--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ইমান ওখ যে তেওঁ আন লোকৰ দৰে গাড়ীত সোমাব নোৱাৰে। আনকি নিজৰ ঘৰত প্ৰৱেশ কৰিবলৈও আন কাৰোবাৰ সহায়ৰ প্ৰয়োজন হয়। বিছনাত ভালকৈ শুবও নোৱাৰে। ২৯ বছৰীয়া চুলেমানা আব্দুল ছামেদৰ শাৰীৰিক উচ্চতা ৭ ফুট ৪ ইঞ্চি। ঘানাৰ আটাইতকৈ ওখ যুৱকজন এতিয়া আলোচনাৰ কেন্দ্ৰবিন্দু।

 শেহতীয়াকৈ চুলেমানায়ে এই উচ্চতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। অৱশ্যে কিছুদিন আগলৈকে চুলেমানাৰ শাৰীৰিক উচ্চতাক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছিল। ঘানাৰ এখন স্থানীয় চিকিৎসালয়ত চুলেমানাৰ উচ্চতা জুখিছিল। চিকিৎসালয় কৰ্তৃপক্ষই চুলেমানাৰ উচ্চতা ৮ ফুট ২.৮ ইঞ্চি বুলি জানিবলৈ দিছিল। অৱশ্যে চুলেমানাই নিজেই তেওঁৰ উচ্চতাৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছিল। তেওঁ পুনৰ উচ্চতা জুখিবলৈ অনুৰোধ কৰিলে। চুলেইমানাৰ কথা ৰক্ষা কৰিবলৈ পুনৰ উচ্চতা জোখা হ’ল আৰু তেওঁৰ উচ্চতা ৭ ফুট ৪ ইঞ্চি বুলি নিৰ্ধাৰিত হয়।

 বিশ্বৰ আটাইতকৈ ওখ লোকৰ তালিকাত চুলেইমানতকৈ ঠিক আগবাঢ়ি আছে তুৰস্কৰ বাসিন্দা চুলতান কোচেন। তেওঁৰ উচ্চতা ৮ ফুট ১ ইঞ্চি। তেওঁ পৃথিৱীৰ সপ্তম সৰ্বোচ্চ পুৰুষ। চুলেমানা উচ্চতাত চুলতানৰ পৰা ১ ফুট পিছ পৰি আছে। অৱশ্যে চুলেমানে দাবী কৰে যে তিনি-চাৰি মাহৰ মূৰে মূৰে তেওঁৰ উচ্চতা বৃদ্ধি পায়। যি হাৰত তেওঁৰ উচ্চতা বৃদ্ধি পাই আছে, তেওঁ অতি সহজেই চুলতানৰ উচ্চতাক চেৰ পেলাব। চুলমানাই লগতে কয় যে এই মুহূৰ্তত তেওঁক বহুত টকাৰ প্ৰয়োজন। কাৰণ পৰ্যাপ্ত ধন পালেহে তেওঁ প্লাষ্টিক চাৰ্জাৰী হ’ব। অতিৰিক্ত উচ্চতাৰ বাবে চুলমানাই বৰ্তমান ভৰিৰ গোৰোহা আৰু ছালৰ বহু সমস্যাত ভুগি আছে। এটা আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ আগত চুলেমানাই কয় যে আল্লাহে মোক যিদৰে সৃষ্টি কৰিছে তাত মই সুখী। মোৰ উচ্চতাৰ কোনো সমস্যা নাই।’










FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ