--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰে  প্ৰবীণ অভিনেত্ৰী আশা পাৰেখক  ভাৰতীয় চলচ্চিত্ৰৰ ক্ষেত্ৰত সৰ্বোচ্চ স্বীকৃতি দাদা চাহেব ফালকে বঁটাৰে সন্মানিত কৰা হয়। ৭৯ বছৰীয়া পাৰেখক ৰাষ্ট্ৰপতি দ্ৰৌপদী  মুৰ্মুৱে নতুন দিল্লীৰ  বিজ্ঞান ভৱনত আয়োজিত  ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত এই বঁটা প্ৰদান কৰে।

বঁটা গ্ৰহণ কৰি অভিনেত্ৰী পাৰেখে কয়  যে নিজৰ  ৮০ সংখ্যক জন্মদিনৰ এদিন আগতে  বঁটা লাভ কৰি তেওঁ  কৃতজ্ঞ। তেওঁ কয় "দাদা চাহেব ফালকে বঁটা লাভ কৰাটো এটা ডাঙৰ সন্মান। এই কথাই  মোক অতি আনন্দিত কৰি তুলিছে যে মোৰ ৮০ তম জন্মদিনৰ মাত্ৰ এদিন আগতে মোৰ ওচৰলৈ এই স্বীকৃতি আহিছে।" 

ভাৰতীয় চলচ্চিত্ৰ উদ্যোগক "সৰ্বশ্ৰেষ্ঠ " বুলি অভিহিত কৰি অভিনেতাগৰাকীয়ে কয় যে তেওঁ এতিয়াও চিনেমাৰ সৈতে জৰিত হৈ থাকি সুখী অনুঙৱ কৰিছে। উল্লেখ্য আশা ভোচলে, হেমা মালিনী, পুনম ধিলন, উদিত নাৰায়ণক লৈ গঠিত পাঁচ জনীয়া দাদা চাহেব ফালকে বঁটা সমিতিয়ে   এই সন্মানৰ বাবে পাৰেখক বাছনি কৰিছিল। তেওঁক ১৯৯২ চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল৷ যোৱা বছৰ ৰজনীকান্তক ২০১৯ চনৰ দাদাচাহেব ফালকে বঁটা প্ৰদান কৰা হৈছিল৷
ভাৰতীয় চিনেমাৰ ক্ষেত্ৰত দাদাচাহেব ফাল্কে বঁটাক সৰ্বোচ্চ সন্মান হিচাপে গণ্য কৰা হয়। 

ভাৰতীয় চিনেমাক আগুৱাই লৈ যোৱাত আশা পাৰেখৰ যথেষ্ট অৱদান আছে। এই সন্মানীয় বঁটা লাভ কৰা ৫২ সংখ্যক ব্যক্তি হৈছে  আশা পাৰেখ। আশা পাৰেখ নিজৰ যুগৰ সৰ্বাধিক মাননি পোৱা অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম। অৱশ্যে আশা পাৰেখে বৰ্তমানে অভিনয়ৰ পৰা অব্যাহতি লৈছে। ৬০ আৰু ৭০ ৰ দশকত আশা পাৰেখে ভাৰতীয় চলচ্চিত্ৰৰ জগতত শীৰ্ষ অভিনেত্ৰীৰ আসনত বহিবলৈ সক্ষম হৈছিল। পঞ্জাবী, গুজৰাটী আৰু কানাড়া ছবিতো তেওঁ অভিনয় কৰিছিল। তদুপৰি তেওঁ নিজাকৈ প্ৰডাকচন কোম্পানী আৰম্ভ কৰি টিভি শ্ব’ প্ৰযোজনা কৰিছিল। ১৯৯২ চনত তেওঁ পদ্মশ্ৰী বঁটা লাভ কৰিছিল।

 অনুৰাগ ঠাকুৰে আশাৰ বিষয়ে কয় যে, “তেওঁ ৯৫ খনতকৈও অধিক ছবিত অভিনয় কৰিছিল আৰু ১৯৯৮ চনৰ পৰা ২০০১ চনলৈকে কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ডৰ (চিবিএফচি) অধ্যক্ষ আছিল।”চিনেমাৰ ক্ষেত্ৰত এই সৰ্বোচ্চ দাদা চাহেব ফালকে বঁটা প্ৰতি বছৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত প্ৰদান কৰা হয়।  যোৱা বছৰ ছুপাৰষ্টাৰ ৰজনীকান্তক এই বঁটাৰে সন্মানিত কৰা হৈছিল।৭৯ বছৰীয়া আশা পাৰেখে ‘দিল দেকে দেখো’, ‘কাটি পতংগ’, ‘তিছৰী মঞ্জিল’, ‘কাৰৱা’ আদি হিট ছবিত কাম কৰি কৰিছে। তেওঁক হিন্দী চিনেমাৰ আইকনিক অভিনেত্ৰী হিচাপে গণ্য কৰা হয়।

 নব্বৈৰ দশকৰ শেষৰ ফালে পাৰেখে পৰিচালনা কৰিছিল প্ৰশংসিত টিভি ধাৰাবাহিক ‘কোৰা কাগজ’। প্ৰযোজক আৰু পৰিচালক হিচাপেও তেওঁৰ কাম অসাধাৰণ আছিল।অভিনেত্ৰী আশা পাৰেখক ২০২২ বৰ্ষৰ দাদাচাহেব ফালকে বঁটাৰে সন্মানিত কৰাত আনন্দিত হৈ পৰিছে সাংস্কৃতিক মহল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি