--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰিটেইনৰ নতুন ৰজা চাৰ্লছৰ ৰাজ অভিষেকৰ সময়তে প্ৰতিবাদত উত্তাল হৈ পৰিছে দেশখন৷  ‘ৰিপাব্লিক’ নামৰ এটা সংগঠনে আয়োজন কৰা প্ৰতিবাদটোৰ সৈতে জড়িত ছয়জন লোকক বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰা হৈছে৷ কিন্তু কিয় কৰা হৈছে এই প্ৰতিবাদ?

১৯৮৩ চনত ‘ৰিপাব্লিক’ সংগঠনটো গঠন কৰা হয়৷ ২০০৬ চনত আনুষ্ঠানিকভাৱে ইয়াক প্ৰতিষ্ঠা কৰা হয়৷ ইয়াৰ উদ্দেশ্য হৈছে ব্ৰিটেইনৰ পৰা ৰাজতন্ত্ৰ বিলুপ্তি কৰা। তেওঁলোকে বিচাৰে যে ৰজাৰ সলনি এজন ৰাষ্ট্ৰপতি নিযুক্ত কৰা হওক৷

বছৰৰ পিছত বছৰ ধৰি ৰিপাব্লিকৰ সদস্য সংখ্যা বৃদ্ধি পাইছে। এক প্ৰতিবেদন অনুসৰি ২০১০ চনত কেথেৰিন ‘কেট’ মিডলটনৰ সৈতে ৰাজকুমাৰ উইলিয়ামৰ এংগেজমেণ্টৰ ঘোষণা আৰু ২০১২ চনত দ্বিতীয় এলিজাবেথৰ হীৰক জয়ন্তীৰ সময়ত গোটটোৰ সমৰ্থনৰ ভিত্তি ৯ হাজাৰৰ পৰা ৩০ হাজাৰলৈ বৃদ্ধি পাইছে। ২০১৫ চনলৈকে এই সংখ্যা ৩৫,০০০ অনলাইন সমৰ্থকলৈ বৃদ্ধি পায়।

‘ৰিপাব্লিক’-এ যুক্তি দিয়ে যে বংশগত ৰাজতন্ত্ৰৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা চলিত ব্যৱস্থাটো গণতন্ত্ৰৰ বিপৰীত। গোটটোৱে নিজৰ ৱেবছাইটত প্ৰকাশ কৰা এক বিবৃতিত কয় যে- “যিহেতু আমি ৰজা চাৰ্লছ আৰু তেওঁৰ পৰিয়ালক বেলট বাকচত জবাবদিহি কৰিব নোৱাৰো, সেয়েহে তেওঁলোকে নিজৰ বিশেষাধিকাৰৰ অপব্যৱহাৰ, প্ৰভাৱৰ অপব্যৱহাৰ বা আমাৰ ধন অপচয় কৰাত আমি বাধা দিব পৰাকৈ একো নাই।”

শেহতীয়াকৈ শনিবাৰে ৰাজ অভিষেকৰ সময়ত  প্ৰায় ২০০০ জন প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ লোৱা হৈছে৷ তেওঁলোকে “নট মাই কিং” বুলি লিখা প্লেকাৰ্ড আৰু টি চাৰ্ট প্ৰদৰ্শন কৰিব৷

‘ৰিপাব্লিক’ সংগঠনটোৰ নেতা হৈছে গ্ৰেহাম স্মিথ। ২০০৫ চনৰ মাজভাগৰ পৰা সংগঠনটোৰ সৈতে জড়িত হৈ আহিছে গ্ৰাহাম। ইতিমধ্যে তেওঁক প্ৰতিবাদস্থলীতে আটক কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস