--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলোৱে কয় প্ৰেম কৰা নাযায়, প্ৰেম হৈ যায়। প্ৰেমৰ মিঠা অনুভূতিয়ে কাক কেতিয়া আৱৰি ধৰে সেয়া ধৰিবকে নোৱাৰি। শেহতীয়াকৈ এটা প্ৰেম কাহিনীয়ে ছ’চিয়েল মিডিয়াত চৰ্চা লাভ কৰিছে। এই প্ৰেম কাহিনী দেখি-শুনি বহু লোকেই কৈছে সঁচাকৈয়ে প্ৰেম অন্ধ। এই জীয়া প্ৰেম কাহিনীৰ প্ৰেমিকাৰ বয়স ১৯ আৰু প্ৰেমিকৰ বয়স ৭০। এওঁলোকে কেৱল প্ৰেম কৰাতে ক্ষান্ত নাথাকি বিবাহপাশতো আৱদ্ধ হৈছে। এই প্ৰেমৰ ঘটনা সংঘটিত হৈছে পাকিস্তানত। এগৰাকী যুৱতীয়ে নিজতকৈ ৫১ বছৰ ডাঙৰ মানুহ এজনক কেনেকৈ বিয়া কৰাব পাৰে বুলিও বহু লোকে প্ৰশ্ন কৰিছে প্ৰেমিকাক।

পাকিস্তানৰ লাহোৰৰ এই দম্পতীক দেখাত ককা-নাতিনী যেন লাগে যদিও তেওঁলোকে ইজনে সিজনক প্ৰাণভৰি ভালপায়। এই দম্পতীৰ সাক্ষাৎকাৰ পাকিস্তানৰ এটা ইউটিউব চেনেলত দিয়াৰ পৰা ই ভাইৰেল হৈ পৰিছে।

পাকিস্তানী ইউটিউবাৰ ছৈয়দ বসিত আলীয়ে এই প্ৰেম কাহিনী বিশ্বৰ সন্মুখলৈ লৈ আনিছে। ১৯ বছৰীয়া প্ৰেমিকাৰ নাম সুমাইলা আৰু ৭০ বছৰীয়া প্ৰেমিকৰ নাম লিয়াকত আলী। মৰ্নিং ৱাকত দুয়ো দুয়োকে প্ৰথম দেখা পাইছিল। সুমাইলাই কয় যে ''প্ৰেমে বয়স দেখা নাপায়, প্ৰেম নজনাকৈ হৈ যায়।'' সুমাইলাৰ পৰিয়ালৰ লোকে প্ৰথমে এই সম্পৰ্কক লৈ আপত্তি কৰিছিল যদিও তেওঁলোকৰ দুৰ্ঘোৰ প্ৰেম দেখি পৰিয়ালৰ লোকে এই সম্পৰ্কত সন্মতি প্ৰদান কৰে। সুমাইলাই কয় যে ''বিবাহৰ ক্ষেত্ৰত সকলোতকৈ ওপৰত সন্মান আৰু মৰ্যাদা থাকে। মই লিয়াকতৰ পৰা সন্মান আৰু মৰ্যাদা পাইছো। এটা বেয়া সম্পৰ্কতকৈ এজন উপযুক্ত মানুহক বিয়া কৰোৱাটো ভাল।''

৭০ বছৰীয়া লিয়াকত আলীয়ে কয় যে তেওঁৰ বয়স ৭০ বছৰ হ’লেও তেওঁৰ মনটো এতিয়াও সৰু ল'ৰাৰ দৰেই হৈ আছে। লিয়াকতে নিজৰ প্ৰেমৰ কথা কয় যে, ''আমি প্ৰতিদিনে পুৱা খোজ কাঢ়িছিলোঁ। এবাৰ সুমাইলা গৈ থাকোতে মই পিছফালৰ পৰা গান গুণগুণাইবলৈ ধৰিলোঁ। তেওঁ পিছলৈ ঘূৰি চালে, বচ হৈ গ'ল আমাৰ মাজত প্ৰেম।''

কোমল বয়সীয়া পত্নীৰ হাতৰ খাদ্যৰ প্ৰতি তেওঁ ইমানেই আকৰ্ষিত হৈ পৰিছে যে ৰেষ্টুৰেণ্টত খোৱা বন্ধ কৰি দিছে। আনহাতে ৫১ বছৰৰ পাৰ্থক্য সন্দৰ্ভত তেওঁ কয় যে যদি আইনে কাৰোবাক বিয়া কৰিবলৈ অনুমতি দিয়ে, তেন্তে এই ক্ষেত্ৰত বুঢ়া বা ডেকা হোৱাৰ লগত কোনো প্ৰশ্নই নাহে, মাঁথো মন মিলিলেই হ’ল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক