--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিশ্বৰ কনিষ্ঠতম যোগগুৰু হিচাপে চিহ্নিত হৈছে এটি ভাৰতীয় শিশু। মাত্ৰ ৯ বছৰ ২২০দিন বয়সৰ এই শিশুটোৱে যোগগুৰুৰ আনুষ্ঠানিক স্বীকৃতি অৰ্জন কৰাৰ পাছতে গঢ়িবলৈ সক্ষম হৈছে অভিলেখ। বিশ্বৰ কনিষ্ঠতম যোগগুৰু হিচাপে স্বীকৃতি লাভেৰে তেওঁ গীনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। সকলোৰে চৰ্চাৰ কেন্দ্ৰ হৈ পৰা এই শিশুটিয়ে এতিয়া সংবাদ শিৰোনাম দখল কৰিবলৈ হৈছে। শিশুটিৰ নাম হৈছে ৰেয়ান্স ছুৰানী। পিতৃ-মাতৃৰ সৈতে ডুবাইত বাস কৰে শিশুটিয়ে। মাত্ৰ চাৰি বছৰ বয়সৰ পৰাই পিতৃ-মাতৃৰ তত্তাৱধানত যোগাসনৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল ৰেয়ান্সে। তাৰ পাছত আৰম্ভ হয় তেওঁৰ যোগাসনৰ আনুষ্ঠানিক প্ৰশিক্ষণ। আনন্দ শেখৰ যোগ স্কুলৰ পৰা ২০০ঘণ্টীয়া যোগ গুৰুৰ প্ৰশিক্ষণ লাভ কৰাৰ পাছত শিশুটিয়ে ২০২১ চনৰ ২৭জুলাইত প্ৰশিক্ষকৰ প্ৰমাণপত্ৰ লাভ কৰিবলৈ সক্ষম হয়। পিতৃ-মাতৃৰ পৰা লাভ কৰা প্ৰেৰণাৰেই এই বিৰল সাফল্যৰ অধিকাৰী হৈছে শিশুটি। গীনিজ বুকত উল্লেখ কৰা মতে, শিশুটিয়ে যেতিয়া জানিব পাৰিছিল যে, তেওঁৰ পিতৃ-মাতৃয়ে ঋষিকেশৰ পৰা যোগাসনৰ প্ৰশিক্ষণ লাভ কৰিছে তেতিয়াই তেওঁ যোগাসনৰ এজন প্ৰশিক্ষণপ্ৰাপ্ত গুৰু হোৱাৰ সপোন দেখিছিল আৰু সেই অনুসৰি কাম কৰিবলৈ আৰম্ভ কৰিছিল। পিতৃ-মাতৃৰ সৈতে প্ৰশিক্ষণ আৰম্ভ কৰাৰ পাছতে শিশুটিয়ে তৎক্ষণাত যোগাসনৰ বিভিন্ন মুদ্ৰা আয়্ত্ত কৰি লৈছিল। আৰু লাহে লাহে তেওঁ শিকোৱাৰ কামটোও আগ্ৰহেৰে গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। তাৰ পাছতে যোগাসন সম্পৰ্কে তেওঁ গভীৰ অধ্যয়ন আৰু প্ৰশিক্ষণ আৰম্ভ কৰে। তেওঁ যোগৰ বিভিন্ন দৃ্ষ্টিকোণ সম্পৰ্কে অৱগত হ’বলৈ আৰম্ভ কৰে। তেওঁ এই অভিজ্ঞতাৰ বিষয়ে প্ৰকাশ কৰি কয়, প্ৰথমে মই ভাবিছিলোঁ যে, যোগাসন হৈছে কেৱল শাৰীৰিক আৰু উশাহ নিশাহৰ কচৰৎ। কিন্তু মই ইয়াৰ আঁৰৰ দৰ্শন আৰু অন্যান্য দিশসমূহৰ বিষয়ে অৱগত হোৱাৰ পাছত মই উপলব্ধি কৰিলোঁ যে, ই তাতকৈ বহু বেছি বিস্তৃত এক বিষয়। এতিয়া দহ বছৰীয়া হোৱা শিশুটিয়ে এতিয়া তেওঁৰ বয়সৰ ভালেমান শিশুকে ধৰি বহু লোকক যোগাসনৰ প্ৰশিক্ষণ দি আছে। যোগৰ দৰে জটিল বিষয় এটাক ইমান কম বয়সতে আয়ত্ত কৰাৰ লগতে তাক আনক শিকাব পৰাকৈ পৰিপক্ব হৈ উঠাটো অতি সাধাৰণ কথা নহয়। শিশুটিৰ এই কৃতিত্ব এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন