--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাৰ্লে-ডেভিডচন। নামটোৰেই আছে এক সুকীয়া পৰিচয়। এই কোম্পানীৰ দ্বাৰা নিৰ্মাণ কৰা মটৰচাইকেলবোৰ ইমান প্ৰিয় যে বাইক-প্ৰেমীসকলে ইয়াৰ বাবে লাখ লাখ টকা খৰচ কৰে।

শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ লাছ ভেগাছত মেকম নিলাম নামেৰে এটা নিলাম অনুষ্ঠান হৈ যায়। তাত প্ৰথম বিশ্বযুদ্ধৰ আগতে নিৰ্মাণ কৰা এখন হাৰ্লে-ডেভিডছন বাইক নিলাম কৰা হয়। ১১৫ বছৰ পুৰণি এই মটৰচাইকেলখন চাবলৈকে বহুলোক তাত সমবেত হৈছিল।

শতিকা পুৰণি মটৰচাইকেলখনৰ নাম হাৰ্লে-ডেভিডচন ষ্ট্ৰেপ টেংক। মটৰচাইকেলখন কোম্পানীটোৱে ১৯০৮ চনত নিৰ্মাণ কৰিছিল। ইয়াৰ উপৰিও, সেই সময়ত হাৰ্লে-ডেভিডছনে আন ৪০৮ খন মটৰচাইকেল নিৰ্মাণ কৰিছিল। অৱশ্যে, বৰ্তমান মাত্ৰ কেইখনমান মটৰচাইকেলহে বিদ্যমান। আশ্চৰ্যজনকভাৱে, এই মটৰচাইকেলখন ১১৫ বছৰৰো অধিক সময় ধৰি অক্ষত অৱস্থাত আছে।

এই মটৰচাইকেলখনৰ নাম হাৰ্লে-ডেভিডচন ষ্ট্ৰেপ টেংক। ইয়াৰ ইন্ধন টেংকটো প্ৰকৃত নিকেল স্ট্ৰেপৰ সৈতে বাইকখনৰ ফ্ৰেমত বন্ধা। সেই সময়ত কোম্পানীটোৱে এই মটৰচাইকেলখন অভিলেখ পৰিমাণত বিক্ৰী কৰিছিল।

আন এটা আচৰিত কথা হ’ল যে এই ষ্ট্ৰেপ টেংক মটৰচাইকেলখন ১৯৪১ চনত ডেভিদ ৱিহেলিন নামৰ এজন ব্যক্তিয়ে উইচকনচিনৰ এটা শস্যভঁৰালত বিচাৰি পাইছিল। তেওঁ ইয়াক পৰৱৰ্তী ৬৬ বছৰ ধৰি নিজৰ ঘৰত যত্নত ৰাখিছিল।

তেতিয়া ইণ্ডিয়ানাৰ পল ফ্ৰীহিল নামৰ এজন ব্যক্তিয়ে মটৰচাইকেলখন উদ্ধাৰ কৰিবলৈ তেওঁৰ সৈতে যোগাযোগ কৰিছিল। মেকাম নিলামত এই মটৰচাইকেলখনৰ মূল্য হয়গৈ ভাৰতীয় মুদ্ৰাত ৭.৭ কোটি টকা।

এই ভিণ্টেজ মটৰচাইকেলৰ একাধিক অংশ যেনে চকা, টেংক, ইঞ্জিন, চিট কভাৰ আৰু মাফলাৰ স্লিভ সংৰক্ষণ কৰা হৈছে। নিলাম আয়োজকসকলৰ মতে সেই সময়ত এই বাইকখনৰ একাধিক মডেল তৈয়াৰ কৰা হৈছিল। স্ট্ৰেপ টেংকৰ খুব কম মডেল বৰ্তমান অক্ষত হৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ