--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰঙে মানুহৰ মনত প্ৰভাৱ পেলায়। বহু লোকৰ ক্ষেত্ৰত উজ্জ্বল ৰঙে মনৰ প্ৰফুল্লতা বৃদ্ধি কৰে।  মানুহৰ ব্যক্তিত্বত ৰঙৰ প্ৰভাৱ পৰে। এয়া এক বিজ্ঞানসন্মত কথা আৰু ফেংছুইৰ মতেও প্ৰত্যেকটো ৰঙৰেই নিজা  নিজা অৰ্থ আছে। জানো আহক কি ৰঙৰ কেনে প্ৰভাৱ পৰিব পাৰে আমাৰ ওপৰত৷

নীলা ৰংঃ নীলা ৰং হৈছে পুৰুষত্ব, বীৰত্ব আৰু শক্তিৰ প্ৰতীক। এই ৰঙে মানুহৰ মনত সাহস সৃষ্টি কৰে আৰু মানুহক বিভিন্ন কামত প্ৰবৃত্ত হ'বলৈ উদ্যমী কৰি তোলে। নীলা ৰঙে মানুহক ইন্দ্ৰিয় দমনৰ শক্তি প্ৰদান কৰে । নীলা ৰং হৈছে গভীৰতা আৰু বিশালতাৰ প্ৰতীক। নীলা ৰং সমগ্ৰ আকাশজুৰি বিয়পি আছে। একেদৰে মহাসমুদ্ৰৰ মহাজলৰাশিও নীলা ৰঙৰ হয় ।নীলা ৰঙে মানুহক স্বাৰ্থপৰ, সন্দেবাদী কৰি তোলে৷ বিষাদ ভাবৰ উদ্ৰেক ঘটায়৷

ৰঙা ৰংঃ ৰঙা ৰঙে মানুহক উৎসাহী আৰু উদ্যমী কৰি তোলে। এই ৰঙে মানুহক শক্তি যোগায়।ৰঙা  মানুহক আৱেগপ্ৰৱণ কৰি তোলে, অধৈর্য কৰি তোলে আৰু স্বাৰ্থপৰ কৰি তোলে।

কমলা ৰংঃমানুহৰ সৈতে আত্মীয়তা বৃদ্ধি, বন্ধু বৃদ্ধি ।  এই ৰঙে মানুহক উদত্ত কৰে তথা আলস্য ভাবৰ উদ্রেক ঘটায়
সেউজীয়া ৰঙৰ শুভ প্রভাব : সেউজীয়া ৰঙে মানুহক সৃষ্টিশীল কৰাৰ লগতে প্ৰকৃতিৰ সৈতে একাত্ম হোৱাত সহায় কৰে। স্পৰ্শকাতৰতা তথা বিনয়ৰ ভাব জগাই তোলে।

বেঙুনীয়া ৰং : বেঙুনীয়া ৰঙে মানুহৰ মনক আধ্যাত্মিক কৰি তোলে, যিকোনো কথা সহজে মানি লোৱাৰ গুণ বৃদ্ধি কৰে। আদর্শবান কৰি তোলে, তদুপৰি মানুহক ৰসাল কৰি তোলে ।
৷

বগা ৰং : বগা ৰঙে মানুহৰ মন আধ্যাত্মিক ভাবনাৰে তৰাই তোলে। এই ৰঙে মানুহক দানশীল, উদাৰ কৰি তোলে ।

হালধীয়া ৰং  : হালধীয়া ৰঙে মানুহৰ সৃষ্টিশীলতা বৃদ্ধি কৰে। জ্ঞান লাভৰ প্ৰতি আগ্ৰহী কৰি তোলে, একাগ্ৰতা বৃদ্ধি কৰে, কৌতূহলী কৰি তোলে, ভোগ বিলাসৰ প্ৰতি আকৰ্ষিত কৰি তোলে। যুক্তি বুদ্ধিৰ উৎকৰ্ষ সাধন কৰে ৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ