--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ ৰাজগড়ত এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে। মধ্যপ্ৰদেশৰ পিপ্লোডিত দেওবাৰে নিশা প্ৰায় ৯ বজাত বিবাহ পাৰ্টীৰে ভৰ্তি ট্ৰেক্টৰ-ট্ৰলী ওলটি বাগৰি পৰাৰ ফলত ১৩ জন লোকে কৰুণ মৃত্যুক আঁকোৱালি লয়৷ এই দুৰ্ঘটনাত ১৬গৰাকী লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। মৃতসকলৰ ভিতৰত ৪টা শিশুও আছে বুলি জানিবলৈ পৰা গৈছে৷

এই খবৰ পোৱাৰ পাছত, আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰে । জানিবলৈ পৰা মতে, ৰাজস্থানৰ মতিপুৰাৰ পৰা কুলমপুৰলৈ বিবাহ অনুষ্ঠানৰ বাবে গৈ আছিল লোকসকল। আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ পোৱা অনুসৰি দলটো বৰযাত্ৰী আছিল৷

দুৰ্ঘটনাৰ পিচতে জিলা চিকিৎসালয়খনত বহু লোকৰ ভিৰ পৰিলক্ষিত হয়৷ সমগ্ৰ চিকিৎসালয়খনত কেৱল কান্দোনৰ ৰোল উঠিছে৷ দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পিচত জিলা চিকিৎসালয়ত উপস্থিত হয় স্বতন্ত্ৰ ভাৰপ্ৰাপ্ত ৰাজ্যিক মন্ত্ৰী নাৰায়ণ সিং পানৱাৰ৷ তেওঁ সকলো লোকৰে স্বাস্থ্যৰ সন্দৰ্ভত বুজ লোৱাৰ লগতে মৃতকসকলৰ বিষয়েও খবৰ লয়৷ লগতে তেওঁ জিলা আৰু চিকিৎসালয় প্ৰশাসনৰ দ্বাৰা আহতসকলৰ চিকিৎসাৰ বাবে লোৱা তৎকালীন পদক্ষেপক প্ৰশংসা কৰে।

ইতিমধ্যে এই ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ আৰু মুখ্যমন্ত্ৰী মোহন যাদৱে শোক প্ৰকাশ কৰিছে৷ 

উল্লেখ্য যে আহতসকলৰ ১৫জনক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দুজনৰ অৱস্থা গুৰুতৰ। মূৰ আৰু বুকুত আঘাতপ্ৰাপ্ত হৈছে। অৱশ্যে তেওঁলোকৰ অৱস্থা বিপদৰ বাহিৰত বুলি কোৱা হৈছে। দুয়োকে উন্নত চিকিৎসাৰ বাবে ভূপাললৈ লৈ যোৱা হৈছে। এতিয়া মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা নাই।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ