--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলোৱে কয় প্ৰেম কৰা নাযায়, প্ৰেম হৈ যায়। প্ৰেমৰ মিঠা অনুভূতিয়ে কাক কেতিয়া আৱৰি ধৰে সেয়া ধৰিবকে নোৱাৰি। শেহতীয়াকৈ এটা প্ৰেম কাহিনীয়ে ছ’চিয়েল মিডিয়াত চৰ্চা লাভ কৰিছে। এই প্ৰেম কাহিনী দেখি-শুনি বহু লোকেই কৈছে সঁচাকৈয়ে প্ৰেম অন্ধ। এই জীয়া প্ৰেম কাহিনীৰ প্ৰেমিকাৰ বয়স ১৯ আৰু প্ৰেমিকৰ বয়স ৭০। এওঁলোকে কেৱল প্ৰেম কৰাতে ক্ষান্ত নাথাকি বিবাহপাশতো আৱদ্ধ হৈছে। এই প্ৰেমৰ ঘটনা সংঘটিত হৈছে পাকিস্তানত। এগৰাকী যুৱতীয়ে নিজতকৈ ৫১ বছৰ ডাঙৰ মানুহ এজনক কেনেকৈ বিয়া কৰাব পাৰে বুলিও বহু লোকে প্ৰশ্ন কৰিছে প্ৰেমিকাক।

পাকিস্তানৰ লাহোৰৰ এই দম্পতীক দেখাত ককা-নাতিনী যেন লাগে যদিও তেওঁলোকে ইজনে সিজনক প্ৰাণভৰি ভালপায়। এই দম্পতীৰ সাক্ষাৎকাৰ পাকিস্তানৰ এটা ইউটিউব চেনেলত দিয়াৰ পৰা ই ভাইৰেল হৈ পৰিছে।

পাকিস্তানী ইউটিউবাৰ ছৈয়দ বসিত আলীয়ে এই প্ৰেম কাহিনী বিশ্বৰ সন্মুখলৈ লৈ আনিছে। ১৯ বছৰীয়া প্ৰেমিকাৰ নাম সুমাইলা আৰু ৭০ বছৰীয়া প্ৰেমিকৰ নাম লিয়াকত আলী। মৰ্নিং ৱাকত দুয়ো দুয়োকে প্ৰথম দেখা পাইছিল। সুমাইলাই কয় যে ''প্ৰেমে বয়স দেখা নাপায়, প্ৰেম নজনাকৈ হৈ যায়।'' সুমাইলাৰ পৰিয়ালৰ লোকে প্ৰথমে এই সম্পৰ্কক লৈ আপত্তি কৰিছিল যদিও তেওঁলোকৰ দুৰ্ঘোৰ প্ৰেম দেখি পৰিয়ালৰ লোকে এই সম্পৰ্কত সন্মতি প্ৰদান কৰে। সুমাইলাই কয় যে ''বিবাহৰ ক্ষেত্ৰত সকলোতকৈ ওপৰত সন্মান আৰু মৰ্যাদা থাকে। মই লিয়াকতৰ পৰা সন্মান আৰু মৰ্যাদা পাইছো। এটা বেয়া সম্পৰ্কতকৈ এজন উপযুক্ত মানুহক বিয়া কৰোৱাটো ভাল।''

৭০ বছৰীয়া লিয়াকত আলীয়ে কয় যে তেওঁৰ বয়স ৭০ বছৰ হ’লেও তেওঁৰ মনটো এতিয়াও সৰু ল'ৰাৰ দৰেই হৈ আছে। লিয়াকতে নিজৰ প্ৰেমৰ কথা কয় যে, ''আমি প্ৰতিদিনে পুৱা খোজ কাঢ়িছিলোঁ। এবাৰ সুমাইলা গৈ থাকোতে মই পিছফালৰ পৰা গান গুণগুণাইবলৈ ধৰিলোঁ। তেওঁ পিছলৈ ঘূৰি চালে, বচ হৈ গ'ল আমাৰ মাজত প্ৰেম।''

কোমল বয়সীয়া পত্নীৰ হাতৰ খাদ্যৰ প্ৰতি তেওঁ ইমানেই আকৰ্ষিত হৈ পৰিছে যে ৰেষ্টুৰেণ্টত খোৱা বন্ধ কৰি দিছে। আনহাতে ৫১ বছৰৰ পাৰ্থক্য সন্দৰ্ভত তেওঁ কয় যে যদি আইনে কাৰোবাক বিয়া কৰিবলৈ অনুমতি দিয়ে, তেন্তে এই ক্ষেত্ৰত বুঢ়া বা ডেকা হোৱাৰ লগত কোনো প্ৰশ্নই নাহে, মাঁথো মন মিলিলেই হ’ল। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা