--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাৰা টেণ্ডুলকাৰ আহমেদাবাদলৈ গৈছে। আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বিশ্বকাপৰ ফাইনেল। সেই ভাৰত বনাম অষ্ট্ৰেলিয়াৰ খেলখন চাবলৈ গৈ আছে। ইয়াৰ পূৰ্বে ভাৰতৰ কেইবাখনো মেচত তেওঁক খেলপথাৰত দেখা গৈছিল। দেওবাৰেও ছাৰাক ৰোহিত শৰ্মা আৰু শুবমান গিলৰ হৈ উল্লাস কৰা দেখা যাব।

ইনষ্টাগ্ৰামত ছাৰাৰ নিজা একাউণ্ট আছে যদিও টুইটাৰত (এতিয়া এক্স) আচলতে আছে নে নাই সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে। কিন্তু এক্সত ছাৰাৰ নামত কেইবাটাও ভুৱা একাউণ্ট আছে। তাৰ পৰা শুবমানক লৈ মাজে মাজে পোষ্ট কৰা হয়।

ভাৰত-নিউজিলেণ্ডৰ ছেমি ফাইনেল মুম্বাইত হৈছিল। সেই মেচখনত ছাৰাও গেলেৰীত উপস্থিত আছিল। শ্বুবমেনে বাউণ্ডেৰীত খুন্দা মাৰিলে ছাৰাক আনন্দত জপিয়াই পৰা দেখা যায়। শনিবাৰে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ পোষ্ট কৰিলে শচীন-কন্যাই। তাতেই তেওঁক বিমানত উঠি থকা দেখা গৈছিল। ছাৰাই লিখিছে যে তাই আহমেদাবাদলৈ যাব।

ছ’চিয়েল মিডিয়াত ছাৰা আৰু শুবমানৰ সম্পৰ্কত থকা বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। মুম্বাইৰ এক অনুষ্ঠানতো দুয়োকে একেলগে দেখা গৈছিল। অৱশ্যে শুবমান বা ছাৰাই এই সম্পৰ্ক স্বীকাৰ নকৰিলে। কিন্তু যেতিয়া শুবমান ভাৰতৰ বিভিন্ন খেলপথাৰত খেলিবলৈ নামি আহিছিল তেতিয়া দৰ্শকে চাৰাৰ নাম চিঞৰিছিল। মুম্বাইৰ দৰ্শকে শুবমানক "হামাৰী ভাভি কয়াছি হো, চাৰা ভাভি জয়ী হো" বুলি চিঞৰা শুনা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত দুর্লভ প্ৰজাতিৰ মাছ অৱিষ্কাৰ
বিজেপিৰে একত্ৰীকৰণ আপৰ পদত্যাগী ৭ সাংসদক
’২৫ চনত বিশ্বৰ সামৰিক ব্যয় ২.৯% বৃদ্ধি
শিক্ষা বিভাগৰ সমৱেশৰ ঠিকাত গুৰুতৰ অনিয়মৰ অভিযোগ,৭০% পলিয়েষ্টাৰৰ ইউনিফর্মে গৰমত দহিব কণ কণ শিক্ষার্থীক
ধনৰ অভাৱত বাতিল নিবিদা; ২৮ এপ্রিলত ১০০০ কোটিৰ ঋণ ল’ব অসম চৰকাৰে
আমেৰিকা-ইৰানৰ যুদ্ধক লৈ ৰাষ্ট্ৰসংঘৰ আশংকা; দাৰিদ্র্য সীমাৰেখাৰ তললৈ যাব বিশ্বৰ ৩ কোটি লোক
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ