--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এসময়ত ৰে’ল ষ্টেছনত চাহ বিক্ৰী কৰাৰ কথাটোকলৈ বিতৰ্ক অব্যাহত আছে৷ এনে সময়তে ব্ৰিটিছ সাংসদ লৰ্ড কৰণ বিলিমৰিয়াই  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক "পৃথিৱীৰ আটাইতকৈ শক্তিশালী ব্যক্তিসকলৰ মাজৰে এজন" বুলি উল্লেখ কৰিছে৷

মোদীক প্ৰশংসা কৰি বিলিমৰিয়াই কয় "নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ এটা ৰেল ষ্টেচনত তেওঁৰ দেউতাকৰ চাহৰ দোকানত চাহ বিক্ৰী কৰিছিল। আজি তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে এই পৃথিৱীৰ আটাইতকৈ শক্তিশালী ব্যক্তিসকলৰ মাজৰে এজন হৈ পৰিছে,"৷  ব্ৰিটেইনৰ সাংসদ লৰ্ড কৰণ বিলিমৰিয়াই সংসদৰ বিতৰ্কৰ সময়তে এনেদৰে  কয়।তেওঁ কয় "আজি ভাৰতে জি-২০ৰ সভাপতিত্ব কৰিছে। ভাৰতে অহা ২৫ বছৰত ৩২ বিলিয়ন আমেৰিকান ডলাৰৰ জিডিপিৰ সৈতে বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ অৰ্থনীতি হোৱাৰ লক্ষ্য বান্ধি লৈছে ।ভাৰত এতিয়া বিশ্বৰ দ্ৰুততম  বিকাশশীল মুখ্য অৰ্থনীতি। আগন্তুক দশকবোৰত ব্ৰিটেইন ভাৰতৰ নিকটতম আৰু আটাইতকৈ বিশ্বাসী বন্ধু তথা অংশীদাৰ হ'ব লাগিব," ।

'যুক্তৰাজ্য আৰু ভাৰতৰ সৈতে  সম্পৰ্কত  গুৰুত্ব' শীৰ্ষক  বিতৰ্কৰ সময়ত লৰ্ড বিলিমৰিয়াই কয় যে ভাৰতে এতিয়া ব্ৰিটেইনক বহু দিশত  অতিক্ৰম কৰিছে আৰু বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হৈ পৰিছে৷  ভাৰত এতিয়া  ১.৪ বিলিয়ন লোকৰ সৈতে বিশ্বৰ দ্ৰুততম বিকাশশীল বৃহৎ অৰ্থনীতি।

তেওঁ লগতে কয় "৭৫ বছৰৰ গণতন্ত্ৰৰ সৈতে, ই এখন যুৱ দেশ। যোৱা বিত্তীয় বৰ্ষত ইয়াৰ বিকাশৰ হাৰ আছিল ৮.৭  শতাংশ, আৰু ই ১০  টা ইউনিকৰ্ণ কোম্পানীৰ ভিতৰত এটাত অৱদান আগবঢ়াইছে, ১০০ ৰো অধিক ইউনিকৰ্ণৰ সৈতে দেশ খনে  নৱীকৰণযোগ্য শক্তি আৰু সৌৰ শক্তিৰ চতুৰ্থ সৰ্ববৃহৎ উৎপাদক হৈ পৰিছে৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ