--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ইমান ওখ যে তেওঁ আন লোকৰ দৰে গাড়ীত সোমাব নোৱাৰে। আনকি নিজৰ ঘৰত প্ৰৱেশ কৰিবলৈও আন কাৰোবাৰ সহায়ৰ প্ৰয়োজন হয়। বিছনাত ভালকৈ শুবও নোৱাৰে। ২৯ বছৰীয়া চুলেমানা আব্দুল ছামেদৰ শাৰীৰিক উচ্চতা ৭ ফুট ৪ ইঞ্চি। ঘানাৰ আটাইতকৈ ওখ যুৱকজন এতিয়া আলোচনাৰ কেন্দ্ৰবিন্দু।

 শেহতীয়াকৈ চুলেমানায়ে এই উচ্চতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। অৱশ্যে কিছুদিন আগলৈকে চুলেমানাৰ শাৰীৰিক উচ্চতাক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছিল। ঘানাৰ এখন স্থানীয় চিকিৎসালয়ত চুলেমানাৰ উচ্চতা জুখিছিল। চিকিৎসালয় কৰ্তৃপক্ষই চুলেমানাৰ উচ্চতা ৮ ফুট ২.৮ ইঞ্চি বুলি জানিবলৈ দিছিল। অৱশ্যে চুলেমানাই নিজেই তেওঁৰ উচ্চতাৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছিল। তেওঁ পুনৰ উচ্চতা জুখিবলৈ অনুৰোধ কৰিলে। চুলেইমানাৰ কথা ৰক্ষা কৰিবলৈ পুনৰ উচ্চতা জোখা হ’ল আৰু তেওঁৰ উচ্চতা ৭ ফুট ৪ ইঞ্চি বুলি নিৰ্ধাৰিত হয়।

 বিশ্বৰ আটাইতকৈ ওখ লোকৰ তালিকাত চুলেইমানতকৈ ঠিক আগবাঢ়ি আছে তুৰস্কৰ বাসিন্দা চুলতান কোচেন। তেওঁৰ উচ্চতা ৮ ফুট ১ ইঞ্চি। তেওঁ পৃথিৱীৰ সপ্তম সৰ্বোচ্চ পুৰুষ। চুলেমানা উচ্চতাত চুলতানৰ পৰা ১ ফুট পিছ পৰি আছে। অৱশ্যে চুলেমানে দাবী কৰে যে তিনি-চাৰি মাহৰ মূৰে মূৰে তেওঁৰ উচ্চতা বৃদ্ধি পায়। যি হাৰত তেওঁৰ উচ্চতা বৃদ্ধি পাই আছে, তেওঁ অতি সহজেই চুলতানৰ উচ্চতাক চেৰ পেলাব। চুলমানাই লগতে কয় যে এই মুহূৰ্তত তেওঁক বহুত টকাৰ প্ৰয়োজন। কাৰণ পৰ্যাপ্ত ধন পালেহে তেওঁ প্লাষ্টিক চাৰ্জাৰী হ’ব। অতিৰিক্ত উচ্চতাৰ বাবে চুলমানাই বৰ্তমান ভৰিৰ গোৰোহা আৰু ছালৰ বহু সমস্যাত ভুগি আছে। এটা আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ আগত চুলেমানাই কয় যে আল্লাহে মোক যিদৰে সৃষ্টি কৰিছে তাত মই সুখী। মোৰ উচ্চতাৰ কোনো সমস্যা নাই।’










FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ