--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলোৱে বিচাৰে যে দিনটো সুন্দৰকৈ আৰম্ভ হৈ সুন্দৰকৈ শেষ হওক। প্ৰতিটো কামতে সফলতা লাভ কৰক আৰু ভাগ্যই সংগ দিয়ক। যদিও বহুতো বস্তু কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। বাস্তুশাস্ত্ৰই কিছুমান বস্তুৰ বিষয়ে কয় যিবোৰ ৰাতিপুৱা চোৱাটো অশুভ বুলি গণ্য কৰা হয়। ঘৰৰ জ্যেষ্ঠসকলে প্ৰায়ে এনে বস্তুৰ বিষয়ে কয় যিবোৰৰ প্ৰতি যুৱ প্ৰজন্মই মনোযোগ নিদিয়ে। বাস্তুশাস্ত্ৰৰ মতে পুৱা শুই উঠিয়েই কিছুমান বস্তু দেখাটো অত্যন্ত অশুভ বুলি গণ্য কৰা হয়। এই বস্তুবোৰ পুৱা দুচকু মেলিয়েই চালে জীৱনলৈ বিফলতা আহে, হ'বলগীয়া কামবোৰ ৰৈ যায় আৰু কেতিয়াও টকা জমা কৰিব নোৱাৰি। আহকচোন জানো পুৱা শুই উঠি কি কি বস্তু চাব নালাগে- ১)বন্য জন্তুৰ ছবি: বহু মানুহৰ ঘৰত হিংসাত্মক জন্তু বা বন্য জন্তুৰ চিত্ৰ বা ফটো দেখিবলৈ পোৱা যায়। শুই উঠিয়ে বন্য জন্তুৰ ছবি কেতিয়াও চাব নালাগে। ২)ছাঁ: ৰাতিপুৱা শুই উঠি নিজৰ বা আন কাৰোবাৰ ছাঁ একেবাৰে চাব নালাগে। যদি আপুনি সূৰ্য চাবলৈ বাহিৰলৈ গৈছিল আৰু পশ্চিম দিশত আপোনাৰ ছাঁ দেখে তেন্তে ইয়াক বাস্তুৰ মতে ৰাহুৰ সংকেত বুলি কোৱা হয়। এনে পৰিস্থিতিত পশ্চিম দিশৰ ফালে ছাঁ দেখাটো অতি অশুভ বুলি গণ্য কৰা হয়। ৩)জুঠা বাচন: ৰাতিপুৱা শুই উঠি কেতিয়াও জুঠা বাচন দেখা উচিত নহয়। সেয়েহে বাস্তুৰ মতে সকলো বাচন-বৰ্তন ৰাতি পৰিষ্কাৰ কৰি ৰাখিব লাগে। ৪)দাপোণঃ দুচকু মেলিয়েই কেতিয়াও আইনা চোৱা উচিত নহয়। কোৱা হয় যে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে আইনাখনলৈ চালে ৰাতিৰ সকলো নেতিবাচকতা আপুনি আইনাখনৰ পৰা প্ৰাপ্ত কৰে। ৰাতিপুৱা শুই উঠি কি কৰিব লাগে? বাস্তুৰ মতে আপুনি ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে হাতৰ তলুৱা চাওক। হাতৰ তলুৱাত ঘনশ্যাম, সৰস্বতী আৰু লক্ষ্মী বাস কৰে। হাতৰ তলুৱাক পদুম বুলি কোৱা হয়। হাতৰ তলুৱা দৰ্শন কৰাৰ পাছত ঈশ্বৰৰ নাম লওঁক আৰু তাৰপাছত হাতৰ দুই তলুৱা আপোনাৰ মুখত ঘঁহি দিয়ক। তাৰপাছত আপোনাৰ দিনটোৰ শুভ আৰম্ভণিৰ বাবে প্ৰাৰ্থনা কৰক। তাৰপাছত পানী খাওক আৰু সূৰ্য চাওক। সূৰ্য্যোদয়ৰ আগতে উঠা লোকসকলে চন্দ্ৰও চাব পাৰে। এনেদৰে কৰাৰ ফলত আপোনাৰ জীৱনৰ নেতিবাচকতা দূৰ হয় বুলি বাস্তুশাস্ত্ৰই উল্লেখ কৰিছে। আৰু পঢ়কঃ এইবাৰ আৰৱ সাগৰত সাঁতুৰিবলৈ সাজু হৈছে এলভিছ আলী হাজৰিকা

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ