--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাচীন কালতো মানুহে খাদ্য ভালে ৰাখিবলৈ ফ্ৰিজৰ ব্যৱহাৰ কৰিছিল! আপাততঃ তেনে কথাই এতিয়া প্ৰমাণ হৈছে৷ অৱশ্যে আজিৰ দিনৰ ফ্ৰিজৰ দৰে পূৰ্বৰ ফ্ৰিজসমূহ নাছিল৷ সেই সময়ত নানান ধৰণে খাদ্য শীতল কৰি ৰখাৰ ব্যৱস্থা কৰিছিল৷ আধুনিক ফ্ৰিজৰ আৱিষ্কাৰ অৱশ্যে বিশ্বত বহু পিছতহে হৈছিল৷ শেহতীয়াকৈ প্ৰত্নতাত্ত্বিকসকলে দক্ষিণ ইৰাকত খনন চলাই প্ৰায় ৫,০০০ বছৰ পুৰণি  ফ্ৰিজ সদৃশ যন্ত্ৰ উদ্ধাৰ কৰিছে৷ 

আমেৰিকাৰ লগতে  ইটালীৰ এটা পুৰাতাত্বিকৰ  দলে দত্ক্ষিণ ইৰাকৰ নাছিৰিয়াৰ উত্তৰ-পূবত থকা প্ৰাচীন লাগাছৰ ধ্বংসাৱশেষত  আৱিষ্কাৰ কৰে এই ফ্ৰীজ সদৃশ যন্তৰটো । প্ৰাচীন ইৰাকৰ চুমেৰিয়ান সভ্যতাৰ প্ৰাচীনতম নগৰীয় কেন্দ্ৰ হিচাপে পৰিচিত চহৰ  আল-হিবাত  এই আৱষ্কাৰ কৰা হৈছে৷  গৱেষকসকলে সেই স্থানত এখন  মুকলি চোতাল বিচাৰি পাইছে,  যি খন চোতাল  খাদ্য গ্ৰহণৰ স্থান হিচাবে  ব্যৱহাৰ কৰা হৈছিল। তাত  লগতে বেঞ্চ, এটা অভেন, প্ৰাচীন খাদ্যৰ ধ্বংসাৱশেষ, আৰু ৫,০০০ বছৰ পুৰণি আৰ্দ্ৰতা-ৰক্ষা কৰিব  খাদ্য শীতলীকৰণ   যন্ত্ৰৰ পোৱা গৈছে। সেই যন্ত্ৰক  'আধুনিক দিনৰ ফ্ৰিজ'ৰ সৈতে তুলনা কৰিব পাৰি বুলি গৱেষকৰ দলটোৱে কৈছে। 

প্ৰকল্প পৰিচালক হলী পিটমেনে কয় " আমি ৰেফ্ৰিজেৰেটৰ এটা  পাইছো, আমি পৰিৱেশন কৰিবলৈ সাজু শ শ ভেড়া ছাগলীৰ অৱশিষ্টও  পাইছো, মানুহে বহিব পৰা বেঞ্চ, আৰু ৰেফ্ৰিজেৰেটৰৰ পিছফালে এটা অভেন পাইছো যাক ব্যৱহাৰ কৰা হৈছিল খাদ্য ৰন্ধাৰ বাবে।"

 গৱেষকগৰাকীয় কয় যে সুমেৰিয়ানসকলে হয়তো সেই স্থান ডোখৰক বাৰ হিচাবেও ব্যৱহাৰ কৰিছিল।  তেওঁ লগতে কয় যে অঞ্চলটোত খনন কৰা এটা মন্দিৰত এটা বিয়েৰৰ বটল  পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ