--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  চাণক্যৰ  নীতিবোৰ অনুসৰণ কৰিলে জীৱনত সফলতাৰ পথ প্ৰশস্ত হয় বুলি বহুতেই ধাৰণা কৰি আহিছে। কঠিন পৰিস্থিতিত চাণক্যৰ এই নীতিবোৰে বুষ্টাৰ পালিৰ দৰে কাম কৰে। সেইবোৰ গ্ৰহণ কৰিলে কেৱল সফলতাই নহয়, লগতে মানুহ এজনে ভৱিষ্যতৰ প্ৰতিটো ভাল আৰু বেয়া মুহূৰ্তৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ সক্ষম হয়।

চাণক্যই কৈছিল যে জীৱনত দুটা বস্তু আছে, যি দুটাৰ  অভাৱৰ বাবে এজন ব্যক্তিয়ে কেতিয়াও অনুশোচনা কৰিব নালাগে, কিয়নো ই ভৱিষ্যতে ব্যক্তিজনক দুবাৰ লাভাৱান্বিত  কৰিব। আচাৰ্য চাণক্যই  কি বিষয়ৰ বিষয়ে উল্লেখ কৰিছিল জানো আহক।

চাণক্যই কৈ গৈছে  যে যদি আপুনি কঠোৰ পৰিশ্ৰম আৰু সততাৰে কাম সমাধা কৰাৰ  পিছতো প্ৰাপ্য সন্মান বা প্ৰশংসা নাপায়, তেন্তে  দুখ নকৰিব। যদি আপুনি কামৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষ্ঠা আৰু সততাৰে কাম সম্পূৰ্ণ কৰিছে, কিন্তু তাৰ পাছতো আপুনি উপযুক্ত সন্মান আৰু প্ৰাপ্য  নাপায়, বিচলিত নহ'ব। কাৰণ  ভৱিষ্যতে এই কঠোৰ পৰিশ্ৰমে আপোনাক অধিক  উচ্চতালৈ লৈ যাঅৰ্থাৎ যদি আপুনি ভাল কামৰ বাবে খ্যাতি বা প্ৰশংসা নাপায়, তেন্তে দুখ কৰাটো সমীচিন নহয়৷যিদৰে তেল পানীৰ সৈতে মিহলি কৰিলেও  তেলে  ইয়াৰ অস্তিত্বনেহেৰুৱায় , ঠিক তেনেদৰে  এজন উদাৰ,  পৰিশ্ৰমী, সৎ আৰু মানসিকভাবে সু-সজ্জিত ব্যক্তিয়ে তেওঁৰ কামৰ জৰিয়তে পৃথিৱীত তেওঁৰ পৰিচয় সৃষ্টি গঢ়ি তুলিবলৈ সক্ষম হয়৷ তেওঁক কোনেও বাধা দি ৰাখিব নোৱাৰে৷ 

দান হৈছে সৰ্বশ্ৰেষ্ঠ ধৰ্ম। প্ৰতিজন মানুহে তেওঁৰ সামৰ্থ্য অনুসৰি দান কৰিব লাগে, সেয়েহে যিমান সম্ভৱ দান কৰিব লাগে ৷কিন্তু এক আন্তৰিক হৃদয়েৰে দান কৰিব লাগে৷   দাতব্য ধন দান কৰাৰ আনন্দ,তেতিয়াহে পোৱা যায় যেতিয়া যিকোনো বস্তু  স্বাৰ্থপৰ উদ্দেশ্য অবিহনে দান কৰা হয়। কেতিয়াও দুখ নকৰিব যে আপোনাৰ  দান কৰাৰ ক্ষমতা তেনেই সীমিত৷ কিয়নো আপুনি নিস্বাৰ্থ মনোভাৱৰ সৈতে এমুঠি খাদ্যশস্য দান কৰিলেও হাজাৰ বাৰ দিয়াৰ দৰে একেগুণ লাভ কৰিব। দান কৰাৰ বিনিময়ত একো পোৱাৰ ইচ্ছা কৰা উচিত নহয়।দান কৰা বস্তুকলৈ কেতিয়াও অনুশোচনা বা দুখ নকৰিব৷ দেখিব সুখৃ-সম্পদেৰে ভৰি পৰিছে আপোনাৰ জীৱন৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে