--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ চৰ্দাৰ হাজী জন মহম্মদৰ ঘৰত ৬০ সংখ্যক সন্তানৰ জন্ম হয়। বেলুচিস্তান প্ৰদেশৰ ৰাজধানী কুৱেটাৰ চৰ্দাৰ হাজী জান মহম্মদে দেওবাৰে অৰ্থাৎ নৱবৰ্ষৰ প্ৰথম দিনটোতেই তেওঁৰ ৬০সংখ্যক সন্তানৰ জন্ম হোৱা বুলি দাবী কৰিছে। হাজী জান মহম্মদে জনাইছে যে ৬০ টা শিশুৰ ভিতৰত ৫জন শিশুৰ মৃত্যু হৈছে, আনহাতে তেওঁৰ ৫৫ টা সন্তান জীয়াই আছে আৰু সকলো সুস্থ।

কুৱেটাৰ বাসিন্দা জান মহম্মদ পেছাত চিকিৎসক আৰু একে অঞ্চলতে ক্লিনিক আছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ১৯৯৯ চনত প্ৰথমবাৰৰ বাবে বিবাহপাশত আবদ্ধ হয় জান মহম্মদে।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি জান মহম্মদে কয় যে,“এয়া আল্লাহৰ দয়া”। ৬০ বছৰীয়া সন্তানৰ জন্মত তেওঁ অতিশয় সুখী। খবৰ অনুসৰি তেওঁ নিজৰ ৬০ সংখ্যক সন্তানৰ নাম হাজী খুছহাল খান ৰাখিছে। জান মহম্মদে এতিয়ালৈকে তিনিবাৰ বিবাহ কৰিছে। ১৯৯৯ চনত প্ৰথমবাৰৰ বাবে বিবাহপাশত আবদ্ধ হয়। প্ৰথম পত্নীৰ পৰা জন্ম হোৱা কন্যাৰ বৰ্তমান বয়স ২২ বছৰ। 

চতুৰ্থবাৰৰ বাবে বিবাহৰ ইচ্ছা প্ৰকাশ কৰিছে চৰ্দাৰ হাজী জন মহম্মদে। অতি সোনকালে চতুৰ্থবাৰৰ বাবে বিয়া হ’ব বুলি ক’লে। তেওঁ ক’লে, ‘মই মোৰ সকলো বন্ধুক কৈছো যে মোৰ চতুৰ্থ বিয়াৰ বাবে এজনী ছোৱালী বিচাৰি উলিয়াওক। জীৱনটো দ্ৰুতগতিত পাৰ হৈ গৈ আছে, গতিকে চতুৰ্থ বিবাহৰ বাবে প্ৰাৰ্থনা কৰক।’ জান মহম্মদে লগতে কয় যে তেওঁ আৰু তেওঁৰ পত্নীসকলে তেওঁলোকৰ ঘৰত ল’ৰাতকৈ কন্যা সন্তানক অগ্ৰাধিকাৰ দিয়ে।

৫০ বছৰীয়া চৰ্দাৰ জান মহম্মদে কয় যে আল্লাহৰ ইচ্ছা হ’লে তেওঁৰ ঘৰত আৰু সন্তান জন্ম হ’ব। টেলিফোনযোগে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে, “মোৰ লক্ষ্য ১০০টা শিশু”। তেওঁৰ পত্নীসকলেও একেই বিচাৰে। চৰ্দাৰ জান মহম্মদৰ ঘৰ কুৱেটা চহৰৰ ইষ্টাৰ্ণ বাইপাছৰ ওচৰত। তেওঁ নিজেই কয় যে তেওঁৰ কোনো ডাঙৰ ব্যৱসায় নাই আৰু পৰিয়ালৰ সকলো সদস্যৰ খৰচ ক্লিনিকৰ পৰাই পূৰণ কৰা হয়। তেওঁ লগতে কয় যে তেওঁৰ বহু ছোৱালী বিয়াৰ বাবে উপযুক্ত হৈ পৰিছে যদিও এতিয়াও তেওঁ তেওঁলোকক আৰু অধিক শিকাব বিচাৰে।

চৰ্দাৰ হাজী জন মহম্মদেও ভ্ৰমণৰ প্ৰতি আকৰ্ষিত। তেওঁৰ মতে তেওঁৰ সন্তানসকলে পাকিস্তানৰ প্ৰতিটো অঞ্চল ভ্ৰমণ কৰিব লাগে। যদিও তেওঁ নিজেই কয় যে এতিয়া সকলো ল’ৰা-ছোৱালীক গাড়ীত উঠাই নিয়া সম্ভৱ নহয়। এই ক্ষেত্ৰত তেওঁ চৰকাৰক সহায়ৰ বাবে আবেদন জনাইছে। জান মহম্মদে বিচাৰিছে পাকিস্তান চৰকাৰে (পাক চৰকাৰ) তেওঁক এখন বাছৰ ব্যৱস্থা কৰক যাতে তেওঁ নিজৰ সন্তানক লৈ খোজ কাঢ়িব পাৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ