--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ ৰাজগড়ত এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে। মধ্যপ্ৰদেশৰ পিপ্লোডিত দেওবাৰে নিশা প্ৰায় ৯ বজাত বিবাহ পাৰ্টীৰে ভৰ্তি ট্ৰেক্টৰ-ট্ৰলী ওলটি বাগৰি পৰাৰ ফলত ১৩ জন লোকে কৰুণ মৃত্যুক আঁকোৱালি লয়৷ এই দুৰ্ঘটনাত ১৬গৰাকী লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। মৃতসকলৰ ভিতৰত ৪টা শিশুও আছে বুলি জানিবলৈ পৰা গৈছে৷

এই খবৰ পোৱাৰ পাছত, আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰে । জানিবলৈ পৰা মতে, ৰাজস্থানৰ মতিপুৰাৰ পৰা কুলমপুৰলৈ বিবাহ অনুষ্ঠানৰ বাবে গৈ আছিল লোকসকল। আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ পোৱা অনুসৰি দলটো বৰযাত্ৰী আছিল৷

দুৰ্ঘটনাৰ পিচতে জিলা চিকিৎসালয়খনত বহু লোকৰ ভিৰ পৰিলক্ষিত হয়৷ সমগ্ৰ চিকিৎসালয়খনত কেৱল কান্দোনৰ ৰোল উঠিছে৷ দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পিচত জিলা চিকিৎসালয়ত উপস্থিত হয় স্বতন্ত্ৰ ভাৰপ্ৰাপ্ত ৰাজ্যিক মন্ত্ৰী নাৰায়ণ সিং পানৱাৰ৷ তেওঁ সকলো লোকৰে স্বাস্থ্যৰ সন্দৰ্ভত বুজ লোৱাৰ লগতে মৃতকসকলৰ বিষয়েও খবৰ লয়৷ লগতে তেওঁ জিলা আৰু চিকিৎসালয় প্ৰশাসনৰ দ্বাৰা আহতসকলৰ চিকিৎসাৰ বাবে লোৱা তৎকালীন পদক্ষেপক প্ৰশংসা কৰে।

ইতিমধ্যে এই ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ আৰু মুখ্যমন্ত্ৰী মোহন যাদৱে শোক প্ৰকাশ কৰিছে৷ 

উল্লেখ্য যে আহতসকলৰ ১৫জনক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দুজনৰ অৱস্থা গুৰুতৰ। মূৰ আৰু বুকুত আঘাতপ্ৰাপ্ত হৈছে। অৱশ্যে তেওঁলোকৰ অৱস্থা বিপদৰ বাহিৰত বুলি কোৱা হৈছে। দুয়োকে উন্নত চিকিৎসাৰ বাবে ভূপাললৈ লৈ যোৱা হৈছে। এতিয়া মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা নাই।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু