--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুটি মনে মিলিলে বয়সনো কি কথা? বয়সৰ মাজত বৃহৎ পাৰ্থক্য থকাৰ পিছতো বহুতৰে মাজত বিয়া হৈ আহিছে। কিন্তু বয়সৰ পাৰ্থক্য যদি ৭০ আৰু ১৯ হয় তেন্তে নিঃসন্দেহে এয়া আচৰিত হ’বলগীয়া কথাই। বয়সৰ পাৰ্থক্য যিয়েই নহওঁক, মনে পচন্দ কৰা  জীৱন সংগী হিচাপে সঠিক ব্যক্তি বাছনি কৰাটো গুৰুত্বপূৰ্ণ কথা । আৰু সেইটোৱেই কৰিছে এগৰাকী ১৯ বছৰীয়া যুৱতীয়ে।

দৰাৰ বয়স ৭০ বছৰ। কইনা ১৯ বছৰীয়া । ৫ বা ১০  বছৰ নহয়, দৰা-কইনৰ বয়সৰ পাৰ্থক্য ৫১  বছৰ। কিন্তু বয়সৰ পাৰ্থক্য যিয়েই নহওঁক তেওঁলোক এতিয়া স্বামী-স্ত্ৰী শেহতীয়াকৈ ইণ্টাৰনেটত পাকিস্তানৰ এই নৱ বিবাহিত দম্পতীৰ বিষয়ে যথেষ্ট আলোচনা হৈছে। দৰাৰ নাম লিয়াকত আলী। কইনা সুমাইলা। এটা  সাক্ষাৎকাৰত  সুমাইলাই কৈছে  যে তেওঁলোকৰ মাজত  বয়সৰ পাৰ্থক্য দেখি তেওঁৰ পৰিয়ালে বিয়াৰ বাবে মুঠেও সন্মত হোৱা নাছিল। 

কিন্তু শেষত পৰিয়ালটোৱে লিয়াকতৰ প্ৰতি থকা তেওঁৰ প্ৰেমক স্বীকৃতি দি  বিয়া খনত সন্মতি প্ৰদান কৰে। সুমাইলাই কয় "সম্পৰ্কত  সন্মান আৰু মৰ্যাদা আটাইতকৈ গুৰুত্বপূৰ্ণ। য'ত জীৱনজোৰা সম্পৰ্ক গঢ়ি উঠিব তাত এনেবোৰ বিষয়ক অধিক গুৰুত্ব দিয়া হয় । "

সুমাইলাই  দাবী কৰিছে  যে তেওঁ সকলো জানিও বিয়াখনৰ বাবে  সন্মত হৈছিল ।  কাৰণ তেওঁ  লিয়াকতৰ পৰা সেই সন্মান আৰু মৰ্যাদা পাইছিল। আনহাতে  লিয়াকতে কয়  যে যদিও তেওঁৰ শৰীৰত বয়সৰ প্ৰভাৱ পৰিছেতথাপি তেওঁৰ মন এতিয়াও চেঙেলীয়া হৈয়েই আছে।সুমাইলাক সকলো পিনৰ পৰাই তেওঁ সুখী কৰিব পাৰিব বুলি আশাবাদী।  

বয়সৰ পাৰ্থক্য সন্দৰ্ভত লিয়াকতে কয় , "যদি কোনো আইনী বাধা নাথাকে, তেন্তে বয়সৰ পাৰ্থক্য থাকিলেও কোন বৃদ্ধক সেই বিষয়ে কোনো প্ৰশ্নই কৰিব নালাগে!"পাকিস্তানত ইয়াৰ পূৰ্বেও বহু কম বয়সীয়া যুৱতীয়ে বেছি বয়সৰ বৃদ্ধৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে।

এনে ঘটনা  এয়াই নহয়, প্ৰথম ঘটনা, থালেণ্ডতো একেই ঘটনা ঘটিছে। তিনিদিন পূৰ্বে থাইলেণ্ডত এটি কিশোৰীৰে  তেওঁতকৈ ৩৭ বছৰে ডাঙৰ এগৰাকী মহিলাক বিয়া পাতিছে। 
১৯ বছৰীয়া ৱুথিচাই চন্তৰাজে তেওঁৰ বৰ্তমানৰ প্ৰেমিকা ৫৬ বছৰীয়া জানলা নমুয়াংৰাকক বিয়া পাতি সংবাদমাধ্যমৰ শিৰোনাম দখল কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা