--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এসময়ত ৰে’ল ষ্টেছনত চাহ বিক্ৰী কৰাৰ কথাটোকলৈ বিতৰ্ক অব্যাহত আছে৷ এনে সময়তে ব্ৰিটিছ সাংসদ লৰ্ড কৰণ বিলিমৰিয়াই  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক "পৃথিৱীৰ আটাইতকৈ শক্তিশালী ব্যক্তিসকলৰ মাজৰে এজন" বুলি উল্লেখ কৰিছে৷

মোদীক প্ৰশংসা কৰি বিলিমৰিয়াই কয় "নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ এটা ৰেল ষ্টেচনত তেওঁৰ দেউতাকৰ চাহৰ দোকানত চাহ বিক্ৰী কৰিছিল। আজি তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে এই পৃথিৱীৰ আটাইতকৈ শক্তিশালী ব্যক্তিসকলৰ মাজৰে এজন হৈ পৰিছে,"৷  ব্ৰিটেইনৰ সাংসদ লৰ্ড কৰণ বিলিমৰিয়াই সংসদৰ বিতৰ্কৰ সময়তে এনেদৰে  কয়।তেওঁ কয় "আজি ভাৰতে জি-২০ৰ সভাপতিত্ব কৰিছে। ভাৰতে অহা ২৫ বছৰত ৩২ বিলিয়ন আমেৰিকান ডলাৰৰ জিডিপিৰ সৈতে বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ অৰ্থনীতি হোৱাৰ লক্ষ্য বান্ধি লৈছে ।ভাৰত এতিয়া বিশ্বৰ দ্ৰুততম  বিকাশশীল মুখ্য অৰ্থনীতি। আগন্তুক দশকবোৰত ব্ৰিটেইন ভাৰতৰ নিকটতম আৰু আটাইতকৈ বিশ্বাসী বন্ধু তথা অংশীদাৰ হ'ব লাগিব," ।

'যুক্তৰাজ্য আৰু ভাৰতৰ সৈতে  সম্পৰ্কত  গুৰুত্ব' শীৰ্ষক  বিতৰ্কৰ সময়ত লৰ্ড বিলিমৰিয়াই কয় যে ভাৰতে এতিয়া ব্ৰিটেইনক বহু দিশত  অতিক্ৰম কৰিছে আৰু বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হৈ পৰিছে৷  ভাৰত এতিয়া  ১.৪ বিলিয়ন লোকৰ সৈতে বিশ্বৰ দ্ৰুততম বিকাশশীল বৃহৎ অৰ্থনীতি।

তেওঁ লগতে কয় "৭৫ বছৰৰ গণতন্ত্ৰৰ সৈতে, ই এখন যুৱ দেশ। যোৱা বিত্তীয় বৰ্ষত ইয়াৰ বিকাশৰ হাৰ আছিল ৮.৭  শতাংশ, আৰু ই ১০  টা ইউনিকৰ্ণ কোম্পানীৰ ভিতৰত এটাত অৱদান আগবঢ়াইছে, ১০০ ৰো অধিক ইউনিকৰ্ণৰ সৈতে দেশ খনে  নৱীকৰণযোগ্য শক্তি আৰু সৌৰ শক্তিৰ চতুৰ্থ সৰ্ববৃহৎ উৎপাদক হৈ পৰিছে৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে