--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰযান-৩ ৰ পৰাই বিচ্ছিন্ন হৈ বিক্ৰম লেণ্ডাৰে  চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰিবলৈ অগ্ৰসৰ হৈছে। বুধবাৰে সন্ধিয়া প্ৰায় ৬ বজাত যান খনে চন্দ্ৰত অৱতৰণ কৰিব। এই বিৰল মুহূৰ্তৰ সাক্ষী হ’বলৈ সাজু হৈছে সমগ্ৰ ভাৰতবাসীৰ লগতে বিশ্বৰ আন দেশৰো বহু লোক।   ইয়াৰ মাজতে আৰম্ভ হৈ গৈছে ৰাজনীতি। চন্দ্ৰযানকলৈয়ো এতিয়া ৰাজনীতিৰ ৰহণ চৰাইছে বিজেপিৰে একাংশ নেতাই। বিজেপি  নেতৃত্বই চন্দ্ৰযান প্ৰকল্পৰ সকলো কৃতিত্ব নৰেন্দ্ৰ মোদীৰ বুলি  দাবী কৰিছে। 

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী জীতেন্দ্ৰ সিঙে কয় যে মহাকাশ গৱেষণাত এই সফলতা প্ৰধানমন্ত্ৰী মোদীৰ বাবে হৈছে।চন্দ্ৰযান-৩ৰ সৌৰশক্তিচালিত লেণ্ডাৰে বুধবাৰে সন্ধিয়া চন্দ্ৰপৃষ্ঠত স্পৰ্শ কৰাৰ কথা ।   চৰাইৰ  দৰে ওপঙি যান খনে চন্দ্ৰত অৱতৰণ কৰিব।  সমগ্ৰ দেশে এতিয়া সেই অৱতৰণৰ বাবে অপেক্ষা কৰি আছে। কিন্তু যান খনে  চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰাৰ পূৰ্বেই  বিজেপিৰ মুখ্য কাৰ্যালয়ত  মন্ত্ৰী জীতেন্দ্ৰ সিঙে এই অভিযানৰ সকলো কৃতিত্ব নৰেন্দ্ৰ মোদীক দিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ উদ্যোগৰ ফলত দেশৰ আন্তঃগাঁথনিৰ লগতে মহাকাশ গৱেষণাৰ  বিকাশ সম্ভৱ। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ ফালে আঙুলি টোৱাই জীতেন্দ্ৰ সিঙে  অভিযোগ কৰে যে কংগ্ৰেছ চৰকাৰে মহাকাশ গৱেষণাক ইমান গুৰুত্ব দিয়াৰ কথা ভবাই নাই।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) লেণ্ডাৰ বিক্ৰমে সোমবাৰে চন্দ্ৰপৃষ্ঠৰ পৰা মাত্ৰ ২৫ কিলোমিটাৰ ওপৰেৰে উৰি আছিল। ইছৰোৰ সূত্ৰ অনুসৰি  বিক্ৰমৰ গতিবিধি স্বাভাৱিক হৈ আছে। পৰিকল্পনা অনুসৰি  বিক্ৰমে বুধবাৰে চন্দ্ৰৰ দক্ষিণ মেৰুত  অৱতৰণ কৰিব। তাৰ পিছত বিক্ৰমৰ ভিতৰত  থকা ৰবট বাহন  'প্ৰজ্ঞান' ওলাই আহিব। যদি অৱতৰণ সফল হয়, চন্দ্ৰৰ দক্ষিণ মেৰুত উপনীত হোৱা ভাৰত হ'ব প্ৰথম খন দেশ।

উল্লেখ্য ৰাছিয়াৰ মহাকাশযানখনে (লুনা-২৫) সোমবাৰে চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰাৰ কথা আছিল। কিন্তু শেষ মুহূৰ্তত ৰাছিয়াৰ যান খনে চন্দ্ৰপৃষ্ঠত ধ্বংসপ্ৰাপ্ত হয়। জ্যোতিৰ্বিজ্ঞানীসকলৰ মতে, চৰাইৰ দৰে চন্দ্ৰত  অৱতৰণ এক অতি জটিল প্ৰক্ৰিয়া। এটা সৰু ভুলৰ বাবে সমগ্ৰ অভিযানটোৱেই  বিফল হ'ব পাৰে। সেয়েহে, পূৰ্বৱৰ্তী অভিযানৰ ভুলৰ পৰা শিক্ষা লৈ   ইছৰোৱে এইবাৰ লেণ্ডাৰৰ গাঁথনি সলনি কৰিছে। সুৰক্ষিত অৱতৰণৰ বাবে উপযুক্ত প্ৰযুক্তিও ব্যৱহাৰ কৰা হৈছে। দেশবাসীয়ে  আশা কৰিছে যে এইবাৰ অভিযানটো সফল হ'ব।

যদি চন্দ্ৰযান-৩ সফল হয়, তেন্তে চন্দ্ৰলৈ মানুহ পঠিওৱাৰ  কামো আৰম্ভ হ'ব। অৱশ্যে ইছৰোৱে চন্দ্ৰলৈ মানুহ পঠোৱাৰ আগতে দুটা পাইলট প্ৰকল্প হাতত লৈছে। ইয়াৰে প্ৰথমটো হ’ল মহাকাশযান চন্দ্ৰলৈ প্ৰেৰণ কৰি সফলতাৰে পৃথিৱীলৈ ঘূৰাই অনা হ'ব। যদি সেই পৰ্যায়টো সফল হয় দ্বিতীয় পাইলট প্ৰকল্পটোৱে মানুহৰ পৰিৱৰ্তে মহাকাশলৈ ৰবট প্ৰেৰণ কৰিব। যদি দুয়োটা পাইলট প্ৰকল্প সফল হয় অহা বছৰৰ মাজভাগ বা শেষৰ ফালে এজন ভাৰতীয় মহাকাশচাৰীক চন্দ্ৰলৈ  প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস