--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্ববিদ্যালয়ৰ কেম্পাছ উদ্বোধনক লৈ কৃতিত্ব লাভৰ যুঁজ দিল্লীত। দেশৰ ৰাজধানী দিল্লীত পুনৰ তুংগত ৰাজ্যপাল-মুখ্যমন্ত্ৰীকেন্দ্ৰিক সংঘাত। 

এইবাৰ বিশ্ববিদ্যালয় কেম্পাছ উদ্বোধন কাৰ্যসূচীত অপ্ৰীতিকৰ পৰিস্থিতি। গুৰু গোবিন্দ সিং ইন্দ্ৰপ্ৰস্থ বিশ্বিবিদ্যালয়ৰ পূব দিল্লীৰ কেম্পাছ উদ্বোধনত সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতি। কেম্পাছ উদ্বোধনৰ সময়ত বাক-বিতণ্ডাত লিপ্ত হয় বিজেপি আৰু আপৰ একাংশ নেতা-কৰ্মী। 

আজি কেম্পাছ উদ্বোধনৰ বাবে উপস্থিত হয়গৈ দিল্লীৰ উপ-ৰাজ্যপাল ভি কে ছাক্সেনা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। কেম্পাছ উদ্বোধনৰ সময় দৃষ্টিকটুভাৱে স্পষ্ট হৈ পৰিল উপ-ৰাজ্যপাল, মুখ্যমন্ত্ৰীৰ সংঘাত। কেম্পাছৰ নাম ফলক উদ্বোধনৰ বাবে আগবাঢ়িছিল মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। কিন্তু কেজৰিৱালক বাধা দি নামফলক উদ্বোধনৰ বাবে আগবাঢ়ি গৈছিল উপ-ৰাজ্যপাল ভি কে কাক্সেনা। কেজৰিৱালক হাতেৰে ঠেলি আঁতৰাই দিয়াৰ দৃশ্য সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। 

অৱশ্যে পৰৱৰ্তী সময়ত দুয়োগৰাকীয়ে একেলগে উদ্বোধন কৰে নামফলক। ইয়াৰ পাছত মূল সভাতো সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতিৰ। কেম্পাছ উদ্বোধনৰ পাছতেই উপস্থিত জনতাক উদ্দেশ্যি ভাষণ আগবঢ়াই কেজৰিৱালে। কেজৰিৱালৰ ভাষণ আৰম্ভ হওঁতেই সভাত উপস্থিত থকা বিজেপি কৰ্মকৰ্তাই মোদী মোদী শ্ল’গানেৰে উত্তাল কৰি তোলে পৰিস্থিতি। কেজৰিৱালে বিজেপি কৰ্মকৰ্তাক হাতযোৰ কৰি নিবেদন কৰে শান্ত হ’বলৈ। ৫ মিনিট সময় তেওঁৰ কথা শুনিবলৈ অনুৰোধ কৰে কেজৰিৱালে। কিন্তু ইয়াৰ পাছত বিজেপি আৰু আপৰ কৰ্মকৰ্তাৰ মাজত অব্যাহত থাকে বাক-বিতণ্ডা। 

উল্লেখ্য যে কেম্পাছ উদ্বোধনক লৈ পূৰ্বৰে পৰা সংঘাত সৃষ্টি হৈছিল আপ আৰু বিজেপিৰ মাজত। বিশ্ববিদ্যালয়ৰ সেই কেম্পাছটো নিৰ্মাণৰ দাবী দুয়োটা দলৰেই। দিল্লীৰ শিক্ষামন্ত্ৰী আটিচি মাৰ্লিনাই এয়া মনীষ ছিছ’দিয়াৰ দীৰ্ঘদিনীয়া কষ্টৰ ফল বুলি উল্লেখ কৰিছিল। প্ৰাক্তন শিক্ষামন্ত্ৰী মনীষ ছিচ’দিয়াৰ সপোনে বাস্তৱ ৰূপ লাভ কৰা বুলি মন্তব্য মাৰ্লেনাৰ। বিপৰীতে বিজেপিয়ে এই কেম্পাছটোৰ আধাৰশিলা প্ৰাক্তন শিক্ষামন্ত্ৰী স্মৃতি ইৰাণীয়ে কৰা বুলি মন্তব্য কৰে। বিজেপিৰ দিনত হোৱা কামৰ কৃতিত্ব আপে ল’ব বিচাৰিছে বুলি মন্তব্য বিজেপিৰ। এইদৰেই এটা কেম্পাছ উদ্বোধনক লৈ পুনৰ দিল্লীত স্পষ্ট হৈ পৰিল কেন্দ্ৰীয় চৰকাৰৰে দিল্লী চৰকাৰৰ সংঘাত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ