--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত নিতৌ বৃদ্ধি পাইছে পথ দুৰ্ঘটনা। প্ৰতি দিনে দেশত বহু লোকে পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি লৈছে। বাট-পথৰ দুৰৱস্থা আৰু অন্যান্য কাৰকৰ বাবে দেশত পথ দুৰ্ঘটনা বৃদ্ধি পাইছে। এনে সময়তে কেন্দ্ৰীয় পথ পৰিবহন দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে পথ সুৰক্ষাৰ মানৰ সৈতে আপোচ কৰা  আৰু মানুহৰ বহু ত্ৰুটিৰ বাবে ভাৰতে ২০২৪ চনৰ পূৰ্বে পথ দুৰ্ঘটনা ৫০ শতাংশ হ্ৰাস কৰাৰ লক্ষ্য প্ৰাপ্ত কৰিব নোৱাৰিব বুলি মন্তব্য কৰিছে।

গাডকাৰীয়ে কয় যে  সংঘৰ্ষ  বা সন্ত্ৰাসবাদী আক্ৰমণতকৈ পথ দুৰ্ঘটনাত অধিক লোকৰ মৃত্যু হয়। তেওঁ কয় "আমি কৈছিলো যে আমি ২০২৪ চনৰ আগতে পথ দুৰ্ঘটনাৰ সংখ্যা ৫০ শতাংশ হ্ৰাস কৰিম। কিন্তু আমি সেয়া কৰিব নোৱাৰিলোঁ । আমি এইটো কৰিব নোৱাৰিলোঁ কাৰণ আমাৰ কিছুমান ত্ৰুটি আছে আৰু আন কিছুমান লোক আছে যিয়ে তেওঁলোকৰ কাম কৰা নাই,"য়। পথ অভিযান্ত্ৰিকৰ উন্নতিৰ প্ৰয়োজনীয়তাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি তেওঁ কয়, "যিসকল লোকে বিতং প্ৰকল্প প্ৰতিবেদন (ডিপিআৰ) প্ৰস্তুত কৰে তেওঁলোকে ভালদৰে  কাম কৰা নাই।

 তেওঁলোকে নিৰ্মাণৰ ব্যয় হ্ৰাস কৰিবলৈ ডিপিআৰ প্ৰস্তুত কৰোঁতে পথ সুৰক্ষাৰ মানৰ সৈতে আপোচ কৰিছে আৰু ইচ্ছাকৃতভাৱে পথ প্ৰকল্পত প্ৰয়োজনীয় দলঙৰ লগতে উৰণীয়া সেঁতু নিৰ্মাণৰ ব্যৱস্থা কৰা নাই," তেওঁ উল্লেখ কৰে" আমি এনেবোৰ কথা চিনাক্ত কৰিছো। আনকি ভাল ৰাস্তাৰ চিহ্নয়ো দুৰ্ঘটনাৰ আশংকা হ্ৰাস কৰাত সহায় কৰে। লেনৰ নীতি মানি চলিলে দেশত পথ সুৰক্ষা নিশ্চিত কৰাৰ  যুঁজ জিকাত সহায় হ’ব," । 

তেওঁ পাঁচটা গুৰুত্বপূৰ্ণ  বিষয়  -- অভিযান্ত্ৰিক (পথ), জৰুৰীকালীন অৱস্থা (দুৰ্ঘটনাৰ ক্ষেত্ৰত পদক্ষেপ), অভিযান্ত্ৰিক (অটোমোবাইল), শিক্ষা (পথ সুৰক্ষাৰ বিষয়ে) আৰু প্ৰৱৰ্তন (নিয়ম)ৰ বিষয়ত  গুৰুত্ব আৰোপ কৰে।উল্লেখ্য বিগত পাঁচটা বছৰত ভাৰতত হাজাৰ হাজাৰ লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী