--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ইটোৰ পাছত সিটো চৰাকৰী প্ৰতিষ্ঠানৰ বেচৰকাৰীকৰণ কৰি গৈছে কেন্দ্ৰীয় চৰকাৰে। কিছুমান সম্পূৰ্ণৰূপে আৰু কিছুমান আংশিকভাৱে বেচৰকাৰী কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে মোদী চৰকাৰে। নিৰ্বিনিয়োগ নামেৰে অভিহিত কৰা এই প্ৰক্ৰিয়া হৈছে কেন্দ্ৰীয় চৰকাৰৰ ঘোষিত মুদ্ৰা নীতিসমূহৰ ভিতৰত এটা। অৰ্থনীতিৰ পোছাকী ভাষাত, এই নিৰ্বিনিয়োগক ব্যক্তিগতকৰণ বুলিও ক'ব পাৰি। এই নিৰ্বিনিয়োগ বা ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়াৰ পৰা যেন সাৰি নাযাব কোনো চৰকাৰী সংস্থা বা প্ৰতিষ্ঠান। কেন্দ্ৰই চৰকাৰৰ নিজৰ হাতত থকা প্ৰতিষ্ঠানবোৰ আন ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰাৰ এই প্ৰক্ৰিয়াত এইবাৰ আন এটা প্ৰতিষ্ঠানৰ নাম যোগ হৈছে।

বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰে দেশৰ ৰাজকোষৰ অভাৱ পূৰণ কৰিবলৈ কেইবাটাও চৰকাৰী সংস্থা ব্যক্তিগত হাতলৈ হস্তান্তৰ কৰিছে। তালিকাখনত এয়াৰ ইণ্ডিয়াৰ পৰা আৰম্ভ কৰি কেইবাটাও চৰকাৰী খণ্ডৰ মালিকানাধীন বেংক অন্তৰ্ভুক্ত হৈ আছে। বিশ্বৰ অন্যতম বৃহৎ বীমা কোম্পানী লাইফ ইঞ্চিঅ’ৰেন্স কৰ্পোৰেচন বা এলআইচি-ও সংযু্ক্ত হৈছে এই তালিকাত। কেন্দ্ৰই আইপিঅ' জৰিয়তে ব্যক্তিগত খণ্ডলৈ এলআইচিৰ শ্বেয়াৰ স্থানান্তৰ কৰাৰ কাম আৰম্ভ কৰিছে।

কিন্তু এতিয়া কেন্দ্ৰই ব্যক্তিগতকৰণৰ লক্ষ্যৰ পৰা আঁতৰা নাই। এটাৰ পিছত এটা প্ৰতিষ্ঠান বেচৰকাৰী সংস্থাক গতাই দিয়াৰ পাছত, এইবাৰ কেন্দ্ৰৰ তালিকাত অন্তৰ্ভুক্ত পৰৱৰ্তী কোম্পানীটো হৈছে শ্বিপিং কৰ্পোৰেচন অব ইণ্ডিয়া (এছপিআই)। কোম্পানীটোৰ ৬৩.৭৫ শতাংশ শ্বেয়াৰ আছে কেন্দ্ৰৰ হাতত। কেন্দ্ৰই এই সকলো শ্বেয়াৰ এতিয়া ব্যক্তিগত খণ্ডৰ হাতলৈ এৰি দিব বিচাৰিছে। উল্লেখ্য যে, একেৰাহে দুবছৰ ধৰি, কেন্দ্ৰীয় চৰকাৰে কোম্পানীটো নিলাম কৰাৰ প্ৰচেষ্টা চলাই আহিছে। তেওঁলোকে কেইবাটাও অফাৰ লাভ কৰিছিল। কিন্তু এইটো বিভিন্ন কাৰণত সেয়া সম্পূ্ৰ্ণ হৈ উঠা নাছিল। অৱশ্যে, বৰ্তমান, কেন্দ্ৰই এই প্ৰতিষ্ঠানটোৰ শ্বেয়াৰ বিক্ৰী কৰিবলৈ সাজু হৈছে। অৱশ্যে এই সিদ্ধান্ত কাৰ্যকৰীকৰণত কোনো খৰখেদা কেন্দ্ৰই কৰিব বিচৰা নাই। জানিব পৰা মতে কোম্পানীটো ছেপ্টেম্বৰত নিলাম কৰা হ'ব। তাৰ বাবেই এতিয়া কেন্দ্ৰীয় চৰকাৰে ব্যাপক প্ৰস্তুতি চলাই আছে।

কেন্দ্ৰীয় চৰকাৰে বৰ্তমান নিজৰ হাতত থকা বিভিন্ন ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান বিক্ৰী কৰি প্ৰায় ৬৫,০০০ কোটি টকা সংগ্ৰহ কৰাৰ লক্ষ্য লৈছে। এলআইচিৰ আইপিঅ'ৰ পৰা প্ৰায় ২১হাজাৰ কোটি টকা সংগ্ৰহ কৰাৰ আশা কৰা হৈছে। পৱনহংস বিক্ৰীৰ জৰিয়তে ২১১.১৪ কোটি টকা কেন্দ্ৰলৈ আহিছে। অ'এনজিচিৰ নিৰ্দিষ্টসংখ্যক শ্বেয়াৰ বিক্ৰী কৰি কেন্দ্ৰৰ হাতলৈ আহিছে ৩,০০০ কোটি টকা। এতিয়া ভাৰতীয় শ্বিপিং কৰ্পোৰেচনৰ পৰা কেন্দ্ৰই কিমান পুঁজি আহৰণৰ লক্ষ্য স্থিৰ কৰে সেয়া লক্ষ্যণীয় হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস