--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় তদন্ত সংস্থা নফোর্সমেন্ট ডিৰেক্টৰেটে শ্বাহৰুখৰ পত্নী গৌৰীলৈ আৰ্থিক জালিয়াতিৰ বাবে জাননী প্ৰেৰণ কৰিছে। ৩০ কোটি টকাৰ আৰ্থিক প্ৰৱঞ্চনাৰ সৈতে জড়িত শ্বাহৰুখ-পত্নীৰ নাম। ইডিয়ে হয়তো শীঘ্ৰে গৌৰীক মাতিব। অৱশ্যে এতিয়ালৈকে গৌৰীয়ে এই জাননীৰ কোনো উত্তৰ দিয়া নাই বুলি জানিব পৰা গৈছে।

গৌৰী আছিল লক্ষ্ণৌস্থিত তুলসিয়ানী গ্ৰুপৰ প্ৰচাৰৰ মুখ। ২০১৫ চনত শ্বাহৰুখ-পত্নী কোম্পানীত যোগদান কৰে। কিছু মাহ পূৰ্বে লক্ষ্ণৌৰ সুশান্ত গলফ চিটি থানাত জামিনবিহীন এফআইআৰ দাখিল কৰিছিল মুম্বাইৰ যশৱন্তই। ৮৬ লাখ টকা দিও ফ্লেটটোৰ চাবি নাপালে বুলি অভিযোগ কৰে।

শ্বাহৰুখ-পত্নী গৌৰী খান তুলসিয়ানী কনষ্ট্ৰাকচন এণ্ড ডেভেলপমেণ্ট লিমিটেডৰ মূল মুখ বা ব্ৰেণ্ড এম্বেছাদৰ। তেওঁৰ প্ৰভাৱতে যশৱন্তই সেই কোম্পানীটোৰ এটা ফ্লেট কিনাৰ সিদ্ধান্ত ল’লে। যশৱন্তৰ দাবী যে যিহেতু ইণ্টেৰিয়ৰ আৰ্টিষ্ট গৌৰী খান কোম্পানীটোৰ ব্ৰেণ্ড এম্বেছাদৰ, গতিকে এই আস্থা ভংগৰ দায়িত্ব তেওঁৰ ওপৰতো পৰে। সেয়ে শ্বাহৰুখ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

তাৰ পিছতো এই কোম্পানীটোৰ নামত বিত্তীয় জালিয়াতিৰ কেইবাটাও অভিযোগ দাখিল কৰা হয়। যিহেতু গৌৰী খান সেই সংগঠনৰ লগত জড়িত, সেয়েহে এইবাৰ তেওঁ ইডিৰ দৃষ্টিগোচৰ হৈছিল। শুনা গৈছে যে অতি সোনকালে তেওঁক মাতি অনা হ’ব। গৌৰীৰ নামত চমন জাৰি হ’লে ইডিৰ বিষয়াই জেৰা কৰিব পাৰে।

শুনা যায় যে সেই ফ্লেটৰ বাবে প্ৰায় ৩০ কোটি টকাৰ অমিল পোৱা গৈছে। সেই ধনৰ উৎসক লৈ ইডিয়ে প্ৰশ্ন উত্থাপন কৰিছে। যোৱা কেইমাহমানৰ পৰা গৌৰীৰ নামো জড়িত হৈ পৰিছে কাৰণ তুলিচিয়ানী গোটৰ বিৰুদ্ধে কেইবাটাও অভিযোগ দাখিল কৰা হৈছে। ইডিয়ে হয়তো জানিব বিচাৰিব যে সেই সংস্থাটোৰ পৰা তেওঁ কিমান টকা পাইছিল। গৌৰী যিকোনো চৰ্ততে সেই সংগঠনৰ লগত জড়িত আছিল, ইডিয়ে সেই সকলোবোৰ দিশ চাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক