--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰু নাই কৰ’না মহামাৰী! আতংকৰ পৰা মুক্ত হৈছে বিশ্ব। কোভিড-১৯ৰ বাবে এতিয়া বিশ্বব্যাপী জৰুৰীকালীন স্বাস্থ্য ব্যৱস্থাৰ প্ৰয়োজন নাই। বৰ্তমান এই মহামাৰী অন্তিম পৰ্যায়ত আছে। বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰিছে এই কথা।

বৃহস্পতিবাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰীকালীন সমিতিৰ বৈঠক অনুষ্ঠিত হয়। ৰাষ্ট্ৰসংঘই  জনস্বাস্থ্য জৰুৰীকালীন অৱস্থাৰ অৱসান ঘোষণা কৰাৰ পৰামৰ্শ আগবঢ়াইছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ অধানম গেব্ৰিয়াছুছে কয়- ''কোভিড-১৯ক এতিয়া বিশ্ব স্বাস্থ্য জৰুৰীকালীন অৱস্থা বুলি গণ্য কৰাৰ প্ৰয়োজন নাই। কিন্তু জৰুৰীকালীন অৱস্থাৰ অন্ত পৰাৰ অৰ্থ এইটো নহয় যে কোভিড-১৯ আশংকা সম্পূৰ্ণৰূপে শেষ হৈছে। আজিও বিশ্বৰ মানুহৰ বাবে ই এক স্বাস্থ্যজনিত সমস্যা।’’

বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰীকালীন সমিতিৰ মুৰব্বীগৰাকীয়ে কয়- ''কোভিড-১৯ৰ বাবে সৰ্বোচ্চ সতৰ্কতা জাৰি কৰা হৈছিল তিনি বছৰতকৈও অধিক পূৰ্বে ২০২০ চনৰ ৩০ জানুৱাৰীত। কাৰণ বিশ্বত কোভিড সংক্ৰমণ দ্ৰুতগতিত বিয়পি পৰিছিল। কোভিড-১৯ বিৰুদ্ধে যুঁজিবলৈ ভেকচিন আৰু চিকিৎসা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন কৰা হৈছে।’’

বিশ্ব স্বাস্থ্য সংস্থাই কয় যে কোভিড-১৯য়ে বিশ্বক সলনি কৰি পেলাইছে। ইয়াৰ পৰা ভৱিষ্যত প্ৰজন্মই শিকিব লাগিব। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ২০২১ চনৰ জানুৱাৰী মাহত প্ৰতি সপ্তাহত মৃত্যুৰ হাৰ আছিল ১ লাখ। বৰ্তমান প্ৰতি সপ্তাহত মৃত্যুৰ সংখ্যা ৩৫০০ৰ অলপ বেছি।

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি বিশ্বৰ বহু দেশে এই মহামাৰীৰ লগত খাপ খুৱাবলৈ আৰম্ভ কৰিছে। বহু দেশে জৰুৰীকালীন স্বাস্থ্য ব্যৱস্থা প্ৰত্যাহাৰ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস