--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধৰ্ষণৰ বলি হোৱা এগৰাকী নাবালিকা। নাবালিকাগৰাকী এতিয়া ৭ মাহৰ গৰ্ভৱতী । নাবালিকাগৰাকীৰ গৰ্ভপাতৰ অনুমতি বিচাৰি গুজৰাট উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল তেওঁৰ পিতৃ। কিন্তু আদালতে পোনপটীয়াকৈ নাবালিকাগৰাকীক দিয়া নাই গৰ্ভৰপাতৰ অনুমতি। 

ন্যায়ালয়ৰ খণ্ডপীঠে কয় যে অতীতত ছোৱালীবোৰে ১৪-১৫  বছৰ বয়সত বিবাহপাশত আৱদ্ধ হৈছিল আৰু ১৭বছৰ বয়সত মাতৃ হৈছিল।  গুজৰাট উচ্চ ন্যায়ালয়ে অৱশ্যে সমগ্ৰ বিষয়টোৰ শুনানি ১৫ জুনত গ্ৰহণ কৰি এই বিষয়ত সিদ্ধান্ত দিব।  এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে তেওঁৰ ৭ মাহৰ গৰ্ভধাৰণ নিশ্চিত হোৱাৰ পিছত গৰ্ভপাতৰ অনুমতি বিচাৰিছিল।  কিশোৰীগৰাকীৰ  পিতৃয়ে আদালতক জনায় যে সাত মাহ পাৰ হোৱাৰ পিছতহে তেওঁ কন্যাৰ  গৰ্ভধাৰণৰ বিষয়ে জানিছিল।

 তাৰ পিছত তেওঁ ছোৱালীজনীৰ বয়সৰ প্ৰতি লক্ষ্য ৰাখি গৰ্ভপাতৰ অনুমতি  বিচাৰি আদালতত আবেদন দাখিল কৰে।  ন্যায়াধীশ সমীৰ জে ডেভে কয় , "অতীতত ছোৱালীবোৰৰ ১৪-১৫  বছৰ বয়সত বিয়া হোৱাটো স্বাভাৱিক আছিল আৰু ১৭ বছৰ বয়স বা তাৰো আগতে  সন্তান জন্ম দিছিল ... মনুস্মৃতিত সেই কথা  পঢ়িব পাৰিব।" নাবালিকা  ছোৱালীজনীৰ পিতৃৰ  হৈ আদালতত  হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা সিকন্দৰ চৈয়দে আদালতত বিষয়টো সন্দৰ্ভত  আগতীয়া শুনানিৰ বাবে আবেদন  কৰিছিল।  কিয়নো কিশোৰীগৰাকীৰ প্ৰত্যাশিত প্ৰসৱৰ তাৰিখ আছিল ১৮ আগষ্ট।

 অৱশ্যে আদালতে স্পষ্ট কৰি দিয়ে  যে যদি ভ্ৰূণ আৰু ছোৱালীজনী দুয়োৰে অৱস্থা ভাল হয় তেন্তে আদালতে গৰ্ভপাতৰ  অনুমতি নিদিব পাৰে। আদালতে ছোৱালীজনীৰ স্বাস্থ্য পৰীক্ষাৰ নিৰ্দেশ দিয়ে।  আদালতে ৰাজকোটৰ অসামৰিক চিকিৎসালয়ৰ  অধীক্ষকক জৰুৰী ভিত্তিত অসামৰিক চিকিৎসালয়ৰ চিকিৎসকৰ পেনেলৰ জৰিয়তে নাবালিকাগৰাকীৰ  পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে। চিকিৎসকৰ পেনেলে ইয়াৰ প্ৰতিবেদন দাখিল  কৰাৰ পিছতহে আদালতে নাবালিকাগৰাকীৰ পিতৃৰ আবেদনৰ বিষয়ত  সিদ্ধান্ত ল'ব। আদালতে বিষয়টোৰ পৰৱৰ্তী শুনানি ১৫ জুনত নিৰ্ধাৰণ কৰিছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস