--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাদামী চুলি। নীলা দুচকু। পাতল গোলাপী ওঁঠ। মাখনতকৈও মসৃণ শৰীৰ। ৩০ বছৰীয়া নেনী হামণ্ডৰ ৰূপ-সৌন্দৰ্যৰ তুলনা নাই৷ কিন্তু নেনী পেছাত মডেল বা অভিনেত্ৰীও নহয়, কেব চালকহে।

শেহতীয়াকৈ তেওঁ তিনি কোটি টকা খৰচ কৰি প্লাষ্টিক চাৰ্জাৰী কৰিছে। তেতিয়াৰ পৰাই তেওঁক দেখিবলৈ পুতলাৰ দৰে লাগিছে। তাৰপাছতে নেনীয়ে এনে এটা পেছাত যোগদান কৰাৰ সিদ্ধান্ত লয় যিটো বৃত্তিত সাধাৰণতে মহিলাৰ ভিৰ কম। তেওঁ নিজৰ গাড়ী চলোৱাৰ দক্ষতাক সদ্ব্যৱহাৰ কৰিবলৈ ধৰিলে।

নেনীয়ে কেব কোম্পানী এটাৰ লগত যোগাযোগ কৰিলে। কেইদিনমানৰ ভিতৰতে তেওঁ কামত যোগ দিলে। তেতিয়াৰ পৰাই সকলোৱে তেওঁৰ কেবত উঠিব বিচাৰে। নেনীৰ ৰূপত পুৰুষ-মহিলা উভয়ে মুগ্ধ হৈ পৰে।

এবাৰ এজন পুৰুষ যাত্ৰীয়ে নেনীৰ গাড়ীত উঠিলে আৰু নামিবলৈ ইচ্ছা কৰা নাছিল। পুলিচৰ সহায়তহে যাত্ৰীজনক নমোৱা হৈছিল৷

কেইমাহমান আগতে নেনীৰ বিবাহ বিচ্ছেদ হৈছিল। সম্পৰ্কৰ সময়ছোৱাত নেনীয়ে স্বামীৰ গাড়ীখন কেব হিচাপে চলাইছিল। কিন্তু সম্পৰ্ক বিচ্ছিন্ন হোৱাৰ পিছত তেওঁ এটা কোম্পানীৰ গাড়ী চলাই আহিছে৷ কিছুদিন পূৰ্বে তেওঁ আটাইতকৈ জনপ্ৰিয় কেব চালকৰ স্বীকৃতিও লাভ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস