--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধৰ্ষণৰ বলি হোৱা এগৰাকী নাবালিকা। নাবালিকাগৰাকী এতিয়া ৭ মাহৰ গৰ্ভৱতী । নাবালিকাগৰাকীৰ গৰ্ভপাতৰ অনুমতি বিচাৰি গুজৰাট উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল তেওঁৰ পিতৃ। কিন্তু আদালতে পোনপটীয়াকৈ নাবালিকাগৰাকীক দিয়া নাই গৰ্ভৰপাতৰ অনুমতি। 

ন্যায়ালয়ৰ খণ্ডপীঠে কয় যে অতীতত ছোৱালীবোৰে ১৪-১৫  বছৰ বয়সত বিবাহপাশত আৱদ্ধ হৈছিল আৰু ১৭বছৰ বয়সত মাতৃ হৈছিল।  গুজৰাট উচ্চ ন্যায়ালয়ে অৱশ্যে সমগ্ৰ বিষয়টোৰ শুনানি ১৫ জুনত গ্ৰহণ কৰি এই বিষয়ত সিদ্ধান্ত দিব।  এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে তেওঁৰ ৭ মাহৰ গৰ্ভধাৰণ নিশ্চিত হোৱাৰ পিছত গৰ্ভপাতৰ অনুমতি বিচাৰিছিল।  কিশোৰীগৰাকীৰ  পিতৃয়ে আদালতক জনায় যে সাত মাহ পাৰ হোৱাৰ পিছতহে তেওঁ কন্যাৰ  গৰ্ভধাৰণৰ বিষয়ে জানিছিল।

 তাৰ পিছত তেওঁ ছোৱালীজনীৰ বয়সৰ প্ৰতি লক্ষ্য ৰাখি গৰ্ভপাতৰ অনুমতি  বিচাৰি আদালতত আবেদন দাখিল কৰে।  ন্যায়াধীশ সমীৰ জে ডেভে কয় , "অতীতত ছোৱালীবোৰৰ ১৪-১৫  বছৰ বয়সত বিয়া হোৱাটো স্বাভাৱিক আছিল আৰু ১৭ বছৰ বয়স বা তাৰো আগতে  সন্তান জন্ম দিছিল ... মনুস্মৃতিত সেই কথা  পঢ়িব পাৰিব।" নাবালিকা  ছোৱালীজনীৰ পিতৃৰ  হৈ আদালতত  হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা সিকন্দৰ চৈয়দে আদালতত বিষয়টো সন্দৰ্ভত  আগতীয়া শুনানিৰ বাবে আবেদন  কৰিছিল।  কিয়নো কিশোৰীগৰাকীৰ প্ৰত্যাশিত প্ৰসৱৰ তাৰিখ আছিল ১৮ আগষ্ট।

 অৱশ্যে আদালতে স্পষ্ট কৰি দিয়ে  যে যদি ভ্ৰূণ আৰু ছোৱালীজনী দুয়োৰে অৱস্থা ভাল হয় তেন্তে আদালতে গৰ্ভপাতৰ  অনুমতি নিদিব পাৰে। আদালতে ছোৱালীজনীৰ স্বাস্থ্য পৰীক্ষাৰ নিৰ্দেশ দিয়ে।  আদালতে ৰাজকোটৰ অসামৰিক চিকিৎসালয়ৰ  অধীক্ষকক জৰুৰী ভিত্তিত অসামৰিক চিকিৎসালয়ৰ চিকিৎসকৰ পেনেলৰ জৰিয়তে নাবালিকাগৰাকীৰ  পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে। চিকিৎসকৰ পেনেলে ইয়াৰ প্ৰতিবেদন দাখিল  কৰাৰ পিছতহে আদালতে নাবালিকাগৰাকীৰ পিতৃৰ আবেদনৰ বিষয়ত  সিদ্ধান্ত ল'ব। আদালতে বিষয়টোৰ পৰৱৰ্তী শুনানি ১৫ জুনত নিৰ্ধাৰণ কৰিছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স