--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰিটেইনৰ নতুন ৰজা চাৰ্লছৰ ৰাজ অভিষেকৰ সময়তে প্ৰতিবাদত উত্তাল হৈ পৰিছে দেশখন৷  ‘ৰিপাব্লিক’ নামৰ এটা সংগঠনে আয়োজন কৰা প্ৰতিবাদটোৰ সৈতে জড়িত ছয়জন লোকক বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰা হৈছে৷ কিন্তু কিয় কৰা হৈছে এই প্ৰতিবাদ?

১৯৮৩ চনত ‘ৰিপাব্লিক’ সংগঠনটো গঠন কৰা হয়৷ ২০০৬ চনত আনুষ্ঠানিকভাৱে ইয়াক প্ৰতিষ্ঠা কৰা হয়৷ ইয়াৰ উদ্দেশ্য হৈছে ব্ৰিটেইনৰ পৰা ৰাজতন্ত্ৰ বিলুপ্তি কৰা। তেওঁলোকে বিচাৰে যে ৰজাৰ সলনি এজন ৰাষ্ট্ৰপতি নিযুক্ত কৰা হওক৷

বছৰৰ পিছত বছৰ ধৰি ৰিপাব্লিকৰ সদস্য সংখ্যা বৃদ্ধি পাইছে। এক প্ৰতিবেদন অনুসৰি ২০১০ চনত কেথেৰিন ‘কেট’ মিডলটনৰ সৈতে ৰাজকুমাৰ উইলিয়ামৰ এংগেজমেণ্টৰ ঘোষণা আৰু ২০১২ চনত দ্বিতীয় এলিজাবেথৰ হীৰক জয়ন্তীৰ সময়ত গোটটোৰ সমৰ্থনৰ ভিত্তি ৯ হাজাৰৰ পৰা ৩০ হাজাৰলৈ বৃদ্ধি পাইছে। ২০১৫ চনলৈকে এই সংখ্যা ৩৫,০০০ অনলাইন সমৰ্থকলৈ বৃদ্ধি পায়।

‘ৰিপাব্লিক’-এ যুক্তি দিয়ে যে বংশগত ৰাজতন্ত্ৰৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা চলিত ব্যৱস্থাটো গণতন্ত্ৰৰ বিপৰীত। গোটটোৱে নিজৰ ৱেবছাইটত প্ৰকাশ কৰা এক বিবৃতিত কয় যে- “যিহেতু আমি ৰজা চাৰ্লছ আৰু তেওঁৰ পৰিয়ালক বেলট বাকচত জবাবদিহি কৰিব নোৱাৰো, সেয়েহে তেওঁলোকে নিজৰ বিশেষাধিকাৰৰ অপব্যৱহাৰ, প্ৰভাৱৰ অপব্যৱহাৰ বা আমাৰ ধন অপচয় কৰাত আমি বাধা দিব পৰাকৈ একো নাই।”

শেহতীয়াকৈ শনিবাৰে ৰাজ অভিষেকৰ সময়ত  প্ৰায় ২০০০ জন প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ লোৱা হৈছে৷ তেওঁলোকে “নট মাই কিং” বুলি লিখা প্লেকাৰ্ড আৰু টি চাৰ্ট প্ৰদৰ্শন কৰিব৷

‘ৰিপাব্লিক’ সংগঠনটোৰ নেতা হৈছে গ্ৰেহাম স্মিথ। ২০০৫ চনৰ মাজভাগৰ পৰা সংগঠনটোৰ সৈতে জড়িত হৈ আহিছে গ্ৰাহাম। ইতিমধ্যে তেওঁক প্ৰতিবাদস্থলীতে আটক কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন