--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জাৰ্মানীৰ হামবুৰ্গ বিমানবন্দৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।   নিৰাপত্তাৰক্ষীৰ বাধা উপেক্ষা কৰি এজন লোকে তেওঁৰ  গাড়ীখন বিমানবন্দৰৰ ভিতৰত  প্ৰৱেশ কৰোৱায়।কেৱল সেয়াই নহয়, লোকজনে প্তনীয়ে লগতে নিয়া সন্তানকো কাঢ়ি নিয়ে।  যাত্ৰীসকলৰ সুৰক্ষাৰ কথা মনত ৰাখি বিমানবন্দৰটো  সাধাৰণ যাত্ৰীসকলৰ বাবে বন্ধ কৰি দিয়া হৈছে।

 সকলো বিমান অস্থায়ীভাৱে বাতিল কৰা হৈছে। সমগ্ৰ বিমানবন্দৰটো সুৰক্ষা বাহিনীয়ে ঘেৰি  ৰাখিছে। ধাৰণা কৰা অনুসৰি  স্বামী আৰু পত্নীৰ মাজত সন্তান কাৰ হ'ব লাগে তাকে লৈ মতভেদ হৈছিল। সেই সময়ত স্বামীয়ে  তেওঁৰ পত্নীৰ ইচ্ছাৰ বিপৰীতে পুত্ৰক কাঢ়ি লৈ যায়। তেওঁ  হামবুৰ্গ বিমানবন্দৰৰ ভিতৰত আনকি গুলীচালনাও কৰে। জাৰ্মান সংবাদ সংস্থা ডিপিএয়ে জনাইছে যে শনিবাৰে স্থানীয় সময় অনুসৰি নিশা প্ৰায় ৮ বজাত নিৰাপত্তা বেষ্টনী ভাঙি বিমানবন্দৰত লোকজনে  প্ৰৱেশ কৰিছিল। সূত্ৰ অনুসৰি, অভিযুক্তজনে টাৰ্মাক এলেকাত প্ৰৱেশ কৰিছিল য'ত বিমানবোৰ  ৰখাই থোৱা হৈছিল। তেওঁ শূন্যতালৈ দুই ৰাউণ্ড গুলীও চলাইছিল। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ জাৰ্মান আৰক্ষী বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰিছে।

জাৰ্মান আৰক্ষীয়ে কৈছে  যে এগৰাকী মহিলাই তেওঁৰ ৪ বছৰীয়া পুত্ৰৰ অপহৰণৰ বিষয়ে খবৰ দি  ফোন কৰিছিল। তেওঁৰ  পুত্ৰক এখন গাড়ীত "অপহৰণ" কৰিছিল বুলি অভিযোগ কৰা হৈছে। অৱশ্যে, অভিযুক্তজনে কিয় বিমানবন্দৰত প্ৰৱেশ কৰিছিল আৰু হুলস্থূল সৃষ্টি কৰিছিল সেয়া এতিয়াও অজ্ঞাত। জাৰ্মান  আৰক্ষীৰ মুখপাত্ৰ থমাছ জাৰ্বাৰ্টে কৈছে যে পৰিস্থিতি নিয়ন্ত্ৰণত আছে। আৰক্ষী আৰু সুৰক্ষা বাহিনীয়ে বাহনখন ঘেৰি ধৰিছিল। 

অভিযুক্ত ব্যক্তিজনৰ সৈতে এজন মনোবিজ্ঞানীৰ জৰিয়তে কথা পাতি থকা হৈছে। যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে উপযুক্ত পদক্ষেপো লোৱা হৈছে। সকলোকে হামবুৰ্গ বিমানবন্দৰৰ পৰা উলিয়াই অনা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু