--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰমান্বয়ে বয়সীয়াল লোকৰ সংখ্যা বৃদ্ধি পাইছে পৃথিৱীত। চীন আৰু জাপানৰ দৰে দেশ ইয়াৰ ডাঙৰ উদাহৰণ। এতিয়া ইটালীৰ দৰে দেশেও এই তালিকাত নিজৰ নাম সন্নিৱিষ্ট কৰিছে। ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হ’ল ইটালীত সন্তানৰ জন্মৰ অভাৱ। খবৰ অনুসৰি যোৱা তিনিমাহ ধৰি ইটালীত কোনো শিশুৰ জন্ম হোৱা নাই। এই সমস্যা ইমানেই বৃহৎ যে ইটালিয়ান প্ৰধানমন্ত্ৰীয়ে ইয়াক ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা হিচাপে গ্ৰহণ কৰিছে।

ইংৰাজী বাতৰি ৱেবছাইট মিডিয়ামৰ এক প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ ইটালীয়ে এক নতুন বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। অৱশ্যে এই বিশ্ব অভিলেখটো আনন্দৰ বিষয় নহয়৷কাৰণ এখন দেশত দ্ৰুতগতিত বাৰ্ধক্য হৈ আছে। আচলতে এই প্ৰতিবেদনৰ মতে যোৱা তিনিমাহত ইটালীত এটাও শিশুৰ জন্ম হোৱা নাই। আনহাতে ৰয়টাৰে লিখিছে, ‘নেশ্যনেল ষ্টেটিষ্টিকছ ব্যুৰো আইএছএটিৰ পৰিসংখ্যা অনুসৰি ২০২৩ চনৰ জানুৱাৰীৰ পৰা ২০২৩ চনৰ জুনলৈকে ইটালীত জন্ম হোৱা শিশুৰ সংখ্যা ২০২২ চনৰ জানুৱাৰীৰ পৰা ২০২২ চনৰ জুন মাহৰ ভিতৰত জন্ম হোৱা শিশুতকৈ ৩৫০০জন কম।’

প্ৰতিবেদনত এই তথ্য প্ৰকাশ হোৱাৰ মূল কাৰণ ১৫ৰ পৰা ৪৯ বছৰ বয়সৰ মহিলাৰ অভাৱ। অৰ্থাৎ ইটালীত শিশু জন্ম দিব পৰা বয়সৰ মহিলাৰ নাটনি হৈছে, যাৰ বাবেই এই সমস্যাৰ সৃষ্টি হৈছে। ২০২১ চনৰ তুলনাত ২০২৩ চনত এনে মহিলাৰ সংখ্যা হ্ৰাস পাইছে।

এই ঘটনাটো ইমানেই জটিল যে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিয়ে ইয়াক ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা হিচাপে গ্ৰহণ কৰিছে। যোৱা বছৰো নিৰ্বাচনী প্ৰচাৰত তেওঁ এই বিষয়টো অতি উচ্চস্বৰে উত্থাপন কৰিছিল৷প্ৰতিবেদনত কোৱা হৈছে যে যোৱা বছৰ প্ৰতি সাতটা শিশুৰ জন্মৰ বিপৰীতে ১২টা মৃত্যুৰ ঘটনা ৰেকৰ্ড কৰা হৈছে৷ সহজ ভাষাত যদি ইটালীত এদিনত সাতটা সন্তানৰ জন্ম হৈছিল, তেন্তে একেদিনাই ১২ জন মানুহৰ মৃত্যু হৈছিল। অৰ্থাৎ এনেদৰে চলি থাকিলে তাত জনসংখ্যা দ্ৰুতগতিত হ্ৰাস পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা