--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অহা মে’ মাহত ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছৰ মুকুট পিন্ধোৱাৰ অভিষেক উদযাপন কৰা হ’ব। কিন্তু তাৰ আগতে ব্ৰিটেইনৰ ৰাজপৰিয়ালৰ এক অদ্ভুত সমস্যাৰ সৃষ্টি হৈছে। ছ’চিয়েল মিডিয়াত তেওঁলোকৰ জনপ্ৰিয়তা দ্ৰুতগতিত হ্ৰাস পাইছে।

বাকিংহাম পেলেচৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত ফ’ল’ৱাৰৰ সংখ্যা দিনক দিনে কমি আহিছে। এই সপ্তাহত অনুগামীৰ সংখ্যা ১৩ লাখৰ পৰা ১২.৯ লাখলৈ হ্ৰাস পাইছে।

এই পৰ্যন্ত বাকিংহাম পেলেচৰ টুইটাৰ পেজত ৪১৪৮খন ফটো পোষ্ট কৰা হৈছে। শেহতীয়া পোষ্টটোত জনোৱা হৈছে যে ৱেষ্টমিনিষ্টাৰ আবেত ১২টা নতুন সাংগিতীক দল নিয়োগ কৰা হৈছে। ৰাজ অভিষেকৰ সময়ত এওঁলোকে সংগীত পৰিবেশন কৰিব। সমগ্ৰ ব্ৰিটেইনৰ সংগীত প্ৰতিভাক বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰা হ’ব।

ব্ৰিটিছ ৰাজপৰিয়ালৰ পৰম্পৰা অনুসৰি, ৰাজ অভিষেকৰ সময়ত ৰজাই ৰেচমৰ ষ্টকিংছ (ষ্টকিংছ) আৰু বিশেষ পায়জামা (ব্ৰিচ) পিন্ধে। কিন্তু ব্ৰিটিছ সংবাদ মাধ্যম "দ্য ইণ্ডিপেণ্ডেণ্ট"ৰ মতে, চাৰ্লছে এইবাৰ সেই প্ৰথা অনুসৰণ নকৰে। তাৰ পৰিৱৰ্তে তেওঁ আৰ্মী ইউনিফৰ্ম পিন্ধাৰ সম্ভাৱনা আছে। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, এই সিদ্ধান্ত কেইবাবাৰো আলোচনাৰ অন্তত লোৱা হৈছে।

৬ মে’ত ৱেষ্টমিনিষ্টাৰ এবেত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব চাৰ্লছ আৰু তেওঁৰ পত্নী কেমিলাই। পিছদিনা উইণ্ডচৰ কেছলত অনুষ্ঠিত হ’ব বিশেষ ডেবিউ কনচাৰ্ট। কিন্তু এই সকলো প্ৰস্তুতিৰ পিছতো ছচিয়েল মিডিয়াত কমি আহিছে ৰাজপৰিয়ালৰ ‘ফ’ল’ৱাৰ’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ