--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ দেশৰ কিছু প্ৰান্তত বৃদ্ধি পাইছে গেংষ্টাৰৰ সংখ্যা৷৯০ দশকৰ শেষৰ সময়চোৱালৈকে দেশৰ প্ৰায় প্ৰতিটো ক্ষেত্ৰতে গেংষ্টাৰ আৰু আণ্ডাৰৱৰ্ল্ডৰ প্ৰভাৱ বিদ্যমান আছিল৷কিন্তু হঠাতে দেশৰ পৰা নাইকিয়া হ’ব ধৰা গেংষ্টাৰ সংস্কৃতিয়ে পুনৰ মূৰ দাঙি উঠিছে৷

শেহতীয়াকৈ হাৰিয়ানাৰ এজন ১৯ বছৰীয়া যুৱকক অপৰাধমূলক ষড়যন্ত্ৰ আৰু হত্যাৰ কেইবাটাও চেষ্টাৰ অভিযোগৰ ওপৰত ভিত্তি কৰি ইণ্টাৰপ’লে জাননী জাৰি কৰিছে৷ বিশেষ সূত্ৰই জনোৱা মতে, ২ বছৰ পূৰ্বে আমেৰিকালৈ যোৱা যোগেশ কাডিয়ান-এ গেংষ্টাৰ লৰেন্স বিষ্ণোইক হত্যাৰ চেষ্টা কৰা অভিযোগৰ নেতৃত্ব দিয়া বুলি ধাৰণা কৰা লোকসকলৰ ভিতৰত অন্যতম।

বৰ্তমান আমেৰিকাৰ বাবিনহা গেঙৰ অংশ কাডিয়ানক অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰ বিশেষজ্ঞ হিচাপে গণ্য কৰা হয়। ১৭ বছৰ বয়সত তেওঁ ভুৱা পাছপোৰ্ট  লৈ আমেৰিকা লৈ পলায়ন কৰিছিল।সূত্ৰ অনুসৰি তেওঁৰ বাবিনহা গেং আৰু লগতে খালিস্তানী সন্ত্ৰাসবাদীৰ সৈতেও সম্পৰ্ক আছে। খালিস্তানী সম্পৰ্কৰ তদন্তৰ বাবে তেওঁৰ ঘৰ আৰু ভাৰতৰ পৰিচিত আত্মগোপন স্থানত শেহতীয়াকৈ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই অভিযান চলাইছিল।

গেংষ্টাৰজনৰ তথ্য প্ৰদান কৰা বাবে ১.৫ লাখ  পুৰস্কাৰো জাৰি কৰা হৈছে, আনহাতে ইন্টাৰপ’লে কাডিয়ানৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ জাননী জাৰি কৰিছে।ৰেড কৰ্ণাৰ জাননী হৈছে ইন্টাৰপলৰ সদস্য দেশসমূহৰ আইন প্ৰয়োগকাৰী কৰ্তৃপক্ষক অনুৰোধ যে কোনো ব্যক্তিক প্ৰত্যাৰ্পণ, আত্মসমৰ্পণ বা অনুৰূপ আইনী প্ৰক্ৰিয়া সংঘটিত নোহোৱালৈকে বিচাৰি উলিয়াই সাময়িকভাৱে আটক কৰি ৰাখিব লাগে।

ইয়াৰ পূৰ্বে ইণ্টাৰপলে বিদেশত বাস কৰা বুলি ধাৰণা কৰা গেংষ্টাৰ হিমাংশু ওৰফে ভাউৰ বিৰুদ্ধে সকলো সদস্য দেশলৈ ৰেড কৰ্ণাৰ নোটিছ জাৰি কৰিছিল।উল্লেখ্য যে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ তদন্ত অব্যাহত থকা ড্ৰাগছ সৰবৰাহৰ অভিযোগত বৰ্তমান আহমেদাবাদৰ কাৰাগাৰত আছে গেংষ্টাৰ লৰেন্স বিষ্ণোই।কণ্ঠশিল্পী সিদ্ধু মূছেৱালাৰ হত্যাকাণ্ডৰ অভিযুক্ত বিষ্ণোই।

শেহতীয়াকৈ তেওঁ কানাডাত খালিস্তানী সন্ত্ৰাসবাদী সুখদুল সিঙৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰি পুনৰ শিৰোনাম দখল কৰিছিল। ইয়াৰ উপৰিও তেওঁ ছলমান খানক বিগত সময়ত একাধিকবাৰ ভাবুকি দিছিল। চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁ বলীউডৰ অভিনেতাগৰাকীলৈ ই-মেইল প্ৰেৰণ কৰি নিউজ চেনেলত বিষ্ণোইৰ সাক্ষাৎকাৰ নোচোৱা পৰিণতিৰ বিষয়ে সকীয়াই দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক