--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিশ্বৰ কনিষ্ঠতম যোগগুৰু হিচাপে চিহ্নিত হৈছে এটি ভাৰতীয় শিশু। মাত্ৰ ৯ বছৰ ২২০দিন বয়সৰ এই শিশুটোৱে যোগগুৰুৰ আনুষ্ঠানিক স্বীকৃতি অৰ্জন কৰাৰ পাছতে গঢ়িবলৈ সক্ষম হৈছে অভিলেখ। বিশ্বৰ কনিষ্ঠতম যোগগুৰু হিচাপে স্বীকৃতি লাভেৰে তেওঁ গীনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। সকলোৰে চৰ্চাৰ কেন্দ্ৰ হৈ পৰা এই শিশুটিয়ে এতিয়া সংবাদ শিৰোনাম দখল কৰিবলৈ হৈছে। শিশুটিৰ নাম হৈছে ৰেয়ান্স ছুৰানী। পিতৃ-মাতৃৰ সৈতে ডুবাইত বাস কৰে শিশুটিয়ে। মাত্ৰ চাৰি বছৰ বয়সৰ পৰাই পিতৃ-মাতৃৰ তত্তাৱধানত যোগাসনৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল ৰেয়ান্সে। তাৰ পাছত আৰম্ভ হয় তেওঁৰ যোগাসনৰ আনুষ্ঠানিক প্ৰশিক্ষণ। আনন্দ শেখৰ যোগ স্কুলৰ পৰা ২০০ঘণ্টীয়া যোগ গুৰুৰ প্ৰশিক্ষণ লাভ কৰাৰ পাছত শিশুটিয়ে ২০২১ চনৰ ২৭জুলাইত প্ৰশিক্ষকৰ প্ৰমাণপত্ৰ লাভ কৰিবলৈ সক্ষম হয়। পিতৃ-মাতৃৰ পৰা লাভ কৰা প্ৰেৰণাৰেই এই বিৰল সাফল্যৰ অধিকাৰী হৈছে শিশুটি। গীনিজ বুকত উল্লেখ কৰা মতে, শিশুটিয়ে যেতিয়া জানিব পাৰিছিল যে, তেওঁৰ পিতৃ-মাতৃয়ে ঋষিকেশৰ পৰা যোগাসনৰ প্ৰশিক্ষণ লাভ কৰিছে তেতিয়াই তেওঁ যোগাসনৰ এজন প্ৰশিক্ষণপ্ৰাপ্ত গুৰু হোৱাৰ সপোন দেখিছিল আৰু সেই অনুসৰি কাম কৰিবলৈ আৰম্ভ কৰিছিল। পিতৃ-মাতৃৰ সৈতে প্ৰশিক্ষণ আৰম্ভ কৰাৰ পাছতে শিশুটিয়ে তৎক্ষণাত যোগাসনৰ বিভিন্ন মুদ্ৰা আয়্ত্ত কৰি লৈছিল। আৰু লাহে লাহে তেওঁ শিকোৱাৰ কামটোও আগ্ৰহেৰে গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। তাৰ পাছতে যোগাসন সম্পৰ্কে তেওঁ গভীৰ অধ্যয়ন আৰু প্ৰশিক্ষণ আৰম্ভ কৰে। তেওঁ যোগৰ বিভিন্ন দৃ্ষ্টিকোণ সম্পৰ্কে অৱগত হ’বলৈ আৰম্ভ কৰে। তেওঁ এই অভিজ্ঞতাৰ বিষয়ে প্ৰকাশ কৰি কয়, প্ৰথমে মই ভাবিছিলোঁ যে, যোগাসন হৈছে কেৱল শাৰীৰিক আৰু উশাহ নিশাহৰ কচৰৎ। কিন্তু মই ইয়াৰ আঁৰৰ দৰ্শন আৰু অন্যান্য দিশসমূহৰ বিষয়ে অৱগত হোৱাৰ পাছত মই উপলব্ধি কৰিলোঁ যে, ই তাতকৈ বহু বেছি বিস্তৃত এক বিষয়। এতিয়া দহ বছৰীয়া হোৱা শিশুটিয়ে এতিয়া তেওঁৰ বয়সৰ ভালেমান শিশুকে ধৰি বহু লোকক যোগাসনৰ প্ৰশিক্ষণ দি আছে। যোগৰ দৰে জটিল বিষয় এটাক ইমান কম বয়সতে আয়ত্ত কৰাৰ লগতে তাক আনক শিকাব পৰাকৈ পৰিপক্ব হৈ উঠাটো অতি সাধাৰণ কথা নহয়। শিশুটিৰ এই কৃতিত্ব এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ