--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অহা মে’ মাহত ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছৰ মুকুট পিন্ধোৱাৰ অভিষেক উদযাপন কৰা হ’ব। কিন্তু তাৰ আগতে ব্ৰিটেইনৰ ৰাজপৰিয়ালৰ এক অদ্ভুত সমস্যাৰ সৃষ্টি হৈছে। ছ’চিয়েল মিডিয়াত তেওঁলোকৰ জনপ্ৰিয়তা দ্ৰুতগতিত হ্ৰাস পাইছে।

বাকিংহাম পেলেচৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত ফ’ল’ৱাৰৰ সংখ্যা দিনক দিনে কমি আহিছে। এই সপ্তাহত অনুগামীৰ সংখ্যা ১৩ লাখৰ পৰা ১২.৯ লাখলৈ হ্ৰাস পাইছে।

এই পৰ্যন্ত বাকিংহাম পেলেচৰ টুইটাৰ পেজত ৪১৪৮খন ফটো পোষ্ট কৰা হৈছে। শেহতীয়া পোষ্টটোত জনোৱা হৈছে যে ৱেষ্টমিনিষ্টাৰ আবেত ১২টা নতুন সাংগিতীক দল নিয়োগ কৰা হৈছে। ৰাজ অভিষেকৰ সময়ত এওঁলোকে সংগীত পৰিবেশন কৰিব। সমগ্ৰ ব্ৰিটেইনৰ সংগীত প্ৰতিভাক বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰা হ’ব।

ব্ৰিটিছ ৰাজপৰিয়ালৰ পৰম্পৰা অনুসৰি, ৰাজ অভিষেকৰ সময়ত ৰজাই ৰেচমৰ ষ্টকিংছ (ষ্টকিংছ) আৰু বিশেষ পায়জামা (ব্ৰিচ) পিন্ধে। কিন্তু ব্ৰিটিছ সংবাদ মাধ্যম "দ্য ইণ্ডিপেণ্ডেণ্ট"ৰ মতে, চাৰ্লছে এইবাৰ সেই প্ৰথা অনুসৰণ নকৰে। তাৰ পৰিৱৰ্তে তেওঁ আৰ্মী ইউনিফৰ্ম পিন্ধাৰ সম্ভাৱনা আছে। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, এই সিদ্ধান্ত কেইবাবাৰো আলোচনাৰ অন্তত লোৱা হৈছে।

৬ মে’ত ৱেষ্টমিনিষ্টাৰ এবেত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব চাৰ্লছ আৰু তেওঁৰ পত্নী কেমিলাই। পিছদিনা উইণ্ডচৰ কেছলত অনুষ্ঠিত হ’ব বিশেষ ডেবিউ কনচাৰ্ট। কিন্তু এই সকলো প্ৰস্তুতিৰ পিছতো ছচিয়েল মিডিয়াত কমি আহিছে ৰাজপৰিয়ালৰ ‘ফ’ল’ৱাৰ’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ