--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতে আজিকালি ঘৰত, কাৰ্যালয় আদিত একুৱাৰিয়াম ৰাখে। এনে একুৱাৰিয়ামত দেশী-বিদেশী বিভিন্ন ধৰণৰ মাছ ৰখা হয়। একুৱাৰিয়ামত গ'ল্ডফিছ ৰখাটো শুভনে অশুভ? ফেংছুয়ে কি কয়? একুৱাৰিয়ামত গ’ল্ড ফিছ ৰাখিলে গৃহস্থৰ মংগল হয়। 

গ'ল্ডফিছ আৰু ডলফিন হৈছে সৌভাগ্যৰ প্ৰতীক। এই দুইবিধ প্ৰাণীৰ দেহৰ পৰা সকলো সময়তে শুভ শক্তি নির্গত হয়। যি শক্তিয়ে গৃহস্থৰ কল্যাণ সাধনত সহায় কৰে। একুৱাৰিয়ামত গ'ল্ডফিছ ৰখাৰ কেতবোৰ নিয়ম আছে। এটা একুৱাৰিয়ামত মুঠ নটা গ'ল্ডফিছ ৰাখিব লাগে। ইয়াৰে এটা গ'ল্ডফিছ ক’লা হোৱাৰ লগতে বাকীকেইটা ৰঙা বা সোণালী ৰঙৰ হ'ব লাগে।

 গ'ল্ডফিছ থকা একুৱাৰিয়ামটো সঠিক স্থানত স্থাপন কৰিলেহে গৃহস্থই শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। গ’ল্ডফিছ থকা একুৱাৰিয়াম সাধাৰণতে মানুহ বহা ঘৰৰ পূৱ, দক্ষিণ-পূব নাইবা উত্তৰ দিশে ৰাখিব লাগে । এনে একুৱাৰিয়াম কেতিয়াও ৰান্ধনীশাল, স্নানাগাৰ অথবা শোৱনি কোঠাত ৰাখিব নালাগে ৷ ঘৰৰ ভিতৰৰ পৰা মূল দুৱাৰৰ সোঁপিনে কেতিয়াও গ’ল্ডফিছ থকা একুৱাৰিয়াম ৰাখিব নালাগে। 

সেই স্থানত একুৱাৰিয়াম ৰাখিলে ঘৰত নানানধৰণৰ অমংগল হয়। যদি একুৱাৰিয়ামত থকা গ'ল্ডফিছৰ মৃত্যু ঘটে তেন্তে চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই। গ'ল্ডফিছৰ মৃত্যুৱে গৃহস্থৰ কেতবোৰ দুৰ্ভাগ্যক লগত লৈ যায় বুলি বিশ্বাস কৰা হয়। সেইবাবে গ'ল্ডফিছৰ মৃত্যুত চিন্তিত নহৈ পুনৰ আন গ'ল্ডফিছ আনি সেই ঠাই পূৰাব লাগে ।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ