠানটোৰ শেহতীয়া কৈ সম্প্ৰচাৰিত খণ্ডটোত সাত কোটিৰ প্ৰশ্নৰ ঘৰত প্ৰৱেশ কৰিছে চন্দৰ প্ৰকাশ নামৰ ইউপি.এছ.চিৰ পদাকাঙ্ক্ষী গৰাকী৷ 

অসাধৰণ জ্ঞানৰ অধিকাৰী চন্দৰ প্ৰকাশ চলিত সংস্কৰণত কোটিৰ ঘৰ অতিক্ৰম কৰা প্ৰথম গৰাকী প্ৰতিযেগীত পৰিণত হৈছে৷চন্দৰ প্ৰকাশ জ্ঞান আৰু জীৱন সংগ্ৰমাৰ কাহিনীয়ে অনুষ্ঠানটোৰ আঁত ধৰোটা অমিতাভ বচ্ছনৰ লগতে সমুহ দশৰ্কক আপ্লোত কৰি তুলিছে৷

চ’নী টিভিয়ে কেবিচি ১৬ ৰ বিশেষ খণ্ডটোৰ প্ৰ’ম’ নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰিছিল। প্ৰ’ম’টোত চন্দৰ প্ৰকাশে ৭ কোটি টকাৰ পুৰস্কাৰৰ বাবে অন্তিমটো প্ৰশ্নৰ উত্তৰ দি আছিল। ইয়াৰ পূৰ্বে চন্দৰ প্ৰকাশে খেলৰ নিয়ম অনুসৰি লাভ কৰা লাইফলাইন ‘ডাবল ডিপ’ ব্যৱহাৰ কৰি এক কোটি টকাৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ দিছিল। আনুষ্ঠানিকভাৱে ছিজনটোৰ প্ৰথমগৰাকী কোটিপতি হিচাপে পৰিগণিত হোৱাৰ বাবে হুণ্ডাইৰ তৰফৰ পৰা উপহাৰ হিচাপে এখন ভেন্যু এছ ইউ ভি লাভ কৰে। অৱশ্যে তেওঁ ৭ কোটিৰ প্ৰশ্নৰ ঘৰত উপনীত হয় যদিও প্ৰশ্নটোৰ সঠিক উত্তৰ দিয়াত অপৰাগ হোৱাত খেলৰ পৰা বাহিৰ হৈ পূৰ্বে অৰ্জন কৰা এক কোটি ধনৰাশী লাভ কৰে৷

জন্মৰ পৰাই স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈ অহা চন্দৰ প্ৰকাশে জীৱনৰ সকলো বাধা অতিক্ৰম কৰি ইউপি এছ চিৰ বাবে প্ৰস্তুতি চলাই থকাৰ সমান্তৰালভৱে ইগনোৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু