--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চনৰ মাজত হোৱা বিচ্ছেদৰ গুজৱেৰে উত্তাল বলিউড৷ অৱশ্যে বচ্চন পৰিয়ালৰ হৈ এতিয়ালৈকে কোনেও একো কোৱা নাই৷ ২০০৭ চনত অভিষেক আৰু ঐশ্বৰ্যই বিবাহপাশত আবদ্ধ হয়। সেই সময়ত ফেচবুক আৰু ইনষ্টাগ্ৰামৰ অনুপস্থিতিৰ বাবে তাৰকাৰ বিবাহক লৈ ইমান হুলস্থুল হোৱা নাছিল। কিন্তু অভিষেক আৰু ঐশ্বৰ্যৰ বিয়াৰ বাতৰি আৰু ছবিয়ে সংবাদ মাধ্যমৰ পৃষ্ঠা ভৰি পেলাইছিল৷

ইয়াৰ পূৰ্বেও ঐশ্বৰ্যক লৈ নানা জল্পনা-কল্পনা আৰু বিতর্ক হৈছিল৷ আহকচোন অভিনেত্ৰী গৰাকীৰ প্ৰেম আৰু বিতৰ্কৰ বিষয়ে জানো৷

ঐশ্বৰ্যৰ প্ৰথম প্ৰেমিক বিচাৰিলে বিভিন্ন সংবাদ মাধ্যম আৰু ৱেবছাইটত ৰাজীৱ মুলচান্দনীৰ নাম উলায়৷ শুনা যায় যে ঐশ্বৰ্য মডেল হৈ থকাৰ সময়ত ৰাজীৱৰ লগত সম্পৰ্কত আছিল। সেই সময়ত তাই অভিনেত্ৰী নহয়, মডেল হিচাপে সুপৰিচিত আছিল। বিভিন্ন সামগ্ৰীৰ মডেলিং কৰাৰ উপৰিও ঐশ্বৰ্যই বিখ্যাত ফেশ্বন ডিজাইনাৰসকলৰ বাবে ৰেম্পত খোজ কাঢ়িছিল। সেই সময়ত ঐশ্বৰ্যই ৰাজীৱৰ লগত কথা পাতিছিল। ৰাজীৱো এজন পেছাদাৰী মডেল আছিল। অলপ পিছতে দুয়োৰে ডেটিং আৰম্ভ হ’ল। কিন্তু ঐশ্বৰ্যই বলীউডত প্ৰৱেশ কৰাৰ পিছত ৰাজীৱৰ সৈতে তেওঁৰ দূৰত্ব বাঢ়িবলৈ ধৰিলে।

ইয়াৰ পিছত কেইবাবছৰ ধৰি ঐশ্বৰ্যই কাৰো কথা চিন্তা নকৰিলে। ১৯৯৯ চনত মুক্তি পোৱা সঞ্জয় লীলা ভাঞ্চালীৰ ‘হম দিল দে চুকে সনাম’ ছবিৰ চেটত ছলমান খানৰ সৈতে কথা পাতিছিল। শুনা যায় যে ছলমান আৰু ঐশ্বৰ্যৰ প্ৰেমত পৰিছিল। প্ৰেমৰ সম্পৰ্কৰ বাবে তেওঁলোক বলীউডৰ অন্যতম চৰ্চা বিন্দু হৈ পৰিছিল। কিন্তু ছলমানে আন মহিলাৰ লগত ফ্লাৰ্ট কৰি ঘূৰি ফুৰাটো ঐশ্বৰ্যই ভাল নাপালে। ছলমানৰ অধিকাৰবোধেও অভিনেত্ৰীগৰাকীক অধৈৰ্য্য কৰি তুলিছিল। ইয়াৰ পিছত ঐশ্বৰ্যই ছলমানৰ জীৱন এৰি যোৱাৰ সিদ্ধান্ত লয়। ইয়াৰ প্ৰতিক্ৰিয়াস্বূৰপে ছলমানে ঐশ্বৰ্যৰ ছবিৰ শ্বুটিঙত গৈ হুলস্থূল কৰিছিল। ছৱিখনৰ নাম আছিল শ্বাহৰুখ অভিনীত 'চলতে চলতে’। প্ৰযোজক আছিল কিং খান নিজে। শ্বাহৰুখে বিৰক্ত হৈ সেই চিনেমাখনত ঐশ্বৰ্যৰ ঠাইত ৰাণী মুখাৰ্জীক লৈছিল। ঐশ্বৰ্যই ছবিখনৰ পৰা বাদ পৰাৰ পাছত ১০ বছৰতকৈ অধিক সময় শ্বাহৰুখৰ সৈতে কথা পতা নাছিল। অৱশ্যে পিছলৈ তেওঁলোকৰ সম্পৰ্কৰ উন্নতি ঘটিল। ইয়াৰ পিছত ঐশ্বৰ্যই ছলমানৰ আগত মুখ মেলিবলৈ সিদ্ধান্ত ল’লে। তেওঁ দাবী কৰে যে ছলমানে তেওঁক ভাবুকি দিছে। ঐশ্বৰ্যই ছলমানক প্ৰহাৰ কৰাৰো অভিযোগো উত্থাপন কৰে। অৱশ্যে সেই সকলোবোৰ অভিযোগ অস্বীকাৰ কৰে ছলমানে।

অভিনেত্ৰীগৰাকীৰ জীৱনত বিবেক অবেৰয়ৰ প্ৰৱেশৰ লগে লগে ছলমান-ঐশ্বৰ্যৰ সম্পৰ্ক আৰু অধিক টেঙা হৈ পৰে। সেই সময়ত বিবেকৰ ঐশ্বৰ্যৰ প্ৰতি ইমানেই প্ৰেম আছিল যে অভিনেত্ৰীগৰাকীৰ ৩০ বছৰীয়া জন্মদিনত তেওঁ ৩০টা উপহাৰ প্ৰেৰণ কৰিছিল। কেইবাটাও স্থানত বিবেক আৰু ঐশ্বৰ্যক একেলগে দেখা গ’ল। ইয়াৰ ফলত ছলমান আৰু ঐশ্বৰ্যৰ সম্পৰ্কৰ ৰসায়ন আৰু জটিল হৈ পৰে। চৰ্চাত থাকোতেই বিবেকে এখন সংবাদমেল অনুষ্ঠিত কৰে। ঐশ্বৰ্যৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ বাবে ছলমানে হত্যাৰ ভাবুকি দিছিল বুলি অভিযোগ কৰে বিবেকে। সেই সকলো অভিযোগ অস্বীকাৰ কৰিলে ছলমানে। কিন্তু এই সকলোবোৰৰ পিছতো বিবেকৰ সৈতে ঐশ্বৰ্যৰ সম্পৰ্ক বেছি দিন নাথাকিল। সাংবাদিক মেল পতাৰ পাছতে কোনো পৰিচালক বা প্ৰযোজকে বিবেকৰ সৈতে কাম কৰিবলৈ সন্মত নহ’ল।

ইয়াৰ পিছত ঐশ্বৰ্যই অভিষেকৰ লগত বিয়া পাতিলে। অৱশ্যে ‘ধূম-২’ ছবিখনৰ এটা দৃশ্যই বিতৰ্কৰ সৃষ্টি কৰে সেই সময়তে। ছবিখনত হৃতিক ৰোশন আৰু ঐশ্বৰ্যৰ মাজত চুমা খোৱাৰ দৃশ্য দেখা গৈছিল। শুনা গৈছে যে এই দৃশ্য বচ্চন পৰিয়ালে ভালকৈ লোৱা নাছিল। কাৰণ সেই সময়ত অভিষেক আৰু ঐশ্বৰ্যৰ বিয়াৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছিল। এই দৃশ্যৰ বাবেও আইনী জাননী লাভ কৰে ঐশ্বৰ্যই।

ব্যৱসায়ী অনিল আম্বানীৰ সৈতেও ঐশ্বৰ্যৰ সম্পৰ্ক আছিল বুলিও কোৱা হয়। অৱশ্যে এই উৰাবাতৰি খাৰিজ কৰে অভিনেত্ৰীগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে