--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমাৰ শৰীৰৰ সামগ্ৰিক বিকাশ আৰু সুস্বাস্থ্যৰ বাবে বিভিন্ন খনিজ পদাৰ্থৰ প্ৰয়োজন, তাৰ ভিতৰত এটা হ’ল আইৰণ। বহু সময়ত জীৱনশৈলীৰ অৱনতি আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবে আমি এই গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদানটোৰ অভাৱত ভুগো। আইৰণৰ উপস্থিতিৰ বাবে আমাৰ শৰীৰে সঠিকভাৱে কাম কৰে। ইয়াৰ যোগেদি শৰীৰত ৰক্তকণিকা গঢ় লৈ উঠে। যদি আইৰণৰ অভাৱ হয়, তেন্তে আপুনি ৰক্তহীনতাৰ বলি হ’ব পাৰে।

* আইৰণৰ অভাৱত এনেবোৰ লক্ষণে দেখা দিয়ে-

১. সকলো সময়তে ভাগৰুৱা অনুভৱ কৰা

২. সঘনাই জিভা শুকান হোৱা

৩. অত্যধিক পিয়াহ লগা

৪. সকলো সময়তে দুৰ্বলতা অনুভৱ কৰা

৫. অত্যধিক চুলি সৰা

৬. ডিঙিৰ বিষ বৃদ্ধি

৭. উশাহ লোৱাত অসুবিধা

* কোন বয়সত কিমান আইৰণৰ প্ৰয়োজন হয়?

গ্ৰেটাৰ নয়ডাৰ জিমছ হাস্পতালত কৰ্মৰত বিখ্যাত ডায়েটিচিয়ান ডাঃ আয়ুষী যাদৱে কয় যে প্ৰতি বয়সৰ মহিলা আৰু পুৰুষৰ ক্ষেত্ৰত আইৰণৰ প্ৰয়োজনীয়তা বেলেগ বেলেগ হয়। শিশুতকৈ যুৱক-যুৱতীৰ ক্ষেত্ৰত এই খনিজ পদাৰ্থবোৰ অধিক প্ৰয়োজন হয়। যিহেতু মহিলাসকলে প্ৰতিমাহে মাহেকীয়াৰ সময়ত ৰক্তক্ষৰণৰ সন্মুখীন হ’বলগীয়া হয়, সেয়েহে তেওঁলোকক পুৰুষতকৈ অধিক আইৰণৰ প্ৰয়োজন হয়।

১. ৪ৰ পৰা ৮ বছৰ বয়সৰ শিশু-দৈনিক ১০ মিলিগ্ৰাম আইৰণ

২. ৯ৰ পৰা ১৩ বছৰ বয়সৰ–দৈনিক ৮ মিলিগ্ৰাম আইৰণ

৩. ১৯ৰ পৰা ৫০ বছৰ বয়সৰ মহিলা–দৈনিক ১৮ মিলিগ্ৰাম আইৰণ

৪. ১৯ৰ পৰা ৫০ বছৰ বয়সৰ পুৰুষ–দৈনিক ৮ মিলিগ্ৰাম আইৰণ

* আইৰণসমৃদ্ধ খাদ্য-

সুস্বাস্থ্যৰ বাবে আমাক নিয়মীয়াকৈ আইৰণৰ প্ৰয়োজন হয়, কোনবোৰ খাদ্য সামগ্ৰীৰ পৰা শৰীৰে এই খনিজ পদাৰ্থ প্ৰচুৰ পৰিমাণে পায় জানো আহক। আলমণ্ড, কাজু, আখৰোট, গুৰ, মগু, তিল, বীট, আমলখী, জামুক পিষ্টা, নেমু, ডালিম, আপেল, পালেংশাক, কিচমিচ, চিত্ৰ, মধুৰী, কল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ