--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃব্ৰাজিলিয়ান তাৰকা দানি আলভেছৰ বিৰুদ্ধে এগৰাকী যুৱতীয়ে উত্থাপন কৰিছে  যৌন নিৰ্যাতনৰ অভিযোগ৷ সেয়ে বছৰটোৰ আৰম্ভণিতে বিতৰ্কত সোমাই পৰিছে তাৰকাগৰাকী । তেওঁৰ বিৰুদ্ধে বাৰ্চিলোনাৰ নাইট ক্লাবত এগৰাকী যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ  অভিযোগ উত্থাপন হৈছে। অৱশ্যে ব্ৰাজিলৰ তাৰকা ডিফেণ্ডাৰগৰাকীয়ে  এই অভিযোগ অস্বীকাৰ কৰিছে।

 স্থানীয় প্ৰশাসনৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা মতে  ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে। স্পেইনৰ এখন আগশাৰীৰ বাতৰি কাকতত ঘটনাটো সবিস্তাৰে প্ৰকাশ পাইছে। বাতৰি কাকতখনৰ মতে, বাৰ্চিলোনাৰ চাটন নামৰ নাইট ক্লাবত এই ঘটনা সংঘটিত হয়। এই নাইটক্লাবটো চেলিব্ৰিটি আৰু ধনী লোকসকলৰ আহযাহৰ বাবে  সৰ্বজন বিদিত। দানি আলভেছে তাত এগৰাকী যুৱতীৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছিল বুলি অভিযোগ কৰা হৈছে। যুৱতীগৰাকীয়ে  দাবী কৰিছে যে দানিয়ে অনুমতি অবিহনে হঠাতে নাইটক্লাবত তেওঁক স্পৰ্শ কৰিছে। 

দানিয়ে আনকি তেওঁৰ অন্তৰ্বাসত যুৱতীগৰাকীৰ হাত সুমুৱাই দিছিল বুলিও অভিযোগ কৰা হৈছে। ছোৱালীজনীয়ে ঘটনাটো  তেওঁৰ  বন্ধুবৰ্গৰ লগতে নাইট ক্লাবৰ নিৰাপত্তাৰক্ষীসকলক অৱগত কৰিছিল। নাইট ক্লাব কৰ্তৃপক্ষৰ পৰা তথ্য পোৱাৰ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিল। অৱশ্যে খবৰ পোৱা গৈছে যে দানিয়ে তাৰ আগতে সেই স্থানৰ পৰা  গুচি গৈছিল।

অৱশ্যে এতিয়ালৈকে তিনিখন বিশ্বকাপ খেলা তাৰকা ডিফেণ্ডাৰগৰাকীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত লিখিত অভিযোগ দাখিল কৰা নাই। আৰক্ষীয়ে এতিয়াও দানিক প্ৰশ্ন কৰা নাই। যুৱতীগৰাকীৰ  অভিযোগ একেবাৰে সঁচা নে মিছা সেয়া  জানিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ