--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰমান্বয়ে বয়সীয়াল লোকৰ সংখ্যা বৃদ্ধি পাইছে পৃথিৱীত। চীন আৰু জাপানৰ দৰে দেশ ইয়াৰ ডাঙৰ উদাহৰণ। এতিয়া ইটালীৰ দৰে দেশেও এই তালিকাত নিজৰ নাম সন্নিৱিষ্ট কৰিছে। ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হ’ল ইটালীত সন্তানৰ জন্মৰ অভাৱ। খবৰ অনুসৰি যোৱা তিনিমাহ ধৰি ইটালীত কোনো শিশুৰ জন্ম হোৱা নাই। এই সমস্যা ইমানেই বৃহৎ যে ইটালিয়ান প্ৰধানমন্ত্ৰীয়ে ইয়াক ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা হিচাপে গ্ৰহণ কৰিছে।

ইংৰাজী বাতৰি ৱেবছাইট মিডিয়ামৰ এক প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ ইটালীয়ে এক নতুন বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। অৱশ্যে এই বিশ্ব অভিলেখটো আনন্দৰ বিষয় নহয়৷কাৰণ এখন দেশত দ্ৰুতগতিত বাৰ্ধক্য হৈ আছে। আচলতে এই প্ৰতিবেদনৰ মতে যোৱা তিনিমাহত ইটালীত এটাও শিশুৰ জন্ম হোৱা নাই। আনহাতে ৰয়টাৰে লিখিছে, ‘নেশ্যনেল ষ্টেটিষ্টিকছ ব্যুৰো আইএছএটিৰ পৰিসংখ্যা অনুসৰি ২০২৩ চনৰ জানুৱাৰীৰ পৰা ২০২৩ চনৰ জুনলৈকে ইটালীত জন্ম হোৱা শিশুৰ সংখ্যা ২০২২ চনৰ জানুৱাৰীৰ পৰা ২০২২ চনৰ জুন মাহৰ ভিতৰত জন্ম হোৱা শিশুতকৈ ৩৫০০জন কম।’

প্ৰতিবেদনত এই তথ্য প্ৰকাশ হোৱাৰ মূল কাৰণ ১৫ৰ পৰা ৪৯ বছৰ বয়সৰ মহিলাৰ অভাৱ। অৰ্থাৎ ইটালীত শিশু জন্ম দিব পৰা বয়সৰ মহিলাৰ নাটনি হৈছে, যাৰ বাবেই এই সমস্যাৰ সৃষ্টি হৈছে। ২০২১ চনৰ তুলনাত ২০২৩ চনত এনে মহিলাৰ সংখ্যা হ্ৰাস পাইছে।

এই ঘটনাটো ইমানেই জটিল যে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিয়ে ইয়াক ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা হিচাপে গ্ৰহণ কৰিছে। যোৱা বছৰো নিৰ্বাচনী প্ৰচাৰত তেওঁ এই বিষয়টো অতি উচ্চস্বৰে উত্থাপন কৰিছিল৷প্ৰতিবেদনত কোৱা হৈছে যে যোৱা বছৰ প্ৰতি সাতটা শিশুৰ জন্মৰ বিপৰীতে ১২টা মৃত্যুৰ ঘটনা ৰেকৰ্ড কৰা হৈছে৷ সহজ ভাষাত যদি ইটালীত এদিনত সাতটা সন্তানৰ জন্ম হৈছিল, তেন্তে একেদিনাই ১২ জন মানুহৰ মৃত্যু হৈছিল। অৰ্থাৎ এনেদৰে চলি থাকিলে তাত জনসংখ্যা দ্ৰুতগতিত হ্ৰাস পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক