--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ তীব্ৰ বিতৰ্কত সাঙোৰ খাই পৰিছে বলিউডৰ বিগ বাজেটৰ ছৱি ‘থেংক গড’। ২৫ অক্টোবৰত মুক্তি লাভ কৰিবলগা চিনেমাখনক লৈ তৎপৰ হৈ পৰিছে উচ্চতম ন্যায়ালয়।

হিন্দুসকলৰ দেৱতা চিত্ৰগুপ্তক লৈ আপত্তিজনক দৃশ্য থকা বুলি ইতিমধ্যে শ্ৰী চিত্ৰগুপ্ত ৱেলফেয়াৰ ট্ৰাষ্ট নামৰ এটা সংস্থাই উচ্চতম ন্যায়ালয়ত এখনি আবেদন কৰিছে। চিত্ৰগুপ্ত সম্পকে আপত্তিজনক সংলাপ, উপহাস, অভিনয় থকা বাবে চিনেমাখনৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আবেদন কৰা হৈছিল। চিনেমাখনৰ ট্ৰেইলাৰ, প’ষ্টাৰো আঁতৰাই পেলাবলৈ অনুৰোধ জনোৱা হৈছিল।

সেই অনুসৰি মুখ্য ন্যায়াধীশ উদয় উমেশ ললিত আৰু ন্যায়াধীশ বেলা এম ত্ৰিৱেদীৰে গঠিত এখনি বিচাৰপীঠে অহা ১ নৱেম্বৰত ইয়াৰ শুনানিৰ তাৰিখ নিৰ্ধাৰণ কৰিছে।   
.
উল্লেখ্য যে কমেডি ছৱি ‘থেংক গড’ত অজয় দেৱগণ, সিদ্ধাৰ্থ মালহোট্ৰা আৰু ৰকুল প্ৰীত সিঙে মুখ্য ভূমিকাত অভিনয় কৰিছে। অজয় দেৱগণে চিত্ৰগুপ্তৰ চৰিত্ৰ ৰূপায়ন কৰিছে। ছৱিখন নিৰ্মাণ কৰিছে ভূষণ কুমাৰে আৰু পৰিচালনা কৰিছে ইন্দ্ৰ কুমাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক