--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কালি বলীউডৰ চুলতান অর্থাৎ ছলমান খানে ভাতৃ ছোহেইল খানৰ ৫৩তম জন্মদিন উদ্‌যাপন কৰে। এই সময়ছোৱাত ছলমান খানৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত ভাইজানক যথেষ্ট খঙত দেখা গৈছে।

১৯ ডিচেম্বৰত ছোহেইল খানে ৫৩ সংখ্যক জন্মদিন পালন কৰে। এই উপলক্ষে তেওঁৰ ভাতৃ ছলমান খানকে ধৰি তেওঁৰ সমগ্ৰ পৰিয়ালে ছোহেইলক শুভেচ্ছা জনাবলৈ আহিছিল। য’ত আছিল ছেলিম খান, হেলেন, ছালমা খান, অৰ্পিতা খান আৰু আয়ুষ শৰ্মা, আলভিৰা খান, অতুল অগ্নিহোত্ৰী আৰু তেওঁৰ কন্যা আলিজেহ অগ্নিহোত্ৰী আৰু ঘনিষ্ঠ কেইজনমান ঘনিষ্ঠ বন্ধু। জন্মদিনৰ অনুষ্ঠানৰ পাছতে অভিনেতাগৰাকীয়ে পিতৃ-মাতৃৰ সৈতে পাৰ্টিৰ পৰা ওলাই অহা দেখা গ’ল। ছলমানক দেখাৰ লগে লগে বহু ফটোগ্ৰাফাৰ তেওঁৰ গাড়ীৰ ওচৰলৈ আহি ফটো ক্লিক কৰিবলৈ আৰম্ভ কৰে।কিন্তু এই ঘটনা দেখি ছলমান খান ক্ৰোধিত হৈ পৰিল আৰু নিজৰ গাড়ীত বহাৰ আগতে সকলোকে পিছুৱাই যাবলৈ খঙৰে আহ্বান কৰে৷

ছলমান খানৰ পাপাৰাজীক লৈ খং উঠা ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। বহু অনুৰাগীয়ে অভিনেতাগৰাকীক সমৰ্থন কৰি কয় যে পাপাৰাজীবোৰে তাৰকাসকলক ইমান আমনি কৰিব নালাগে।

উল্লেখ্য যে, ধাৰাবাহিক ভাবুকিৰ মাজতে ছলমান খানৰ নিৰাপত্তা পুনৰীক্ষণ কৰা হৈছে আৰু অভিনেতাজনক সষ্টম হৈ থাকিবলৈ কোৱা হৈছে। কাৰণ কিছুদিন পূৰ্বে ছলমান খানৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকাৰ অভিযোগত কানাডাৰ পঞ্জাবী গায়ক জিপি গ্ৰেৱালৰ বাসগৃহৰ বাহিৰত গুলীচালনা কৰিছিল গেংষ্টাৰ লৰেন্স বিষ্ণোইয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement