--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ দেশৰ কিছু প্ৰান্তত বৃদ্ধি পাইছে গেংষ্টাৰৰ সংখ্যা৷৯০ দশকৰ শেষৰ সময়চোৱালৈকে দেশৰ প্ৰায় প্ৰতিটো ক্ষেত্ৰতে গেংষ্টাৰ আৰু আণ্ডাৰৱৰ্ল্ডৰ প্ৰভাৱ বিদ্যমান আছিল৷কিন্তু হঠাতে দেশৰ পৰা নাইকিয়া হ’ব ধৰা গেংষ্টাৰ সংস্কৃতিয়ে পুনৰ মূৰ দাঙি উঠিছে৷

শেহতীয়াকৈ হাৰিয়ানাৰ এজন ১৯ বছৰীয়া যুৱকক অপৰাধমূলক ষড়যন্ত্ৰ আৰু হত্যাৰ কেইবাটাও চেষ্টাৰ অভিযোগৰ ওপৰত ভিত্তি কৰি ইণ্টাৰপ’লে জাননী জাৰি কৰিছে৷ বিশেষ সূত্ৰই জনোৱা মতে, ২ বছৰ পূৰ্বে আমেৰিকালৈ যোৱা যোগেশ কাডিয়ান-এ গেংষ্টাৰ লৰেন্স বিষ্ণোইক হত্যাৰ চেষ্টা কৰা অভিযোগৰ নেতৃত্ব দিয়া বুলি ধাৰণা কৰা লোকসকলৰ ভিতৰত অন্যতম।

বৰ্তমান আমেৰিকাৰ বাবিনহা গেঙৰ অংশ কাডিয়ানক অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰ বিশেষজ্ঞ হিচাপে গণ্য কৰা হয়। ১৭ বছৰ বয়সত তেওঁ ভুৱা পাছপোৰ্ট  লৈ আমেৰিকা লৈ পলায়ন কৰিছিল।সূত্ৰ অনুসৰি তেওঁৰ বাবিনহা গেং আৰু লগতে খালিস্তানী সন্ত্ৰাসবাদীৰ সৈতেও সম্পৰ্ক আছে। খালিস্তানী সম্পৰ্কৰ তদন্তৰ বাবে তেওঁৰ ঘৰ আৰু ভাৰতৰ পৰিচিত আত্মগোপন স্থানত শেহতীয়াকৈ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই অভিযান চলাইছিল।

গেংষ্টাৰজনৰ তথ্য প্ৰদান কৰা বাবে ১.৫ লাখ  পুৰস্কাৰো জাৰি কৰা হৈছে, আনহাতে ইন্টাৰপ’লে কাডিয়ানৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ জাননী জাৰি কৰিছে।ৰেড কৰ্ণাৰ জাননী হৈছে ইন্টাৰপলৰ সদস্য দেশসমূহৰ আইন প্ৰয়োগকাৰী কৰ্তৃপক্ষক অনুৰোধ যে কোনো ব্যক্তিক প্ৰত্যাৰ্পণ, আত্মসমৰ্পণ বা অনুৰূপ আইনী প্ৰক্ৰিয়া সংঘটিত নোহোৱালৈকে বিচাৰি উলিয়াই সাময়িকভাৱে আটক কৰি ৰাখিব লাগে।

ইয়াৰ পূৰ্বে ইণ্টাৰপলে বিদেশত বাস কৰা বুলি ধাৰণা কৰা গেংষ্টাৰ হিমাংশু ওৰফে ভাউৰ বিৰুদ্ধে সকলো সদস্য দেশলৈ ৰেড কৰ্ণাৰ নোটিছ জাৰি কৰিছিল।উল্লেখ্য যে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ তদন্ত অব্যাহত থকা ড্ৰাগছ সৰবৰাহৰ অভিযোগত বৰ্তমান আহমেদাবাদৰ কাৰাগাৰত আছে গেংষ্টাৰ লৰেন্স বিষ্ণোই।কণ্ঠশিল্পী সিদ্ধু মূছেৱালাৰ হত্যাকাণ্ডৰ অভিযুক্ত বিষ্ণোই।

শেহতীয়াকৈ তেওঁ কানাডাত খালিস্তানী সন্ত্ৰাসবাদী সুখদুল সিঙৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰি পুনৰ শিৰোনাম দখল কৰিছিল। ইয়াৰ উপৰিও তেওঁ ছলমান খানক বিগত সময়ত একাধিকবাৰ ভাবুকি দিছিল। চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁ বলীউডৰ অভিনেতাগৰাকীলৈ ই-মেইল প্ৰেৰণ কৰি নিউজ চেনেলত বিষ্ণোইৰ সাক্ষাৎকাৰ নোচোৱা পৰিণতিৰ বিষয়ে সকীয়াই দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা