--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুটি মনে মিলিলে বয়সনো কি কথা? বয়সৰ মাজত বৃহৎ পাৰ্থক্য থকাৰ পিছতো বহুতৰে মাজত বিয়া হৈ আহিছে। কিন্তু বয়সৰ পাৰ্থক্য যদি ৭০ আৰু ১৯ হয় তেন্তে নিঃসন্দেহে এয়া আচৰিত হ’বলগীয়া কথাই। বয়সৰ পাৰ্থক্য যিয়েই নহওঁক, মনে পচন্দ কৰা  জীৱন সংগী হিচাপে সঠিক ব্যক্তি বাছনি কৰাটো গুৰুত্বপূৰ্ণ কথা । আৰু সেইটোৱেই কৰিছে এগৰাকী ১৯ বছৰীয়া যুৱতীয়ে।

দৰাৰ বয়স ৭০ বছৰ। কইনা ১৯ বছৰীয়া । ৫ বা ১০  বছৰ নহয়, দৰা-কইনৰ বয়সৰ পাৰ্থক্য ৫১  বছৰ। কিন্তু বয়সৰ পাৰ্থক্য যিয়েই নহওঁক তেওঁলোক এতিয়া স্বামী-স্ত্ৰী শেহতীয়াকৈ ইণ্টাৰনেটত পাকিস্তানৰ এই নৱ বিবাহিত দম্পতীৰ বিষয়ে যথেষ্ট আলোচনা হৈছে। দৰাৰ নাম লিয়াকত আলী। কইনা সুমাইলা। এটা  সাক্ষাৎকাৰত  সুমাইলাই কৈছে  যে তেওঁলোকৰ মাজত  বয়সৰ পাৰ্থক্য দেখি তেওঁৰ পৰিয়ালে বিয়াৰ বাবে মুঠেও সন্মত হোৱা নাছিল। 

কিন্তু শেষত পৰিয়ালটোৱে লিয়াকতৰ প্ৰতি থকা তেওঁৰ প্ৰেমক স্বীকৃতি দি  বিয়া খনত সন্মতি প্ৰদান কৰে। সুমাইলাই কয় "সম্পৰ্কত  সন্মান আৰু মৰ্যাদা আটাইতকৈ গুৰুত্বপূৰ্ণ। য'ত জীৱনজোৰা সম্পৰ্ক গঢ়ি উঠিব তাত এনেবোৰ বিষয়ক অধিক গুৰুত্ব দিয়া হয় । "

সুমাইলাই  দাবী কৰিছে  যে তেওঁ সকলো জানিও বিয়াখনৰ বাবে  সন্মত হৈছিল ।  কাৰণ তেওঁ  লিয়াকতৰ পৰা সেই সন্মান আৰু মৰ্যাদা পাইছিল। আনহাতে  লিয়াকতে কয়  যে যদিও তেওঁৰ শৰীৰত বয়সৰ প্ৰভাৱ পৰিছেতথাপি তেওঁৰ মন এতিয়াও চেঙেলীয়া হৈয়েই আছে।সুমাইলাক সকলো পিনৰ পৰাই তেওঁ সুখী কৰিব পাৰিব বুলি আশাবাদী।  

বয়সৰ পাৰ্থক্য সন্দৰ্ভত লিয়াকতে কয় , "যদি কোনো আইনী বাধা নাথাকে, তেন্তে বয়সৰ পাৰ্থক্য থাকিলেও কোন বৃদ্ধক সেই বিষয়ে কোনো প্ৰশ্নই কৰিব নালাগে!"পাকিস্তানত ইয়াৰ পূৰ্বেও বহু কম বয়সীয়া যুৱতীয়ে বেছি বয়সৰ বৃদ্ধৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে।

এনে ঘটনা  এয়াই নহয়, প্ৰথম ঘটনা, থালেণ্ডতো একেই ঘটনা ঘটিছে। তিনিদিন পূৰ্বে থাইলেণ্ডত এটি কিশোৰীৰে  তেওঁতকৈ ৩৭ বছৰে ডাঙৰ এগৰাকী মহিলাক বিয়া পাতিছে। 
১৯ বছৰীয়া ৱুথিচাই চন্তৰাজে তেওঁৰ বৰ্তমানৰ প্ৰেমিকা ৫৬ বছৰীয়া জানলা নমুয়াংৰাকক বিয়া পাতি সংবাদমাধ্যমৰ শিৰোনাম দখল কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক