--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কালি বলীউডৰ চুলতান অর্থাৎ ছলমান খানে ভাতৃ ছোহেইল খানৰ ৫৩তম জন্মদিন উদ্‌যাপন কৰে। এই সময়ছোৱাত ছলমান খানৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত ভাইজানক যথেষ্ট খঙত দেখা গৈছে।

১৯ ডিচেম্বৰত ছোহেইল খানে ৫৩ সংখ্যক জন্মদিন পালন কৰে। এই উপলক্ষে তেওঁৰ ভাতৃ ছলমান খানকে ধৰি তেওঁৰ সমগ্ৰ পৰিয়ালে ছোহেইলক শুভেচ্ছা জনাবলৈ আহিছিল। য’ত আছিল ছেলিম খান, হেলেন, ছালমা খান, অৰ্পিতা খান আৰু আয়ুষ শৰ্মা, আলভিৰা খান, অতুল অগ্নিহোত্ৰী আৰু তেওঁৰ কন্যা আলিজেহ অগ্নিহোত্ৰী আৰু ঘনিষ্ঠ কেইজনমান ঘনিষ্ঠ বন্ধু। জন্মদিনৰ অনুষ্ঠানৰ পাছতে অভিনেতাগৰাকীয়ে পিতৃ-মাতৃৰ সৈতে পাৰ্টিৰ পৰা ওলাই অহা দেখা গ’ল। ছলমানক দেখাৰ লগে লগে বহু ফটোগ্ৰাফাৰ তেওঁৰ গাড়ীৰ ওচৰলৈ আহি ফটো ক্লিক কৰিবলৈ আৰম্ভ কৰে।কিন্তু এই ঘটনা দেখি ছলমান খান ক্ৰোধিত হৈ পৰিল আৰু নিজৰ গাড়ীত বহাৰ আগতে সকলোকে পিছুৱাই যাবলৈ খঙৰে আহ্বান কৰে৷

ছলমান খানৰ পাপাৰাজীক লৈ খং উঠা ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। বহু অনুৰাগীয়ে অভিনেতাগৰাকীক সমৰ্থন কৰি কয় যে পাপাৰাজীবোৰে তাৰকাসকলক ইমান আমনি কৰিব নালাগে।

উল্লেখ্য যে, ধাৰাবাহিক ভাবুকিৰ মাজতে ছলমান খানৰ নিৰাপত্তা পুনৰীক্ষণ কৰা হৈছে আৰু অভিনেতাজনক সষ্টম হৈ থাকিবলৈ কোৱা হৈছে। কাৰণ কিছুদিন পূৰ্বে ছলমান খানৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকাৰ অভিযোগত কানাডাৰ পঞ্জাবী গায়ক জিপি গ্ৰেৱালৰ বাসগৃহৰ বাহিৰত গুলীচালনা কৰিছিল গেংষ্টাৰ লৰেন্স বিষ্ণোইয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান