--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃব্ৰাজিলিয়ান তাৰকা দানি আলভেছৰ বিৰুদ্ধে এগৰাকী যুৱতীয়ে উত্থাপন কৰিছে  যৌন নিৰ্যাতনৰ অভিযোগ৷ সেয়ে বছৰটোৰ আৰম্ভণিতে বিতৰ্কত সোমাই পৰিছে তাৰকাগৰাকী । তেওঁৰ বিৰুদ্ধে বাৰ্চিলোনাৰ নাইট ক্লাবত এগৰাকী যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ  অভিযোগ উত্থাপন হৈছে। অৱশ্যে ব্ৰাজিলৰ তাৰকা ডিফেণ্ডাৰগৰাকীয়ে  এই অভিযোগ অস্বীকাৰ কৰিছে।

 স্থানীয় প্ৰশাসনৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা মতে  ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে। স্পেইনৰ এখন আগশাৰীৰ বাতৰি কাকতত ঘটনাটো সবিস্তাৰে প্ৰকাশ পাইছে। বাতৰি কাকতখনৰ মতে, বাৰ্চিলোনাৰ চাটন নামৰ নাইট ক্লাবত এই ঘটনা সংঘটিত হয়। এই নাইটক্লাবটো চেলিব্ৰিটি আৰু ধনী লোকসকলৰ আহযাহৰ বাবে  সৰ্বজন বিদিত। দানি আলভেছে তাত এগৰাকী যুৱতীৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছিল বুলি অভিযোগ কৰা হৈছে। যুৱতীগৰাকীয়ে  দাবী কৰিছে যে দানিয়ে অনুমতি অবিহনে হঠাতে নাইটক্লাবত তেওঁক স্পৰ্শ কৰিছে। 

দানিয়ে আনকি তেওঁৰ অন্তৰ্বাসত যুৱতীগৰাকীৰ হাত সুমুৱাই দিছিল বুলিও অভিযোগ কৰা হৈছে। ছোৱালীজনীয়ে ঘটনাটো  তেওঁৰ  বন্ধুবৰ্গৰ লগতে নাইট ক্লাবৰ নিৰাপত্তাৰক্ষীসকলক অৱগত কৰিছিল। নাইট ক্লাব কৰ্তৃপক্ষৰ পৰা তথ্য পোৱাৰ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিল। অৱশ্যে খবৰ পোৱা গৈছে যে দানিয়ে তাৰ আগতে সেই স্থানৰ পৰা  গুচি গৈছিল।

অৱশ্যে এতিয়ালৈকে তিনিখন বিশ্বকাপ খেলা তাৰকা ডিফেণ্ডাৰগৰাকীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত লিখিত অভিযোগ দাখিল কৰা নাই। আৰক্ষীয়ে এতিয়াও দানিক প্ৰশ্ন কৰা নাই। যুৱতীগৰাকীৰ  অভিযোগ একেবাৰে সঁচা নে মিছা সেয়া  জানিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ