--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰে  প্ৰবীণ অভিনেত্ৰী আশা পাৰেখক  ভাৰতীয় চলচ্চিত্ৰৰ ক্ষেত্ৰত সৰ্বোচ্চ স্বীকৃতি দাদা চাহেব ফালকে বঁটাৰে সন্মানিত কৰা হয়। ৭৯ বছৰীয়া পাৰেখক ৰাষ্ট্ৰপতি দ্ৰৌপদী  মুৰ্মুৱে নতুন দিল্লীৰ  বিজ্ঞান ভৱনত আয়োজিত  ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত এই বঁটা প্ৰদান কৰে।

বঁটা গ্ৰহণ কৰি অভিনেত্ৰী পাৰেখে কয়  যে নিজৰ  ৮০ সংখ্যক জন্মদিনৰ এদিন আগতে  বঁটা লাভ কৰি তেওঁ  কৃতজ্ঞ। তেওঁ কয় "দাদা চাহেব ফালকে বঁটা লাভ কৰাটো এটা ডাঙৰ সন্মান। এই কথাই  মোক অতি আনন্দিত কৰি তুলিছে যে মোৰ ৮০ তম জন্মদিনৰ মাত্ৰ এদিন আগতে মোৰ ওচৰলৈ এই স্বীকৃতি আহিছে।" 

ভাৰতীয় চলচ্চিত্ৰ উদ্যোগক "সৰ্বশ্ৰেষ্ঠ " বুলি অভিহিত কৰি অভিনেতাগৰাকীয়ে কয় যে তেওঁ এতিয়াও চিনেমাৰ সৈতে জৰিত হৈ থাকি সুখী অনুঙৱ কৰিছে। উল্লেখ্য আশা ভোচলে, হেমা মালিনী, পুনম ধিলন, উদিত নাৰায়ণক লৈ গঠিত পাঁচ জনীয়া দাদা চাহেব ফালকে বঁটা সমিতিয়ে   এই সন্মানৰ বাবে পাৰেখক বাছনি কৰিছিল। তেওঁক ১৯৯২ চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল৷ যোৱা বছৰ ৰজনীকান্তক ২০১৯ চনৰ দাদাচাহেব ফালকে বঁটা প্ৰদান কৰা হৈছিল৷
ভাৰতীয় চিনেমাৰ ক্ষেত্ৰত দাদাচাহেব ফাল্কে বঁটাক সৰ্বোচ্চ সন্মান হিচাপে গণ্য কৰা হয়। 

ভাৰতীয় চিনেমাক আগুৱাই লৈ যোৱাত আশা পাৰেখৰ যথেষ্ট অৱদান আছে। এই সন্মানীয় বঁটা লাভ কৰা ৫২ সংখ্যক ব্যক্তি হৈছে  আশা পাৰেখ। আশা পাৰেখ নিজৰ যুগৰ সৰ্বাধিক মাননি পোৱা অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম। অৱশ্যে আশা পাৰেখে বৰ্তমানে অভিনয়ৰ পৰা অব্যাহতি লৈছে। ৬০ আৰু ৭০ ৰ দশকত আশা পাৰেখে ভাৰতীয় চলচ্চিত্ৰৰ জগতত শীৰ্ষ অভিনেত্ৰীৰ আসনত বহিবলৈ সক্ষম হৈছিল। পঞ্জাবী, গুজৰাটী আৰু কানাড়া ছবিতো তেওঁ অভিনয় কৰিছিল। তদুপৰি তেওঁ নিজাকৈ প্ৰডাকচন কোম্পানী আৰম্ভ কৰি টিভি শ্ব’ প্ৰযোজনা কৰিছিল। ১৯৯২ চনত তেওঁ পদ্মশ্ৰী বঁটা লাভ কৰিছিল।

 অনুৰাগ ঠাকুৰে আশাৰ বিষয়ে কয় যে, “তেওঁ ৯৫ খনতকৈও অধিক ছবিত অভিনয় কৰিছিল আৰু ১৯৯৮ চনৰ পৰা ২০০১ চনলৈকে কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ডৰ (চিবিএফচি) অধ্যক্ষ আছিল।”চিনেমাৰ ক্ষেত্ৰত এই সৰ্বোচ্চ দাদা চাহেব ফালকে বঁটা প্ৰতি বছৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত প্ৰদান কৰা হয়।  যোৱা বছৰ ছুপাৰষ্টাৰ ৰজনীকান্তক এই বঁটাৰে সন্মানিত কৰা হৈছিল।৭৯ বছৰীয়া আশা পাৰেখে ‘দিল দেকে দেখো’, ‘কাটি পতংগ’, ‘তিছৰী মঞ্জিল’, ‘কাৰৱা’ আদি হিট ছবিত কাম কৰি কৰিছে। তেওঁক হিন্দী চিনেমাৰ আইকনিক অভিনেত্ৰী হিচাপে গণ্য কৰা হয়।

 নব্বৈৰ দশকৰ শেষৰ ফালে পাৰেখে পৰিচালনা কৰিছিল প্ৰশংসিত টিভি ধাৰাবাহিক ‘কোৰা কাগজ’। প্ৰযোজক আৰু পৰিচালক হিচাপেও তেওঁৰ কাম অসাধাৰণ আছিল।অভিনেত্ৰী আশা পাৰেখক ২০২২ বৰ্ষৰ দাদাচাহেব ফালকে বঁটাৰে সন্মানিত কৰাত আনন্দিত হৈ পৰিছে সাংস্কৃতিক মহল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী