--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বয়স মাথোঁ এটা সংখ্যা। আয়াৰলেণ্ডৰ বাসিন্দা কিউবিচি গনজালেজে এই কথাকে পুনৰ মনত দিছে। বেছিভাগ মানুহেই কিউবিচিৰ বয়স ৩০ বছৰ বুলি ভুল কৰে। অৱশ্যে ভুল হোৱাটো অস্বাভাৱিক নহয়। গনজালেজক কলেজৰ ছাত্ৰী হিচাপে সহজেই ধাৰণা কৰিব পাৰি। কিন্তু তেওঁৰ ঘৰত নাতি-নাতিনী আছে বুলি জনাৰ পাছত থতমত খাই সকলো।

কিউবিচি এগৰাকী ৬৫ বছৰীয়া বৃদ্ধা। তেওঁ বিমানবন্দৰত কাম কৰিছিল। কেইবছৰমানৰ আগতে গনজালেজে স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰে। তেতিয়াৰ পৰাই তেওঁ নিজৰ যত্ন লৈ আহিছে। পুত্ৰ-কন্যাইও বিবাহ কৰিছে। সেয়ে তেওঁ এতিয়া নিৰাপদ জীৱন কটাই আছে। জীৱনৰ এই সময়খিনি তেওঁ নিজৰ ধৰণেৰে উপভোগ কৰিব বিচাৰে। ছচিয়েল মিডিয়াতো তেওঁ যথেষ্ট সক্ৰিয়। তেওঁৰ অনুৰাগীৰ সংখ্যাও বৃহৎ।

তেওঁৰ আচৰণ, আধুনিক সাজ-পোছাক, লাহী শৰীৰ আৰু ছালৰ সৌন্দৰ্য্যই সকলোৰে মন মুহি নিয়ে। ৬০ বছৰৰ পাছতো এনে ছালৰ সৌন্দৰ্য সহজ কথা নহয়। অৱশ্যে তাৰ বাবে তেওঁ বহুত কষ্ট কৰিছিল।

বহু কনিষ্ঠ অনুৰাগীয়ে তেওঁক সুধিছে যে তেওঁৰ ছালৰ যত্ন কেনেকৈ লয়। শেহতীয়াকৈ ইনষ্টাগ্ৰামৰ এটা ভিডিঅ’ৰ জৰিয়তে তেওঁৰ সৌন্দৰ্য্যৰ ৰুটিনৰ বিষয়ে কয়।

তেওঁৰ মতে সৌন্দৰ্য্যবৰ্ধন মানে বিভিন্ন প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰা নহয়। ব্যায়ামও এক সৌন্দৰ্য চৰ্চা। তেওঁ প্ৰতিদিনে টেনিছ খেলে। খেল খেলিলে ছালত জমা হোৱা প্ৰদূষক ঘামৰ মাজেৰে ওলাই আহে। প্ৰতিদিনে পুৱা আৰু ৰাতি হেয়াৰ স্পা কৰে। দিনটোৰ ভিতৰত বিভিন্ন সময়ত নিজৰ ছালৰ যত্ন লয়। ভিটামিন চি সমৃদ্ধ ক্ৰীম আৰু ছিৰাম তেওঁৰ ছালৰ যত্নৰ অন্যতম সামগ্ৰী বাহিৰলৈ ওলোৱাৰ আগতে SPF 50 ছানস্ক্ৰীণ লগাবলৈ নাপাহৰে তেওঁ। প্ৰতিমাহে হাজাৰ হাজাৰ টকা ছালৰ যত্নৰ বাবে খৰচ লয় কিউবিচিয়ে।

চিকচিকিয়া ছালৰ আন এটা গোপন কথাও ক’লে তেওঁ। কিউবিচিয়ে কয় যে তেওঁৰ স্বামী ষ্টিফেন জ’নৰ প্ৰেমেও তেওঁক ইমান ধুনীয়া হৈ থাকিবলৈ উদ্দীপনা যোগাই আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ