--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাচীন কালতো মানুহে খাদ্য ভালে ৰাখিবলৈ ফ্ৰিজৰ ব্যৱহাৰ কৰিছিল! আপাততঃ তেনে কথাই এতিয়া প্ৰমাণ হৈছে৷ অৱশ্যে আজিৰ দিনৰ ফ্ৰিজৰ দৰে পূৰ্বৰ ফ্ৰিজসমূহ নাছিল৷ সেই সময়ত নানান ধৰণে খাদ্য শীতল কৰি ৰখাৰ ব্যৱস্থা কৰিছিল৷ আধুনিক ফ্ৰিজৰ আৱিষ্কাৰ অৱশ্যে বিশ্বত বহু পিছতহে হৈছিল৷ শেহতীয়াকৈ প্ৰত্নতাত্ত্বিকসকলে দক্ষিণ ইৰাকত খনন চলাই প্ৰায় ৫,০০০ বছৰ পুৰণি  ফ্ৰিজ সদৃশ যন্ত্ৰ উদ্ধাৰ কৰিছে৷ 

আমেৰিকাৰ লগতে  ইটালীৰ এটা পুৰাতাত্বিকৰ  দলে দত্ক্ষিণ ইৰাকৰ নাছিৰিয়াৰ উত্তৰ-পূবত থকা প্ৰাচীন লাগাছৰ ধ্বংসাৱশেষত  আৱিষ্কাৰ কৰে এই ফ্ৰীজ সদৃশ যন্তৰটো । প্ৰাচীন ইৰাকৰ চুমেৰিয়ান সভ্যতাৰ প্ৰাচীনতম নগৰীয় কেন্দ্ৰ হিচাপে পৰিচিত চহৰ  আল-হিবাত  এই আৱষ্কাৰ কৰা হৈছে৷  গৱেষকসকলে সেই স্থানত এখন  মুকলি চোতাল বিচাৰি পাইছে,  যি খন চোতাল  খাদ্য গ্ৰহণৰ স্থান হিচাবে  ব্যৱহাৰ কৰা হৈছিল। তাত  লগতে বেঞ্চ, এটা অভেন, প্ৰাচীন খাদ্যৰ ধ্বংসাৱশেষ, আৰু ৫,০০০ বছৰ পুৰণি আৰ্দ্ৰতা-ৰক্ষা কৰিব  খাদ্য শীতলীকৰণ   যন্ত্ৰৰ পোৱা গৈছে। সেই যন্ত্ৰক  'আধুনিক দিনৰ ফ্ৰিজ'ৰ সৈতে তুলনা কৰিব পাৰি বুলি গৱেষকৰ দলটোৱে কৈছে। 

প্ৰকল্প পৰিচালক হলী পিটমেনে কয় " আমি ৰেফ্ৰিজেৰেটৰ এটা  পাইছো, আমি পৰিৱেশন কৰিবলৈ সাজু শ শ ভেড়া ছাগলীৰ অৱশিষ্টও  পাইছো, মানুহে বহিব পৰা বেঞ্চ, আৰু ৰেফ্ৰিজেৰেটৰৰ পিছফালে এটা অভেন পাইছো যাক ব্যৱহাৰ কৰা হৈছিল খাদ্য ৰন্ধাৰ বাবে।"

 গৱেষকগৰাকীয় কয় যে সুমেৰিয়ানসকলে হয়তো সেই স্থান ডোখৰক বাৰ হিচাবেও ব্যৱহাৰ কৰিছিল।  তেওঁ লগতে কয় যে অঞ্চলটোত খনন কৰা এটা মন্দিৰত এটা বিয়েৰৰ বটল  পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ