--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় তদন্ত সংস্থা নফোর্সমেন্ট ডিৰেক্টৰেটে শ্বাহৰুখৰ পত্নী গৌৰীলৈ আৰ্থিক জালিয়াতিৰ বাবে জাননী প্ৰেৰণ কৰিছে। ৩০ কোটি টকাৰ আৰ্থিক প্ৰৱঞ্চনাৰ সৈতে জড়িত শ্বাহৰুখ-পত্নীৰ নাম। ইডিয়ে হয়তো শীঘ্ৰে গৌৰীক মাতিব। অৱশ্যে এতিয়ালৈকে গৌৰীয়ে এই জাননীৰ কোনো উত্তৰ দিয়া নাই বুলি জানিব পৰা গৈছে।

গৌৰী আছিল লক্ষ্ণৌস্থিত তুলসিয়ানী গ্ৰুপৰ প্ৰচাৰৰ মুখ। ২০১৫ চনত শ্বাহৰুখ-পত্নী কোম্পানীত যোগদান কৰে। কিছু মাহ পূৰ্বে লক্ষ্ণৌৰ সুশান্ত গলফ চিটি থানাত জামিনবিহীন এফআইআৰ দাখিল কৰিছিল মুম্বাইৰ যশৱন্তই। ৮৬ লাখ টকা দিও ফ্লেটটোৰ চাবি নাপালে বুলি অভিযোগ কৰে।

শ্বাহৰুখ-পত্নী গৌৰী খান তুলসিয়ানী কনষ্ট্ৰাকচন এণ্ড ডেভেলপমেণ্ট লিমিটেডৰ মূল মুখ বা ব্ৰেণ্ড এম্বেছাদৰ। তেওঁৰ প্ৰভাৱতে যশৱন্তই সেই কোম্পানীটোৰ এটা ফ্লেট কিনাৰ সিদ্ধান্ত ল’লে। যশৱন্তৰ দাবী যে যিহেতু ইণ্টেৰিয়ৰ আৰ্টিষ্ট গৌৰী খান কোম্পানীটোৰ ব্ৰেণ্ড এম্বেছাদৰ, গতিকে এই আস্থা ভংগৰ দায়িত্ব তেওঁৰ ওপৰতো পৰে। সেয়ে শ্বাহৰুখ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

তাৰ পিছতো এই কোম্পানীটোৰ নামত বিত্তীয় জালিয়াতিৰ কেইবাটাও অভিযোগ দাখিল কৰা হয়। যিহেতু গৌৰী খান সেই সংগঠনৰ লগত জড়িত, সেয়েহে এইবাৰ তেওঁ ইডিৰ দৃষ্টিগোচৰ হৈছিল। শুনা গৈছে যে অতি সোনকালে তেওঁক মাতি অনা হ’ব। গৌৰীৰ নামত চমন জাৰি হ’লে ইডিৰ বিষয়াই জেৰা কৰিব পাৰে।

শুনা যায় যে সেই ফ্লেটৰ বাবে প্ৰায় ৩০ কোটি টকাৰ অমিল পোৱা গৈছে। সেই ধনৰ উৎসক লৈ ইডিয়ে প্ৰশ্ন উত্থাপন কৰিছে। যোৱা কেইমাহমানৰ পৰা গৌৰীৰ নামো জড়িত হৈ পৰিছে কাৰণ তুলিচিয়ানী গোটৰ বিৰুদ্ধে কেইবাটাও অভিযোগ দাখিল কৰা হৈছে। ইডিয়ে হয়তো জানিব বিচাৰিব যে সেই সংস্থাটোৰ পৰা তেওঁ কিমান টকা পাইছিল। গৌৰী যিকোনো চৰ্ততে সেই সংগঠনৰ লগত জড়িত আছিল, ইডিয়ে সেই সকলোবোৰ দিশ চাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান