--°C
Loading...
Listen to Article
2 min read
80%

লেখিকা, অধ্যাপক, জুৰি বৰুৱা বিশেষ লেখা : হৈ হাল্লা, কাউণ্টাৰত টিকটৰ বাবে শাৰী, কুলিৰ চিঞৰ, ৰেলৰ উকি, মাইক্ৰোফোনত পলমকৈ প্লেটফৰ্ম পোৱা ট্ৰেইনৰ নাম আৰু নম্বৰ, তাৰ মাজতেই হৰেক ৰকমৰ মানুহৰ অহা যোৱা, হেঁচা ঠেলা, উতলি থকা চাহৰ ভাপত মাজে মাজে থমকা খোজ- হয়তো এয়াই এটা প্লেটফৰ্মৰ দৈনন্দিন। কিন্তু চাচাৰাম ৰেল জংচন কিছু হটকে, কিছু পৃথক। বিহাৰৰ ৰৌহটাচ জিলাৰ এটা ৰেল জংচন চাচাৰাম।

আৰু পঢ়ক : দিনত কটনত পঢ়া-শুনা, নিশা ফুড ডেলিভাৰী কাম, মহানগৰীত কিদৰে চলিছে চন্দ্ৰৰ সংগ্ৰাম?


ৰাতিপুৱা আৰু সন্ধিয়া দুঘণ্টাৰ বাবে, ৰে'ল ষ্টেচনৰ ১ আৰু ২ নং দুয়োটা প্লেট ভাৰতীয় প্ৰশাসনীয় সেৱাৰ যুৱ প্ৰাৰ্থীসকলৰ বাবে এক #coachingclass লৈ পৰিণত হয় । ভাৰতীয় প্ৰশাসনিক সেৱা, ৰাজ্যিক অসামৰিক সেৱা, একাধিক বেংক পৰীক্ষা, আনকি আইআইটি আৰু আইআইএমৰ প্ৰৱেশ পৰীক্ষাৰ বাবেও প্ৰস্তুতি চলে প্লেটফৰ্মতে। ২০০২-০৩ চনত আৰম্ভ হৈছিল প্লেটফৰ্মতে অধ্যয়নৰ এই যাত্ৰা। ছাত্ৰ-ছাত্ৰীৰ একোটা সৰু গোটে অধ্যয়ন কৰিবলৈ আহি বহিছিল চাচাৰাম ৰেল জংচনত। শুনি আচৰিত পাব, এতিয়া চাচাৰাম ৰেল জংচনৰ অধ্যয়ন গোটবোৰক এটা প্ৰতিষ্ঠানৰ সৈতে ৰিজাব পাৰি ।


উল্লেখ্যযোগ্য যে এওঁলোকৰ মাজৰ পৰা যিসকল সফল হৈছে, আনকি যিসকলে বহু বছৰৰ পাছতো সাফল্যৰ মুখ দেখা নাই - তেওঁলোকৰ তত্বাৱধানতে প্লেটফৰ্মত চলে প্ৰশিক্ষণ। বছৰ বছৰ ধৰি চলি অহা এই প্ৰক্ৰিয়াই আজিৰ তাৰিখত এক নিৰৱ আন্দোলন । ইয়াৰ মুখ্য কাৰণটো হ'ল চাচাৰাম ষ্টেচনত ২৪ ঘণ্টাই থাকে বিদ্যুত সেৱা। ইয়াত পঢ়িবলৈ অহা বেছিভাগ ল'ৰা ছোৱালী বাওঁপন্থী বিদ্ৰোহৰ দ্বাৰা ক্ষতিগ্ৰস্ত বিহাৰৰ জিলা ৰৌহটাচৰ। বহুতো গাঁৱত এতিয়াও বিদ্যুৎ নাই অথবা বিদ্যুত কেৱল মাজে সময়ে থাকে। দাৰিদ্ৰ আৰু সংগ্ৰামৰ মাজত চৰকাৰী চাকৰি এটাই এওঁলোকৰ বাবে জীৱনৰ শেষ লক্ষ্য । আৰু তাৰ বাবে ভালদৰে জ্বলা ষ্টেচনৰ লেম্প-পোষ্টৰ পোহৰত ধৰা পৰা মজিয়াই হৈ পৰে পঢ়া টেবুল। কোনো সন্দেহ নাই, অভাৱত ৰৈ নোযোৱাকৈ বিকল্পৰ সন্ধান কৰি জীৱনৰ একোটা অৰ্থ বিচাৰি লোৱাত এই জংচনটোৱে এক অভিভাৱকৰ ভূমিকা পালন কৰি আহিছে।

তদুপৰি ইয়াত পঢ়িবলৈ অহা ল'ৰাবোৰক প্ৰতিদিনে ৫০০ পৰিচয় পত্ৰ জাৰি কৰিছে যাতে তেওঁলোকে মুক্তভাৱে প্লেটফৰ্মৰ ভিতৰলৈ আহ-যাহ কৰিব পাৰে। তাৰেই ফলত প্লেটফৰ্মটো অস্থায়ী অথচ মুকলি শ্ৰেণীকোঠালৈ ৰূপান্তৰিত হৈছে। শুনিলে আচৰিত লাগে যে কিছুমান ল'ৰা একেবাৰে ঘৰলৈ নাযায়, আনকি পঢ়াৰ শেষত প্লেটফৰ্মেই তেওঁলোকৰ বহুতৰ বাবে হৈ উঠে বিলাসী বিছনা। কেৱল লিখিত পৰীক্ষাৰ বাবেই নহয়, আনকি সাক্ষাৎকাৰৰ বাবেও প্লেটফৰ্মটো ম'ক ইন্টাৰভিউৰ দৰে আখৰাস্থলী। অসমত যিসময়ত চৰকাৰী চাকৰি, বিশেষকৈ প্ৰশাসনিক সেৱাক এচামে অহৰহ অদৰকাৰী লক্ষ্য বুলি জোৰকৈয়ে মত পোষণ কৰে, সেই সময়তে চাচাৰাম ৰেল জংচনে সোঁৱৰাই দিয়ে অন্য একধৰণৰ যুদ্ধক্ষেত্ৰলৈ। দৰিদ্ৰতা আৰু দুৰ্যোগৰ মাজৰ পৰা উঠি আহি নিজৰ পৰিচয় গঢ়া যুদ্ধক্ষেত্ৰলৈ। ইয়াৰ কাৰণ বুজিবলৈ চেষ্টা কৰাটোৱো একধৰণৰ পৰীক্ষাৰ বাবে কৰা মানসিক প্ৰস্তুতিয়ে নহয় জানো ?


সৌজন্যঃ ৰমেশ সিনহা
সাগৰ শ্ৰীবাস্তৱ অদিতি গাৰ্গ

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
অসম কন্যা নিয়ৰ পাৰিজাতলৈ শ্রেষ্ঠ মহিলা যুঁজাৰুৰ সন্মান
সীমান্তস্তম্ভ ধ্বংসৰে ভূমি দখলৰ অপচেষ্টা খাছি দুর্বৃত্তৰ
ফিডে মহিলা দবা বিশ্বকাপৰ খিতাপ দখল দিব্যা দেশমুখৰ
নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড বাতিলৰ দাবী গ্ৰেণ্ড মুফতি কাৰ্যালয়ৰ
অপাৰেচন মহাদেৱৰ সাফল্য ; ভাৰতীয় সেনাৰ আক্ৰমণত নিহত পেহেলগাম কাণ্ডত জড়িত ৩ সন্ত্রাসবাদী
কৃত্ৰিম বুদ্ধিমত্তাৰ উত্থানত সংকটত চাকৰি; জটিল সমাজ ব্যৱস্থাত নতুন চিন্তা
ৰে’লৰ পৰা কম্বল, আঠুৱা, টাৱেল চুৰি কৰিলে ৫ বছৰ পৰ্যন্ত জে'ল! নিয়ম জানি লওক
মাটি খান্দোতে মুছলমানৰ ঘৰত ওলাল শিৱলিংগ! মন্দিৰৰ বাবে মাটি দান কৰিলে মুছলমান পৰিয়ালটোৱে