--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত নিতৌ বৃদ্ধি পাইছে পথ দুৰ্ঘটনা। প্ৰতি দিনে দেশত বহু লোকে পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি লৈছে। বাট-পথৰ দুৰৱস্থা আৰু অন্যান্য কাৰকৰ বাবে দেশত পথ দুৰ্ঘটনা বৃদ্ধি পাইছে। এনে সময়তে কেন্দ্ৰীয় পথ পৰিবহন দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে পথ সুৰক্ষাৰ মানৰ সৈতে আপোচ কৰা  আৰু মানুহৰ বহু ত্ৰুটিৰ বাবে ভাৰতে ২০২৪ চনৰ পূৰ্বে পথ দুৰ্ঘটনা ৫০ শতাংশ হ্ৰাস কৰাৰ লক্ষ্য প্ৰাপ্ত কৰিব নোৱাৰিব বুলি মন্তব্য কৰিছে।

গাডকাৰীয়ে কয় যে  সংঘৰ্ষ  বা সন্ত্ৰাসবাদী আক্ৰমণতকৈ পথ দুৰ্ঘটনাত অধিক লোকৰ মৃত্যু হয়। তেওঁ কয় "আমি কৈছিলো যে আমি ২০২৪ চনৰ আগতে পথ দুৰ্ঘটনাৰ সংখ্যা ৫০ শতাংশ হ্ৰাস কৰিম। কিন্তু আমি সেয়া কৰিব নোৱাৰিলোঁ । আমি এইটো কৰিব নোৱাৰিলোঁ কাৰণ আমাৰ কিছুমান ত্ৰুটি আছে আৰু আন কিছুমান লোক আছে যিয়ে তেওঁলোকৰ কাম কৰা নাই,"য়। পথ অভিযান্ত্ৰিকৰ উন্নতিৰ প্ৰয়োজনীয়তাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি তেওঁ কয়, "যিসকল লোকে বিতং প্ৰকল্প প্ৰতিবেদন (ডিপিআৰ) প্ৰস্তুত কৰে তেওঁলোকে ভালদৰে  কাম কৰা নাই।

 তেওঁলোকে নিৰ্মাণৰ ব্যয় হ্ৰাস কৰিবলৈ ডিপিআৰ প্ৰস্তুত কৰোঁতে পথ সুৰক্ষাৰ মানৰ সৈতে আপোচ কৰিছে আৰু ইচ্ছাকৃতভাৱে পথ প্ৰকল্পত প্ৰয়োজনীয় দলঙৰ লগতে উৰণীয়া সেঁতু নিৰ্মাণৰ ব্যৱস্থা কৰা নাই," তেওঁ উল্লেখ কৰে" আমি এনেবোৰ কথা চিনাক্ত কৰিছো। আনকি ভাল ৰাস্তাৰ চিহ্নয়ো দুৰ্ঘটনাৰ আশংকা হ্ৰাস কৰাত সহায় কৰে। লেনৰ নীতি মানি চলিলে দেশত পথ সুৰক্ষা নিশ্চিত কৰাৰ  যুঁজ জিকাত সহায় হ’ব," । 

তেওঁ পাঁচটা গুৰুত্বপূৰ্ণ  বিষয়  -- অভিযান্ত্ৰিক (পথ), জৰুৰীকালীন অৱস্থা (দুৰ্ঘটনাৰ ক্ষেত্ৰত পদক্ষেপ), অভিযান্ত্ৰিক (অটোমোবাইল), শিক্ষা (পথ সুৰক্ষাৰ বিষয়ে) আৰু প্ৰৱৰ্তন (নিয়ম)ৰ বিষয়ত  গুৰুত্ব আৰোপ কৰে।উল্লেখ্য বিগত পাঁচটা বছৰত ভাৰতত হাজাৰ হাজাৰ লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস