--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জাৰ্মানীৰ হামবুৰ্গ বিমানবন্দৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।   নিৰাপত্তাৰক্ষীৰ বাধা উপেক্ষা কৰি এজন লোকে তেওঁৰ  গাড়ীখন বিমানবন্দৰৰ ভিতৰত  প্ৰৱেশ কৰোৱায়।কেৱল সেয়াই নহয়, লোকজনে প্তনীয়ে লগতে নিয়া সন্তানকো কাঢ়ি নিয়ে।  যাত্ৰীসকলৰ সুৰক্ষাৰ কথা মনত ৰাখি বিমানবন্দৰটো  সাধাৰণ যাত্ৰীসকলৰ বাবে বন্ধ কৰি দিয়া হৈছে।

 সকলো বিমান অস্থায়ীভাৱে বাতিল কৰা হৈছে। সমগ্ৰ বিমানবন্দৰটো সুৰক্ষা বাহিনীয়ে ঘেৰি  ৰাখিছে। ধাৰণা কৰা অনুসৰি  স্বামী আৰু পত্নীৰ মাজত সন্তান কাৰ হ'ব লাগে তাকে লৈ মতভেদ হৈছিল। সেই সময়ত স্বামীয়ে  তেওঁৰ পত্নীৰ ইচ্ছাৰ বিপৰীতে পুত্ৰক কাঢ়ি লৈ যায়। তেওঁ  হামবুৰ্গ বিমানবন্দৰৰ ভিতৰত আনকি গুলীচালনাও কৰে। জাৰ্মান সংবাদ সংস্থা ডিপিএয়ে জনাইছে যে শনিবাৰে স্থানীয় সময় অনুসৰি নিশা প্ৰায় ৮ বজাত নিৰাপত্তা বেষ্টনী ভাঙি বিমানবন্দৰত লোকজনে  প্ৰৱেশ কৰিছিল। সূত্ৰ অনুসৰি, অভিযুক্তজনে টাৰ্মাক এলেকাত প্ৰৱেশ কৰিছিল য'ত বিমানবোৰ  ৰখাই থোৱা হৈছিল। তেওঁ শূন্যতালৈ দুই ৰাউণ্ড গুলীও চলাইছিল। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ জাৰ্মান আৰক্ষী বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰিছে।

জাৰ্মান আৰক্ষীয়ে কৈছে  যে এগৰাকী মহিলাই তেওঁৰ ৪ বছৰীয়া পুত্ৰৰ অপহৰণৰ বিষয়ে খবৰ দি  ফোন কৰিছিল। তেওঁৰ  পুত্ৰক এখন গাড়ীত "অপহৰণ" কৰিছিল বুলি অভিযোগ কৰা হৈছে। অৱশ্যে, অভিযুক্তজনে কিয় বিমানবন্দৰত প্ৰৱেশ কৰিছিল আৰু হুলস্থূল সৃষ্টি কৰিছিল সেয়া এতিয়াও অজ্ঞাত। জাৰ্মান  আৰক্ষীৰ মুখপাত্ৰ থমাছ জাৰ্বাৰ্টে কৈছে যে পৰিস্থিতি নিয়ন্ত্ৰণত আছে। আৰক্ষী আৰু সুৰক্ষা বাহিনীয়ে বাহনখন ঘেৰি ধৰিছিল। 

অভিযুক্ত ব্যক্তিজনৰ সৈতে এজন মনোবিজ্ঞানীৰ জৰিয়তে কথা পাতি থকা হৈছে। যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে উপযুক্ত পদক্ষেপো লোৱা হৈছে। সকলোকে হামবুৰ্গ বিমানবন্দৰৰ পৰা উলিয়াই অনা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ