--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত আন্দামান নিকোবৰত প্ৰথমবাৰৰ বাবে ভোটদানৰ অভিজ্ঞতা লাভ কৰিলে চোম্পেন জনগোষ্ঠীৰ লোকে । লগে লগে অতি দুৰ্গম স্থান বাস কৰা এই জনগোষ্ঠাৰ লোকসকল হৈ পৰিল ভাৰতীয় গণতন্ত্ৰৰ অংশ।  ৭টা পৰ্যায়ৰ লোকসভা নিৰ্বাচন সম্পূৰ্ণ হোৱাৰ পিছত আয়োগৰ সফলতাৰ বিষয়ে  আলোকপাত কৰি মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে এখন সংবাদমেল এই কথা প্ৰকাশ কৰে।  চোম্পেইন জনজাতিসকলৰ উপৰি দেশৰ বহু প্ৰান্তৰ মানুহে  এইবেলি প্ৰথমবাৰৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে।  সংবাদমেলত  নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে, "গণতন্ত্ৰৰ এই উৎসৱত বৃহৎ সংখ্যক জনজাতীয় লোকে অংশগ্ৰহণ কৰিছে। নিকোবাৰ দ্বীপপুঞ্জৰ চোম্পেন জনজাতিৰ লোকে প্ৰথমবাৰৰ বাবে ভোটদান কৰিছে। আমি তেওঁলোকৰ ভোটদানৰ ফটো আমাৰ ৱেবছাইটত প্ৰদৰ্শন কৰিছো। লগতে দেশৰ ১২৬খন গাঁও আৰু ১৯৯টা  বিচ্ছিন্ন অঞ্চলত প্ৰথমবাৰৰ বাবে ভোটগ্ৰহণ কৰা হৈছে। ছত্তীশগড়ৰ সৰগুজাৰ ১০০টা ভোটগ্ৰহণ কেন্দ্ৰত প্ৰথমবাৰৰ বাবে ভোটদান হৈছে। পাহাৰীয়া অঞ্চলত ৮৮ শতাংশ জনজাতীয় লোকে নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছে। যিটো আমাৰ বাবে অন্যতম সফলতাৰ কাহিনী।’’


নিকোবৰৰ চোম্পেইন জনজাতি লোকসকল বিপন্ন জনগোষ্ঠীৰ লোক হিচাবে চিহ্নিত হৈছে।  ২০১১ চনৰ লোকপিয়ল অনুসৰি নিকোবৰৰ চোম্পেইন জনগোষ্ঠীৰ  জনসংখ্যা মাত্ৰ ২২৯ গৰাকী। ইয়াৰে ৯৮ গৰাকীয়ে লাভ কৰিছে ভোটাধিকাৰ । ৭ জনে  হাবিৰ পৰা ওলাই আহি  ভোটদান কৰে। ভোটদানৰ পূৰ্বে ইভিএম আৰু ভিভিপিএটিৰ প্ৰশিক্ষণো দিয়া হয়। 

ভোটদান কৰাৰ পিছত নিৰ্বাচন আয়োগে সৃষ্টি কৰা চেলফি জ’নত ভোটাৰ কাৰ্ড লৈ তেওঁলোকে  ফটো তোলাও দেখা যায়।
মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত অংগে আৰু গ্ৰেটাৰ  আন্দামানিজ  সম্প্ৰদায়ৰ ভোটাৰসকলে প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাৱ্যস্ত  কৰিছিল। এইবাৰো তেওঁলোকে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে। ইয়াৰ উপৰি বংগৰ  আলিপুৰদুৱাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত টোটোপাৰাৰ লোকসকলেও  এইবাৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে। ভূটানৰ পাহাৰৰ ওচৰত অৱস্থিত এই টোটো চুবুৰীটো বিলুপ্তপ্ৰায় টোটো সম্প্ৰদায়ৰ বাসস্থান। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এই ৩টা বস্তু মগজুৰ বাবে ছুপাৰফুড; দৈনিক খালে বৃদ্ধ বয়সলৈকে স্মৃতিশক্তি চোকা হৈ থাকিব
শ্রীভূমিত ছয় কোটি টকাৰ ড্ৰাগছ জব্দ! এয়াৰটেল কোম্পানীৰ অভিযন্তাসহ আটক ৩
১৪ দালাই লামাৰ পৱিত্ৰ জন্ম দিৱসত কৈলাশ শৰ্মা সম্বৰ্ধিত
লেখক শান্তনু তামুলীৰ 'জয় ইন দ্য জাংগল 'লৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি
ফাষ্টটেগৰ ক্ষেত্ৰত কঠোৰ হ'ব চৰকাৰ
সাৱধান! ChatGPTক এইসমূহ প্ৰশ্ন কৰিলে বিপদত পৰিব আপুনি...