--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বয়স মাথোঁ এটা সংখ্যা। আয়াৰলেণ্ডৰ বাসিন্দা কিউবিচি গনজালেজে এই কথাকে পুনৰ মনত দিছে। বেছিভাগ মানুহেই কিউবিচিৰ বয়স ৩০ বছৰ বুলি ভুল কৰে। অৱশ্যে ভুল হোৱাটো অস্বাভাৱিক নহয়। গনজালেজক কলেজৰ ছাত্ৰী হিচাপে সহজেই ধাৰণা কৰিব পাৰি। কিন্তু তেওঁৰ ঘৰত নাতি-নাতিনী আছে বুলি জনাৰ পাছত থতমত খাই সকলো।

কিউবিচি এগৰাকী ৬৫ বছৰীয়া বৃদ্ধা। তেওঁ বিমানবন্দৰত কাম কৰিছিল। কেইবছৰমানৰ আগতে গনজালেজে স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰে। তেতিয়াৰ পৰাই তেওঁ নিজৰ যত্ন লৈ আহিছে। পুত্ৰ-কন্যাইও বিবাহ কৰিছে। সেয়ে তেওঁ এতিয়া নিৰাপদ জীৱন কটাই আছে। জীৱনৰ এই সময়খিনি তেওঁ নিজৰ ধৰণেৰে উপভোগ কৰিব বিচাৰে। ছচিয়েল মিডিয়াতো তেওঁ যথেষ্ট সক্ৰিয়। তেওঁৰ অনুৰাগীৰ সংখ্যাও বৃহৎ।

তেওঁৰ আচৰণ, আধুনিক সাজ-পোছাক, লাহী শৰীৰ আৰু ছালৰ সৌন্দৰ্য্যই সকলোৰে মন মুহি নিয়ে। ৬০ বছৰৰ পাছতো এনে ছালৰ সৌন্দৰ্য সহজ কথা নহয়। অৱশ্যে তাৰ বাবে তেওঁ বহুত কষ্ট কৰিছিল।

বহু কনিষ্ঠ অনুৰাগীয়ে তেওঁক সুধিছে যে তেওঁৰ ছালৰ যত্ন কেনেকৈ লয়। শেহতীয়াকৈ ইনষ্টাগ্ৰামৰ এটা ভিডিঅ’ৰ জৰিয়তে তেওঁৰ সৌন্দৰ্য্যৰ ৰুটিনৰ বিষয়ে কয়।

তেওঁৰ মতে সৌন্দৰ্য্যবৰ্ধন মানে বিভিন্ন প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰা নহয়। ব্যায়ামও এক সৌন্দৰ্য চৰ্চা। তেওঁ প্ৰতিদিনে টেনিছ খেলে। খেল খেলিলে ছালত জমা হোৱা প্ৰদূষক ঘামৰ মাজেৰে ওলাই আহে। প্ৰতিদিনে পুৱা আৰু ৰাতি হেয়াৰ স্পা কৰে। দিনটোৰ ভিতৰত বিভিন্ন সময়ত নিজৰ ছালৰ যত্ন লয়। ভিটামিন চি সমৃদ্ধ ক্ৰীম আৰু ছিৰাম তেওঁৰ ছালৰ যত্নৰ অন্যতম সামগ্ৰী বাহিৰলৈ ওলোৱাৰ আগতে SPF 50 ছানস্ক্ৰীণ লগাবলৈ নাপাহৰে তেওঁ। প্ৰতিমাহে হাজাৰ হাজাৰ টকা ছালৰ যত্নৰ বাবে খৰচ লয় কিউবিচিয়ে।

চিকচিকিয়া ছালৰ আন এটা গোপন কথাও ক’লে তেওঁ। কিউবিচিয়ে কয় যে তেওঁৰ স্বামী ষ্টিফেন জ’নৰ প্ৰেমেও তেওঁক ইমান ধুনীয়া হৈ থাকিবলৈ উদ্দীপনা যোগাই আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ