--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্ববিদ্যালয়ৰ কেম্পাছ উদ্বোধনক লৈ কৃতিত্ব লাভৰ যুঁজ দিল্লীত। দেশৰ ৰাজধানী দিল্লীত পুনৰ তুংগত ৰাজ্যপাল-মুখ্যমন্ত্ৰীকেন্দ্ৰিক সংঘাত। 

এইবাৰ বিশ্ববিদ্যালয় কেম্পাছ উদ্বোধন কাৰ্যসূচীত অপ্ৰীতিকৰ পৰিস্থিতি। গুৰু গোবিন্দ সিং ইন্দ্ৰপ্ৰস্থ বিশ্বিবিদ্যালয়ৰ পূব দিল্লীৰ কেম্পাছ উদ্বোধনত সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতি। কেম্পাছ উদ্বোধনৰ সময়ত বাক-বিতণ্ডাত লিপ্ত হয় বিজেপি আৰু আপৰ একাংশ নেতা-কৰ্মী। 

আজি কেম্পাছ উদ্বোধনৰ বাবে উপস্থিত হয়গৈ দিল্লীৰ উপ-ৰাজ্যপাল ভি কে ছাক্সেনা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। কেম্পাছ উদ্বোধনৰ সময় দৃষ্টিকটুভাৱে স্পষ্ট হৈ পৰিল উপ-ৰাজ্যপাল, মুখ্যমন্ত্ৰীৰ সংঘাত। কেম্পাছৰ নাম ফলক উদ্বোধনৰ বাবে আগবাঢ়িছিল মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। কিন্তু কেজৰিৱালক বাধা দি নামফলক উদ্বোধনৰ বাবে আগবাঢ়ি গৈছিল উপ-ৰাজ্যপাল ভি কে কাক্সেনা। কেজৰিৱালক হাতেৰে ঠেলি আঁতৰাই দিয়াৰ দৃশ্য সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। 

অৱশ্যে পৰৱৰ্তী সময়ত দুয়োগৰাকীয়ে একেলগে উদ্বোধন কৰে নামফলক। ইয়াৰ পাছত মূল সভাতো সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতিৰ। কেম্পাছ উদ্বোধনৰ পাছতেই উপস্থিত জনতাক উদ্দেশ্যি ভাষণ আগবঢ়াই কেজৰিৱালে। কেজৰিৱালৰ ভাষণ আৰম্ভ হওঁতেই সভাত উপস্থিত থকা বিজেপি কৰ্মকৰ্তাই মোদী মোদী শ্ল’গানেৰে উত্তাল কৰি তোলে পৰিস্থিতি। কেজৰিৱালে বিজেপি কৰ্মকৰ্তাক হাতযোৰ কৰি নিবেদন কৰে শান্ত হ’বলৈ। ৫ মিনিট সময় তেওঁৰ কথা শুনিবলৈ অনুৰোধ কৰে কেজৰিৱালে। কিন্তু ইয়াৰ পাছত বিজেপি আৰু আপৰ কৰ্মকৰ্তাৰ মাজত অব্যাহত থাকে বাক-বিতণ্ডা। 

উল্লেখ্য যে কেম্পাছ উদ্বোধনক লৈ পূৰ্বৰে পৰা সংঘাত সৃষ্টি হৈছিল আপ আৰু বিজেপিৰ মাজত। বিশ্ববিদ্যালয়ৰ সেই কেম্পাছটো নিৰ্মাণৰ দাবী দুয়োটা দলৰেই। দিল্লীৰ শিক্ষামন্ত্ৰী আটিচি মাৰ্লিনাই এয়া মনীষ ছিছ’দিয়াৰ দীৰ্ঘদিনীয়া কষ্টৰ ফল বুলি উল্লেখ কৰিছিল। প্ৰাক্তন শিক্ষামন্ত্ৰী মনীষ ছিচ’দিয়াৰ সপোনে বাস্তৱ ৰূপ লাভ কৰা বুলি মন্তব্য মাৰ্লেনাৰ। বিপৰীতে বিজেপিয়ে এই কেম্পাছটোৰ আধাৰশিলা প্ৰাক্তন শিক্ষামন্ত্ৰী স্মৃতি ইৰাণীয়ে কৰা বুলি মন্তব্য কৰে। বিজেপিৰ দিনত হোৱা কামৰ কৃতিত্ব আপে ল’ব বিচাৰিছে বুলি মন্তব্য বিজেপিৰ। এইদৰেই এটা কেম্পাছ উদ্বোধনক লৈ পুনৰ দিল্লীত স্পষ্ট হৈ পৰিল কেন্দ্ৰীয় চৰকাৰৰে দিল্লী চৰকাৰৰ সংঘাত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস