--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমাৰ শৰীৰত হাড়ৰ গুৰুত্ব অতি উচ্চ, ই আমাৰ শৰীৰৰ গঠন প্ৰস্তুত কৰে। যদি হাড়বোৰ দুৰ্বল হৈ পৰে তেতিয়া আমাৰ শৰীৰত বিষ আৰম্ভ কৰে। শৰীৰৰ বাবে মেৰুদণ্ড অতি গুৰুত্বপূৰ্ণ, কিন্তু ৩০ বছৰৰ পাছত অলপ দুৰ্বল হৈ পৰিব পাৰে। গতিকে এই সমস্যাৰ পৰা হাত সাৰিবলৈ এনে কিছুমান খাদ্য সামগ্ৰী খাব লাগে, যিবোৰ আমাৰ মেৰুদণ্ডৰ বাবে অতি উপকাৰী।

 ১. মেৰুদণ্ডৰ দুৰ্বলতা কেনেকৈ ধৰা পেলাব পাৰি?

যেতিয়া আমাৰ মেৰুদণ্ড দুৰ্বল হ’বলৈ আৰম্ভ কৰে, তেতিয়া কঁকালৰ বিষ, ডিঙিৰ বিষ, নিতম্বৰ বিষ আৰু খোজকঢ়াত অসুবিধা আদি সমস্যা হ’ব পাৰে। বহুক্ষেত্ৰত এইটোও দেখা গৈছে যে হাত-ভৰি অজ্ঞান হ’বলৈ ধৰে। এনে অৱস্থাত যদি আপোনাৰ বয়স ৩০ বছৰতকৈ কম হয়, তেন্তে আপুনি উদ্ভিদ ভিত্তিক প্ৰটিনৰ পৰিমাণ বৃদ্ধি কৰি মেৰুদণ্ড শক্তিশালী কৰিব পাৰে। যদিও মাংস খাই প্ৰটিনৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰি, কিন্তু মেদবহুলতা আৰু কলেষ্টেৰল বৃদ্ধি হোৱাৰ আশংকা থাকে।

 ২. মেৰুদণ্ড মজবুত কৰিবলৈ এইবোৰ খাদ্য খাব লাগে-

* গাখীৰৰ সামগ্ৰী-

গাখীৰ আৰু ইয়াৰ পৰা উৎপাদিত সামগ্ৰীত কেলছিয়াম প্ৰচুৰ পৰিমাণে থাকে, যিটো আমাৰ হাড়ৰ শক্তিশালীতাৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে আপুনি গাখীৰ, দৈ আৰু পনীৰ খাব পাৰে। চেষ্টা কৰক যে গাখীৰত চৰ্বি কম থাকে।

* বনৌষধি-

৩০ বছৰৰ তলৰ লোকসকলে বনৌষধিৰ পৰিমাণ বৃদ্ধি কৰিব লাগে কাৰণ ইয়াৰ আয়ুৰ্বেদিক গুণ আমাৰ শৰীৰ আৰু হাড়ৰ বাবে অতি উপকাৰী। দৈনিক খাদ্যত আদা, হালধি, দালচেনী আৰু তুলসী সেৱন কৰিব লাগে।

* সেউজীয়া শাক-পাচলি-

সেউজীয়া শাক-পাচলিক ছুপাৰফুড বুলি কোৱা হয় কাৰণ ইয়াত ভিটামিন আৰু মিনাৰেল প্ৰচুৰ পৰিমাণে থাকে আৰু স্বাস্থ্যৰ বাবেও ই অতি উপকাৰী। যদি আপুনি নিয়মীয়া খাদ্যত ব্ৰকলি, বন্ধাকবি আৰু কচু অন্তৰ্ভুক্ত কৰে, তেন্তে মেৰুদণ্ডৰ প্ৰদাহ বন্ধ হৈ যাব আৰু কঁকালৰ বিষৰ সমস্যাৰ পৰা উপশম পাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক